কোকৰাঝাৰ সদৰ চহৰৰ পাথৰঘাটত মানসিক বিকাৰগ্রস্ত এগৰাকী যুৱতীক মুছলমান সম্প্রদায়ৰ এজন লোকে অপকৰ্ম কৰা ঘটনাক লৈ কোকৰাঝাৰ উত্তপ্ত হৈ পৰে৷ ধুবুৰী জিলাৰ চাপৰ নিৱাসী তথা আছাম এজেঞ্চী নামৰ নির্মাণ সংস্থাৰ মহৰি হিচাপে কোকৰাঝাৰৰ পাথৰঘাটত কর্মৰত ৰফিকুল ইছলাম নামৰ পাষণ্ডটোৱে কালি পুৱা মানসিক বিকাৰগ্রস্ত যুৱতীগৰাকীক অপকৰ্ম কৰিছিল৷
অভিযোগ অনুসৰি ৰাস্তাই–ঘাটে অনাই–বনাই ঘূৰি ফুৰা পিতৃ–মাতৃহীন মানসিক বিকাৰগ্রস্ত যুৱতীগৰাকীক পাষণ্ডটোৱে ফুচুলাই নি নির্মাণ সংস্থাৰ শিবিৰৰ কোঠাত অপকৰ্ম কৰে৷ উক্ত অপকাণ্ডৰ ঘটনা যুৱতীগৰাকীয়ে সম্পর্কীয় মহিলা এগৰাকীক সদৰী কৰাৰ পিছতে ঘটনাটো পোহৰলৈ আহে৷ মহিলাসকলে যুৱতীগৰাকীক লৈ শ্রমিক শিবিৰলৈ আহে আৰু ভুক্তভোগী যুৱতীগৰাকীয়ে অপকাণ্ড কৰা ৰফিকুল ইছলামক চিনাক্ত কৰে৷ তাৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে আৰু অপকাণ্ড সংঘটিত কৰা ৰফিকুল ইছলামক একাংশ মহিলাই লপাথপা দিয়ে৷
লাহে লাহে পৰিৱেশ অধিক উত্তপ্ত হৈ পৰাত খবৰ মর্মে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু অভিযুক্ত ৰফিকুল ইছলামক আটক কৰি থানালৈ লৈ যায়৷ ইপিনে, নির্যাতিত যুৱতীগৰাকীক ন্যায় প্রদান তথা দোষীক ৰাইজৰ হাতত গতাই দিয়াৰ দাবীত শতাধিক পুৰুষ–মহিলাই কোকৰাঝাৰ সদৰ থানা ঘেৰাও কৰে৷ ন্যায় প্রদানৰ দাবীত বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তপ্ত কৰি তোলে৷ আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলে প্রতিবাদকাৰীসকলক বুজনি দিবলৈ চেষ্টা কৰে যদিও বিফল হয়৷ থানা ঘেৰাও কার্যসূচীৰ পিছত প্রতিবাদকাৰীসকলে নিশা পৰ্যন্ত থানাৰ সন্মুখৰ পথৰ ওপৰত বহে আৰু পথ অৱৰোধ কার্যসূচী ৰপায়ণ কৰে৷ নিশা হাজাৰ হাজাৰ লোক ওলাই আহে ৰাজপথলৈ।
প্রতিবাদকাৰীসকলে নিৰ্যাতনকাৰী তথা আছাম এজেঞ্চীৰ পথ নির্মাণৰ কামত নিয়োজিত মহৰি ৰফিকুল ইছলামৰ চৰম শাস্তিৰ দাবী উত্থাপন কৰিছে৷ তদুপৰি ঘটনাৰ স’তে জড়িত পাষণ্ড ৰফিকুল ইছলামক ৰাইজৰ হাতত তুলি দিয়াৰ দাবী তোলে স্থানীয় ৰাইজে৷
ষ্টাফ ৰিপ’ৰ্টাৰ, কোকৰাঝাৰ, ১১ জানুৱাৰী :