নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিন ক্ষেত্ৰত SOP জাৰিৰ পিছতে মুখ্যমন্ত্ৰীলৈ পত্ৰ ৰীতা চৌধুৰীৰ

অগণন মানুহে জুবিনক হঠাতে হেৰুৱাই যি মানসিক কষ্ট পাইছে, তাৰ পৰা আজিলৈকে ওলাব পৰা নাই

ৰাজ্য চৰকাৰে জুবিনক্ষেত্ৰত প্ৰৱেশৰ ক্ষেত্ৰত নতুনকৈ কেইবাটাও নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনা অনুসৰি, পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈকেহে জুবিনক্ষেত্ৰত প্ৰৱেশ কৰিব পাৰিব বুলি ৰাজ্য চৰকাৰে এছঅপি জাৰি কৰিছে। সেই অনুসৰি এই সময়ৰ বাহিৰত কোনো ব্যক্তিয়ে জুবিনক্ষেত্ৰত প্ৰৱেশ কৰিব নোৱাৰিব বুলি স্পষ্টকৈ জনোৱা হৈছে।

ইয়াৰ উপৰি জুবিনক্ষেত্ৰত যিকোনো ধৰণৰ মাদকদ্ৰব্যৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। সুৰাপান কৰা কোনো ব্যক্তিয়ে ক্ষেত্ৰখনত প্ৰৱেশ কৰিবলৈ অনুমতি নাপাব বুলি চৰকাৰৰ নিৰ্দেশনাত উল্লেখ কৰা হৈছে।

চৰকাৰী সূত্রে জানিব পৰা মতে, এই নিয়মসমূহ কঠোৰভাৱে বলবৎ কৰিব বুলিও জানিবলৈ দিয়া হৈছে, আৰু নিৰ্দেশনা ভংগকাৰীৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

এই নিৰ্দেশনাৰ পিছত বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্যাহত আছে। তাৰ মাজতে আজি সামাজিক মাধ্যম ফেচবুকত এক পোষ্ট কৰিছে সাহিত্যিক ৰীতা চৌধুৰীয়ে।

সাহিত্যিত ৰীতা চৌধুৰীয়ে লিখা সামাজিক মাধ্যমত পোষ্ট কৰা কথাখিনি হুবহু তুলি দিয়া হল-

মাননীয় মুখ্যমন্ত্ৰী মহোদয়,
কেতিয়াবা আপোনাক পৰিবেষ্টিত কৰি ৰখা আপোনাৰ শুভাকাংক্ষীসকলে, সাধাৰণতে যিসকলৰ বেছিভাগেই তোষামোদকাৰী, তেওঁলোকে পৰিস্থিতিৰ যথাযথ ছবিখন অনুধাৱন কৰিব নোৱাৰি, প্ৰকৃত ছবিখন তুলি ধৰিব নোৱাৰিবও পাৰে৷ সিদ্ধান্তবোৰ লওঁতে সেয়েহে ভুল হোৱাৰ সম্ভাৱনা থাকে৷
জুবিনক ভাল পোৱা সকলোৱে ’জুবিন ক্ষেত্ৰ’লৈ দিনত আহিবলৈ সময় নাপাবও পাৰে৷ দিন হাজিৰা কৰাৰ পৰা জীৱিকাৰ বিভিন্ন ক্ষেত্ৰত ব্যস্ত থাকে মানুহবোৰ৷ সেয়েহে টোপনি আৰু জিৰণি বিসৰ্জন দি দূৰ দূৰণিৰ পৰা আহে৷ কিছুমানে বাৰে বাৰে আহে৷ জুবিনৰ প্ৰতি তেওঁলোকৰ ভালপোৱাৰ জোখ লোৱা অসম্ভৱ৷
অগণন মানুহে জুবিনক হঠাতে হেৰুৱাই যি মানসিক কষ্ট পাইছে, তাৰ পৰা আজিলৈকে ওলাব পৰা নাই (তাৰ ভিতৰত ময়ো আছোঁ)।
সমাজৰ অভিভাৱকসকলে মানুহৰ সেই কষ্টৰ উপশমৰ বাট বিচৰাৰহে সময় এয়া৷ তাৰ সলনি ‘জুবিন ক্ষেত্ৰ’ত প্ৰৱেশৰ বাবে দিয়া বাধা-নিষেধে জুবিনক ভাল পোৱা ল’ৰা-ছোৱালীবোৰক জটিল মানসিক অৱস্থালৈ ঠেলি দিব পাৰে৷ আত্মহননৰ পৰা বিদ্ৰোহলৈ— যিকোনো ঘটনা ঘটিব পাৰে৷
জনজাতিপ্ৰধান ৰাজ্য খনৰ বিভিন্ন পৰম্পৰাৰ কথাও আমি শ্ৰদ্ধাসহকাৰে লাগিব। একেদৰে আইন-শৃংখলা ৰক্ষাৰ দায়িত্বও প্ৰশাসনৰ আছে।
মই এজন দায়িত্বশীল লেখক আৰু মাতৃ৷ মাত মতাটো অতি জৰুৰী বুলি যেতিয়া ভাব হয় তেতিয়া মাত এষাৰ দিওঁ৷ যি কওঁ সঠিক বুলি আৰু ময়ো কোৱাৰ প্ৰয়োজন আছে বুলি নিজে পতিয়ন যোৱা কথাহে কওঁ৷ ঢৌত উটি, আনৰ নিৰ্দেশনা শুনি নকওঁ৷
এই জটিল সময়ত সকলো ধৰণৰ ভয় ভাগি যোৱাকৈ বিষয়বোৰ আৰু বেছি জটিল কৰি নেপেলোৱাটোৱেই এই মুহূৰ্তত সঠিক সিদ্ধান্ত হ’ব বুলি ভাবোঁ৷
আপুনি এজন পৰিপক্ক ৰাজনীতিক৷ এবাৰ ভাবি চাব বুলি আশা কৰিলোঁ।

উল্লেখ্য যে ৰীতা চৌধুৰীৰ সৈতে সম্ভৱতঃ জুবিন গাৰ্গে নিজৰ জীৱনৰ শেষৰটো পডকাষ্ট তথা সাক্ষাকাৰ দিছিল।

নিয়মীয়া বাৰ্তা ডেস্ক, ২৪ অক্টোবৰ

You might also like