নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও কাৰাগাৰত বিলাসী কাৰবাৰ : ধনৰ বিনিময়ত কয়েদীক ড্রাগছ

🔹 জিলা আয়ুক্তৰ ছাডেন ভিজিটত উন্মোচিত ভয়াৱহ কাণ্ড

বিশেষ বার্তা, ৩০ আগষ্ট : নগাঁৱত কাৰাগাৰতো চলে ড্রাগছৰ মুকলি বেহা৷ নগাঁও কেন্দ্রীয় কাৰাগাৰত ড্রাগছৰ মুকলি বেহাৰ কথা কালি উন্মোচিত হোৱাত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷

নগাঁও জিলা আয়ুক্ত দেৱাশিস শর্মাই জিলা আৰক্ষী অধীক্ষক স্বপ্ণনীল ডেকাক লগত লৈ কালি নগাঁও কেন্দ্রীয় কাৰাগাৰ আকস্মিকভাৱে পৰিদর্শন কৰাৰ সময়ত এই ভয়ংকৰ কথা উন্মোচিত হয়৷ কেন্দ্রীয় কাৰাগাৰৰ ভিতৰত ড্রাগছৰ মুকলি বেহা প্রত্যক্ষ কৰি জিলা আয়ুক্তগৰাকী হতভম্ব হৈ পৰে৷ আয়ুক্তগৰাকীৰ উপস্থিতিত নগাঁও আৰক্ষীয়ে কাৰাগাৰখনৰ ভিতৰত থকা কেণ্টিন আৰু ৰেষ্টুৰেণ্টৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ ড্রাগছ, শীতল পানীয়, এনার্জী ড্রিংকছসহ খাদ্য সামগ্রী৷ কাৰাগাৰখনৰ ভিতৰত থকা কেণ্টিন আৰু ৰেষ্টুৰেণ্টত নীতিবহির্ভূতভাৱে দীর্ঘদিন ধৰি চলি আহিছিল এই সামগ্রীসমূহৰ মুকলি বেহা৷ কাৰাগাৰখনৰ কর্তৃপক্ষৰ জ্ঞাতসাৰেই কাৰাগাৰৰ কয়েদীসকলৰ মাজত চলি আহিছে ড্রাগছৰ মুকলি বেহা৷

অভিযোগ অনুসৰি, কাৰাগাৰখনৰ অধীক্ষক আৰু জেইলাৰৰ পৃষ্ঠপোষকতাত এই বেহা চলি আছে৷ কাৰাগাৰখনৰ পটংগীয়া আৰু হাজৰিকা নামৰ দুজন কর্মচাৰীয়ে বাহিৰৰ পৰা এই কেণ্টিনলৈ ড্রাগছ সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ সংবাদ মাধ্যমৰ আগত জিলা আয়ুক্তগৰাকীয়ে কয়– আমি আগতীয়া খবৰ দি আহিলে তেওঁলোকে আমাক স্বাগতম জনায়৷ সেয়ে আমি হঠাৎ আহি পৰিদর্শন কৰি দেখিলোঁ যে কেন্দ্রীয় কাৰাগাৰত ড্রাগছৰ ব্যৱসায় চলি আছে৷ পটংগীয়া আৰু হাজৰিকা নামৰ লোকে বাহিৰৰ পৰা কাৰাগাৰখনলৈ ড্রাগছ সৰবৰাহ কৰে৷ কাৰাগাৰৰ চালিম উদ্দিন নামৰ লোকজনৰ হাতত ড্রাগছসমূহ দিয়ে আৰু তেওঁ ভিতৰলৈ লৈ যায়৷ কেতিয়াবা কোনোবা অহাৰ গম পালে এই সামগ্রীসমূহ লুকুৱাই দিয়ে৷ ভিতৰত টকা দিলে কয়েদীসকলে ড্রাগছ, গাঞ্জা আদি পায়৷ কাৰাগাৰৰ ভিতৰত তিনিখন কেণ্টিন চলি আছে৷ ইয়াত মাছ, মাংস আদি পোৱা যায়৷ শীতল পানীয়ও বিক্রী হয়৷ ভাং খোৱাৰ পাছত খোৱা ষ্টিং নামৰ ড্রিংকছ পাইছোঁ৷ কাৰাগাৰখনত এক বিলাসী কাৰবাৰ চলি আছে৷ কাৰাগাৰখনৰ অধীক্ষকক সোধাত তেওঁ কাৰাগাৰখন চলাবলৈ পইচা লাগে বুলি উল্লেখ কৰি তেওঁ চৰকাৰৰ বিপক্ষে কথা কৈছে৷

কাৰাগাৰখনত এনে নিকৃষ্ট কাম চলি থকাৰ কথা উল্লেখ কৰি আয়ুক্তগৰাকীয়ে কয় যে এই সন্দর্ভত কাৰাগাৰ মহাপৰিদর্শকক অৱগত কৰা হৈছে৷ তদুপৰি কাৰাগাৰৰ অধীক্ষক আৰু জেইলাৰৰ বিৰুদ্ধে ব্যৱস্থা ল’বৰ বাবে গৃহ বিভাগলৈ পত্র প্রেৰণ কৰা হৈছে৷ তেওঁ লগতে কয় যে অধীক্ষক আৰু জেইলাৰৰ চকুৰ আগত এই কাম চলি আছে৷ কাৰাগাৰ চলাবলৈ চৰকাৰে পইচা দিছে৷ তাৰ পাছতো ইয়াত ড্রাগছ, মাছ, মাংসৰ ব্যৱসায় চলি আছে৷ এইবোৰ হ’বলৈ দিয়া নহ’ব বুলি আয়ুক্তগৰাকীয়ে মন্তব্য কৰে৷

কাৰাগাৰখনলৈ ড্রাগছ সৰবৰাহ সন্দর্ভত নগাঁও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷ আন এক অভিযোগ অনুসৰি কাৰাগাৰখনত কয়েদীক চাবলৈ অহা পৰিয়ালৰ লোকে কয়েদীৰ বাবে দিয়া ধনৰ এটা অংশ কাৰাগাৰৰ কর্মচাৰীয়ে ৰাখি থয়৷

প্ৰেৰক কনক হাজৰিকা

You might also like