মহানগৰী-ৰ ছয়মাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, টিয়াগো বাহনত খুন্দা স্ক’ৰপিঅ’ৰ
নিশাৰ মহানগৰী-ত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। ছয়মাইলৰ NRL পেট্ৰোল পাম্পৰ সন্মুখত সংঘটিত হৈছে দুৰ্ঘটনাটি। পথত ৰখাই থোৱা এখন চাৰিচকীয়া বাহনক প্ৰচণ্ড জোৰে খুন্দা মাৰে আন এখন চাৰি চকীয়া বাহনে।
AS 01 PC 4066 নম্বৰৰ তীব্ৰ গতিৰ স্কৰপিঅ বাহনখে প্ৰচণ্ড খুন্দা মাৰে পথৰ দাঁতিত ৰখাই থোৱা KA 01 MP 1634 নম্বৰৰ টিয়াগো বাহনখনক। ফলত আঘাতপ্ৰাপ্ত হয় স্কৰপিঅ বাহনখনৰ ৩জনকৈ আৰোহী।
অৱশ্যে দুৰ্ঘটনাৰ সময়ছোৱাত টিয়াগো বাহনখনত নাছিল কোনো আৰোহী। ঘটনাটো ইমানেই ভয়ংকৰ আছিল দুয়োখন বাহনেই ওফৰি পৰে পথৰ দাঁতিত। বিস্তৰ ক্ষতি হয় দুৰ্ঘটনাগ্ৰস্ত দুয়োখন বাহন।
আনহাতে স্কৰপিঅ বাহনখনত আছিল GOVE OF INDIAৰ ফলক। নিশাই যানবাহন আৰক্ষীয়ে উদ্ধাৰ কৰে বাহন দুখন।
Niyomiya Barta Desk, 30 August