নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যানত উজলিল মাজুলীৰ মুখাশিল্প

নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰী : ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যানত কালিৰ পৰা অনুষ্ঠিত “বিবিধা কা অমৃত মহোৎসৱ”ত মাজুলী জিলাৰ মুখাশিল্পৰ বাবে আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সত্ৰ চামগুৰিৰ সংগীত কলা কেন্দ্ৰৰ মুখাশিল্পীৰ এটা দলে অংশগ্ৰহণ কৰি মুখা প্ৰদৰ্শনী আৰু কৰ্মশালা অনুষ্ঠিত কৰি দৰ্শকৰ ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। চামগুৰি সত্ৰৰ সংগীত কলা কেন্দ্ৰৰ দলটোৰ নেতৃত্ব দিছে মুখাশিল্পী প্ৰদীপ গোস্বামীয়ে আৰু তেওঁক সহযোগিতা আগবঢ়াইছে ক্ৰমে তেওঁৰ ভাতৃ ধীৰেন গোস্বামী, ভতিজা অনুপম গোস্বামী আৰু শিষ্য গৌতম ভূঞাই। উল্লেখযোগ্য যে মহোৎসৱত উত্তৰ পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ বিভিন্ন লোক সংস্কৃতি প্ৰদৰ্শিত হৈছে আৰু এই মহোৎসৱৰ আজি সামৰণি পৰে।

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড

You might also like