নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামৰূপৰ ৰাক্ষসিনী চৰত সন্দেহযুক্ত লোকৰ অবাধ বেদখল

বিশেষ বাৰ্তা, শুৱালকুছি, ১০ নৱেম্বৰ : কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাক্ষসিনী চৰৰ শ শ বিঘা চৰকাৰী ভূমি এতিয়া সন্দেহযুক্ত নাগৰিকৰ হাতত। স্হানীয় এচাম মাটি দালালে উক্ত শ শ বিঘা মাটি বেদখল কৰি সেই চৰকাৰী ভূমি লীজত দিছে একাংশ সন্দেহযুক্ত নাগৰিকক । যাৰ পৰিণতিত অঞ্চলটোৰ গো আৰু ম’হপালক তথা খিলঞ্জীয়া লোকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে।

সংশ্লিষ্ট এলেকাৰ গাঁওপ্ৰধানগৰাকীৰ পৰা পোৱা তথ্য অনুসৰি বৃহত্তৰ অঞ্চলটোৰ ৰাক্ষসিনী চৰৰ সমীপৰ আজ্ঞাঠুৰি, দলিবাৰী, শিঙিমাৰী, গন্ধমৌ, ৰৌমাৰীকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজৰ প্ৰায় তিনি হাজাৰ গৰু আৰু ম’হৰ বিচৰণস্থলী হিচাপে উক্ত চৰকাৰী ভূমি ব্যৱহাৰ কৰি আহিছিল অঞ্চলটোৰ ৰাইজে । কিন্তু স্হানীয় এচাম মাটিৰ দালালে বলপূৰ্বক চৰকাৰী বিশাল ভূমিডৰা নিজৰ দখললৈ আনি ধুবুৰী, বৰপেটা, মুকালমুৱা আদি অঞ্চলৰ সন্দেহযুক্ত লোকক ধনৰ বিনিময়ত লীজত দিছে ৷ মাটি লীজত লৈ সন্দেহযুক্ত লোকসকলে ৰাতি-দিন একাকাৰ কৰি হাল বাই বিভিন্ন খেতি কৰা পৰিলক্ষিত হৈছে ৷ ইয়াৰ ফলত বছৰ বছৰ ধৰি গৰু-ম’হৰ বিচৰণস্হলীৰ অস্তিত্ব বিপদাপন্ন হৈছে ৷ উক্ত ভূমিত স্হানীয় ৰাইজৰ গৰু-ম’হ যোৱাটো সন্দেহযুক্ত লোকসকলে সম্পূৰ্ণ বন্ধ কৰি দিছে ৷

আনহাতে, এলেকাটোত বৃহৎ পৰিমাণৰ কীটনাশক ঔষধ ছটিওৱাৰ ফলত তাত কেনেবাকৈ গৰু-ম’হে ঘাঁহ খালেই ৰোগাক্ৰান্ত হৈ মৃত্যুমুখত পৰিব লগা হৈছে ৷ স্হানীয় গো আৰু ম’হপালকসকলে জানিবলৈ দিয়া মতে, তেওঁলোকৰ বহুসংখ্যক গৰু-ম’হৰ কীটনাশক ঔষধ দিয়া ঘাঁহ-বন খাই মৃত্যু হৈছে ৷ ইয়াৰ ফলত ভীষণ সমস্যাই দেখা দিছে ৷ ইফালে, গৰু-ম’হৰ গাখীৰ বিক্ৰী কৰিয়েই তেওঁলোকৰ জীৱন-জীৱিকা চলে ৷ ফলত নিৰুপায় হৈ গো-পালকসকল ৷

ইতিমধ্যে এই সমগ্ৰ বিষয়টি কামৰূপ জিলাৰ আয়ুক্তক লিখিতভাৱে অৱগত কৰাত আয়ুক্তগৰাকীয়ে বিষয়টিৰ গুৰুত্ব বুজি  হাজোৰ ৰাজহ চক্ৰ বিষয়াক বিষয়টোৰ চৰজমিন তদন্ত কৰি প্ৰতিবেদন প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়াত কালি চক্ৰ বিষয়াৰ নিৰ্দেশত সংশ্লিষ্ট মণ্ডল আৰু গাঁওপ্ৰধানগৰাকী উক্ত দখলীকৃত চৰকাৰী ভূমিত উপস্থিত হৈ সকলো দিশ পৰ্যবেক্ষণ কৰাৰ লগতে গো আৰু ম’হপালকসকলৰো সমস্যাৰ বুজ লয় ৷ মণ্ডল আৰু গাঁওপ্ৰধানে গো আৰু ম’হ পালকসকলৰ অভিযোগৰ সত্যতা আছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি যাৱতীয় পদক্ষেপ গ্ৰহণৰ বাবে চক্ৰ বিষয়াৰ ওচৰত প্ৰতিবেদন দিব বুলি কয় ৷

স্হানীয় ৰাইজে শীঘ্ৰে সন্দেহযুক্ত নাগৰিকৰ পৰা বেদখলকৃত চৰকাৰী ভূমি মুক্ত কৰিবলৈ চৰকাৰক দাবী জনাইছে ৷

You might also like