নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উন্নয়নৰ বতৰা লৈ নগৰবেৰা ৰাসথলীত বিধায়ক হেমাংগ ঠাকুৰীয়া

🟢মুখ্যমন্ত্ৰীক নগৰবেৰালৈ অনাৰ প্ৰতিশ্ৰুতি বিধায়কগৰাকীৰ

🟢বিজয়নগৰ-নগৰবেৰা আৰু নগৰবেৰা-গোৱালপাৰা পথ উন্নীতকৰণৰ আশ্বাস

🟢উপস্থিত থাকে ৰাভা-হাছঙৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভা

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰ : কামৰূপৰ নগৰবেৰাত অব্যাহত আছে ১৭ দিনীয়া ৯১সংখ্যক ৰাস মহোৎসৱ। নগৰবেৰা আঞ্চলিক ৰাস মহোৎসৱত উন্নয়নৰ বতৰা লৈ কালি সন্ধিয়া উপস্থিত হয় পলাশবাৰীৰ বিজেপি বিধায়ক হেমাংগ ঠাকুৰীয়া, দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামী আৰু ৰাভা-হাচং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভা। ৰাসথলীত উপস্থিত হৈ বিধায়ক ঠাকুৰীয়াই অচিৰেই নগৰবেৰাৰ সামগ্ৰিক সমস্যাৰাজি সমাধানৰ কল্পে মুখ্যমন্ত্ৰীক কৰ্ণগোচৰ কৰা আৰু পাৰিলে মুখ্যমন্ত্ৰীক এবাৰ হ’লেও নগৰবেৰাত উপস্থিত হোৱাৰ আহ্বান জনাব বুলিও সদৰী কৰে। একেদৰে বিজয়নগৰৰ পৰা নগৰবেৰা আৰু নগৰবেৰাৰ পৰা গোৱালপাৰা চহৰ সংযোগী পথচোৱা উন্নীতকৰণৰ দিহা কৰা হ’ব বুলিও ৰাজহুৱাকৈ ঘোষণা কৰে ৰাসথলীত। আনহাতে ৰাসমন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰতো বিধায়কগৰাকীয়ে যথাসাধ্য সহায়-সহযোগ কৰাৰ আশ্বাস দিয়ে। বিধায়কগৰাকীৰ সতে দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামীও উপস্থিত থাকে। বিধায়কগৰাকীৰ প্ৰস্থানৰ কিছু পৰ পাছত ৰাসথলীত উপস্থিত হয় ৰাভা-হাচং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা। কাৰ্যবাহী সদস্যগৰাকীয়েও ৰাস পৰিচালনা সমিতিৰে মত বিনিময় কৰাৰ উপৰি ৰাস মন্দিৰৰ নিৰ্মাণ কাৰ্যৰ তদাৰক কৰে আৰু সহায়-সাহায্যৰ আশ্বাস দিয়ে। কাৰ্যবাহী সদস্যগৰাকীৰ সতে আৰু দুগৰাকীকৈ পৰিষদৰ ই এমো উপস্থিত থাকে। নগৰবেৰা আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা উপস্থিত বিধায়ক ঠাকুৰীয়া, বিজেপিৰ জিলা সভাপতি গোস্বামী, ৰাভা-হাচং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাসহ উপস্থিত সকলোকে একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা যাচে।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like