নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৰজিল বিতৰ্কিত শম্ভু সিঙৰ কথা… তেজপুৰ বিশ্ববিদ্যালয়ৰ নতুন ভাৰপ্ৰাপ্ত উপাচাৰ্য ধ্ৰুৱ ভট্টাচাৰ্য

বিতৰ্কিত উপাচাৰ্য শম্ভুনাথ সিঙে নিযুক্তি দিয়া অস্থায়ী উপাচাৰ্যৰ পদত এইবাৰ জয়া চক্ৰৱৰ্তীৰ পৰিৱৰ্তে প্ৰফেছৰ ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যক বাছনি কৰিলে শিক্ষক আৰু ছাত্ৰ সমাজে৷

পূৰ্বতেও দুবাৰকৈ অস্থায়ী উপাচাৰ্যৰ পদ চম্ভালা প্ৰফেছৰ ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যক তেজপুৰ বিশ্ববিদ্যালয়ৰ সংবিধান অনুসৰি এনেদৰে নিশাটোৰ ভিতৰতে সৰ্বসন্মতিক্ৰমে দায়িত্ব অৰ্পণ কৰা হয়৷

বহু বিতৰ্কিত, দুৰ্নীতিগ্ৰস্ত, অসমবিদ্বেষী, পলাতক উপাচাৰ্য ড° শম্ভুনাথ সিঙে তেওঁৰ পছন্দৰ অধ্যাপিকা জয়া চক্ৰৱৰ্তীক ভাৰ্চুৱেলি মিটিংকলৰ জৰিয়তে অস্থায়ী উপাচাৰ্য নিযুক্তি দিয়াৰ পিছতে জ্বলা জুইত ঘিউ ঢলাৰ লেখীয়াকৈ আন্দোলনকাৰী, ক্ষোভিত শিক্ষক আৰু ছাত্ৰ সমাজে প্ৰতিবাদস্থলীৰ পৰাই বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰত উপাচাৰ্য সিঙৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷

ইয়াৰ পিছতে শিক্ষক, ছাত্ৰৰ উপস্থিতিত জৰুৰীকালীন আলোচনা আহ্বানেৰে সৰ্বসন্মতিক্ৰমে বিশ্ববিদ্যালয় সংবিধানৰ আধাৰত ড° ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যক অস্থায়ী উপাচাৰ্য হিচাপে নিযুক্তি প্ৰদান কৰা হয় আৰু প্ৰফেছৰ ধ্ৰুৱ ভট্টাচাৰ্যক একপ্ৰকাৰ সকলোৱে আদৰণি জনোৱা পৰিলক্ষিত হৈছে৷

আনহাতে, অব্যাহত আন্দোলনৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ পৰীক্ষা পিছুৱাই দিয়া তথা শ্ৰেণী বৰ্জনৰ দৰে গ্ৰহণ কৰা সিদ্ধান্তই ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে ক্ষতিগ্ৰস্ত কৰাৰ বিষয়ত গুৰুত্ব প্ৰদান কৰি জ্বলি থকা ক্ষোভৰ জুই স্তিমিত কৰি আন্দোলন কিদৰে শাম কটাব পাৰি সেই বিষয়ে বিবেচনা কৰাৰ কথা নিশা উল্লেখ কৰিছে অস্থায়ী উপাচাৰ্য ধ্ৰুৱ ভট্টাচাৰ্যই৷

ডিজিটেল ডেস্ক, ৫ ডিচেম্বৰ

You might also like