আসনক লৈ নতুন অংকঃ অনিশ্চিত অন্ধকাৰ ভৱিষ্যতৰ দিশে কংগ্রেছৰ ১৫ নেতা
মহাজোঁটে লগালে আউলঃ দুশ্চিন্তাত প্রার্থিত্বপ্রত্যাশী কংগ্রেছী
নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ আসন্ন বিধানসভা নির্বাচনত বিজেপিক প্রতিহত কৰাৰ লক্ষ্যৰে কালি কংগ্রেছ, এ আই ইউ ডি এফ, চি পি আই, চি পি আই (এম), চি পি আই (এম এল) আৰু আঞ্চলিক গণ মর্চা একলগ হৈ মহাজোঁট গঠন কৰাৰ পাছতেই কংগ্রেছৰ কমেও ১৫গৰাকীকৈ বিয়াগোম নেতাৰ ৰাজনৈতিক ভৱিষ্যৎ অনিশ্চিত আৰু অন্ধকাৰময় হৈ পৰিছে৷ এই অনিশ্চয়তাৰ প্রধান কাৰণ হ’ল বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰ সৈতে কংগ্রেছৰ মিত্রতা৷ কিয়নো এই মহাজোঁটৰ বাবে স্বাভাৱিকভাৱে প্রতিদ্বন্দ্বিতা কৰিবলগীয়া অধিক আসন কংগ্রেছে এ আই ইউ ডি এফ দলকেই এৰি দিব লাগিব৷ উল্লেখ্য যে মহাজোঁটৰ মাজত আসন বুজাবুজিৰ প্রক্রিয়া এতিয়াও আৰম্ভ হোৱা নাই যদিও এ আই ইউ ডি এফ দলে ২০০৬ চনৰ পৰা বিগত বিধানসভা নির্বাচনত জয়লাভ কৰা সমষ্টিৰ লগতে সামান্য ভোটৰ ব্যৱধানত পৰাজিত হোৱা সমষ্টিকে ধৰি কমেও ৪০টা সমষ্টি বিচৰাৰ পৰিকল্পনা যুগুতাইছে৷ এই পৰিকল্পনাক সাকাৰ ৰূপ দিয়াৰ বাবে দলৰ সভাপতি বদৰুদ্দিন আজমলে নিজেই ইটোৰ পাছত সিটো সমষ্টি ঘূৰি সংগঠন শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰি আহিছে৷ এইক্ষেত্রত আজমলে সেই অভিযানৰ পৰা বর্তমান কংগ্রেছৰ দখলত থকা সমষ্টিসমূহে এৰি দিয়া নাই৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই ইতিপূর্বে ‘ছিটিং–গেটিং’ ফর্মুলাৰে আসন বুজাবুজি কৰাৰ ফর্মুলা আগবঢ়াইছে যদিও এ আই ইউ ডি এফে সেই ফর্মুলা নাকচ কৰিছে৷
এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক (সংগঠন) তথা মুখ্য মুখপাত্র আমিনুল ইছলামে ‘ছিটিং–গেটিং’ আসন বুজাবুজিৰ একমাত্র ফর্মুলা নহয় বুলি স্পষ্ট কৰি দি কয় যে কংগ্রেছেও নিজৰ দখলত থকা কিছু সমষ্টি এৰিব লাগিব৷ অনুৰূপ ধৰণে এ আই ইউ ডি এফেও নিজৰ দখলত থকা কিছু আসন এৰিব লাগিব বুলি মন্তব্য কৰিছে৷ দুয়োটা দলৰ ভিতৰুৱা সূত্রৰ পৰা জানিব পৰা মতে, দখলত থকা সমষ্টি এৰাৰ ক্ষেত্রত ২০১৬ চনৰ বিধানসভা নির্বাচনত যিবোৰ সমষ্টিত ৬,০০০ৰ কম ভোটত জয়লাভ কৰিছে, তেনে সমষ্টি এৰাধৰা কৰাৰ কৌশল ৰচনা কৰিছে৷ সেই অনুসৰি কংগ্রেছে মানকাচৰ, দলগাঁও আৰু লাহৰীঘাট সমষ্টি এৰি দিয়াৰ পৰিকল্পনা কৰিছে৷ ইয়াৰ বিপৰীতে এ আই ইউ ডি এফে নাওবৈচা, ভৱানীপুৰ আৰু অভয়াপুৰী দক্ষিণ সমষ্টি এৰাৰ পৰিকল্পনা কৰিছে৷ যোৱা নির্বাচনৰ ফলাফল অনুসৰি মানকাচৰ সমষ্টিত কংগ্রেছৰ ডাঃ মতিউৰ ৰহমান মণ্ডলে ৪,৩১৩টা, দলগাঁৱত কংগ্রেছৰ ইলিয়াছ আলীয়ে ২,৩২০টা আৰু লাহৰীঘাটত কংগ্রেছৰ ডাঃ নজৰুল ইছলামে ৫,৮০৬টা ভোটৰ ব্যৱধানতহে জয়লাভ কৰে৷ সেইৰে এ আই ইউ ডি এফৰ মামুন ইমদাদুল হক চৌধুৰীয়ে নাওবৈচাত ১,২৩৩টা, আবুল কালাম আজাদে ভৱানীপুৰত ২,৪৩৯টা আৰু অনন্ত কুমাৰ মালোৱে অভয়াপুৰী দক্ষিণ সমষ্টিত ১৯১টা ভোটৰ ব্যৱধানতহে জয়লাভ কৰিছিল৷
সূত্রটোৱে জানিবলৈ দিয়া মতে, এ আই ইউ ডি এফে অনুসূচিত জাতিৰ বাবে সংৰক্ষিত অভয়াপুৰী দক্ষিণ সমষ্টি এৰি দিয়াৰ বিনিময়ত অনুসূচিত জাতিৰ বাবে সংৰক্ষিত ৰহা সমষ্টি আৰু উত্তৰ অসমৰ নাওবৈচা এৰি দিয়াৰ বিনিময়ত মধ্য অসমৰ হোজাই সমষ্টি বিচাৰিব৷ এ আই ইউ ডি এফৰে আসন বুজাবুজিক লৈ এই অংক আৰম্ভ হোৱাৰ লগে লগে কংগ্রেছৰ কমেও ১৫গৰাকী বিয়াগোম নেতাৰ নিদ্রাহৰণ আৰম্ভ হৈছে৷ ৰাজনৈতিক ভৱিষ্যৎ অনিশ্চয়তাত সোমাই পৰা কংগ্রেছৰ নেতাসকলৰ ভিতৰত ছিদ্দিক আহমেদ (কৰিমগঞ্জ দক্ষিণ), মণিলাল গোৱালা (পাথাৰকান্দি), ডাঃ মতিউৰ ৰহমান মণ্ডল (মানকাচৰ), নজিবুল ওমৰ (ধুবুৰী), মহিবুল হক (গৌৰীপুৰ), আলী আকবৰ মিঞা (বিলাসীপাৰা পশ্চিম), আফতাবউদ্দিন মোল্লা (জলেশ্বৰ), ইলিয়াছ আলী (দলগাঁও), ডাঃ নজৰুল ইছলাম (লাহৰীঘাট), ডাঃ অর্ধেন্দু কুমাৰ দে’ (হোজাই), ড০ ইদ্রিছ আলী (ধিং) আদি উল্লেখনীয়৷ সেইদৰে এ আই ইউ ডি এফ আৰু আঞ্চলিক গণ মর্চাৰ বাবে বটদ্রৱা সমষ্টিক লৈ গৌতম বৰাৰো ৰাজনৈতিক ভৱিষ্যৎ অনিশ্চিত হৈ পৰিছে৷ বাঁওপন্থীৰে হোৱা মিত্রতাৰ বাবে মৰিগাঁৱত জোনজোনালী বৰুৱা, ৰঙিয়াত ঘনশ্যাম কলিতাও অনিশ্চিত ভৱিষ্যতৰ সন্মুখীন হৈছে৷ সেইদৰে অহা নির্বাচনত কংগ্রেছৰ প্রার্থিত্বৰ আশা পালি থকা প্রদেশ কংগ্রেছৰ বহু নেতাৰ আশাতো মহাজোঁটে চেঁচাপানী ঢ়ালিছে৷