নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফ্লাড–কুছনিঙৰ ব্যৱস্থা নোহোৱাকৈ নির্মাণ নামনি সোৱণশিৰি বান্ধঃ গেৰুকামুখ প্রকল্পই সৃষ্টি কৰিব প্রলয়

ডাৱৰ বিস্ফোৰণৰ চাপ বৃহৎ নদীবান্ধটোৱে প্রতিৰোধ কৰিব পাৰিবনে নাই তাৰো নাই নিশ্চয়তা

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ গেৰুকামুখ প্রকল্পই নামনিত থকা অসমত বৃহৎ প্রলয় সৃষ্টি কৰিব পাৰে৷ স্বয়ং কেন্দ্রীয় শক্তি মন্ত্রালয়ৰ আভ্যন্তৰীণ প্রতিবেদনত এই আশংকাৰ কথা লিপিবদ্ধ হৈ আছে৷ বাস্তৱত নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পক লৈ নির্মাণকাৰী সংস্থা এন এইচ পি চিৰ অতি ৰহস্যজনক তথা অবৈজ্ঞানিক ভূমিকা প্রতি পদে পদে প্রতিফলিত হৈছে৷ ২০০০ চনত সোৱণশিৰি নৈৰ ওপৰত তিনিটাকৈ বান্ধ নির্মাণৰ বাবে ৰাষ্ট্রীয় সংস্থা এন এইচ পি চিক দায়িত্ব প্রদান কৰা হৈছিল৷

প্রথমতে ২০০০ মেগাৱাট শক্তিসম্পন্ন উজনি সোৱণশিৰি, তাৰ পাছত ১৬০০ মেগাৱাট শক্তিসম্পন্ন মধ্য সোৱণশিৰি আৰু সর্বশেষত ২০০০ মেগাৱাট শক্তিসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নির্মাণকার্য হাতত লোৱা হ’ব৷ হয়াৰ বাবে নির্মাণকাৰী সংস্থাটোৱে প্রথমতে যি প্রকল্প প্রতিবেদন প্রস্তুত কৰিছিল, সেহ অনুসৰি উজনি সোৱণশিৰি নদীবান্ধ নদীৰ বক্ষৰ পৰা ২১৪ মিটাৰ উচ্চতাৰ হ’ব৷ ইয়াৰ উপৰি বান নিয়ন্ত্রণৰ বাবে ধার্য কৰা হৈছিল অতিৰিক্ত ১০ মিটাৰৰ ‘ফ্লাড কুছনিং’৷

মন কৰিবলগীয়া যে ফ্লাড কুছনিং হৈছে নদীত প্রবাহিত অতিৰিক্ত পানীক অস্থায়ীভাৱে সংৰক্ষণ কৰাৰ এটা ব্যৱস্থা৷ উজনিৰ পাছত মধ্য সোৱণশিৰি নদীবান্ধ নদীৰ বক্ষৰ পৰা ২০৩ মিটাৰ উচ্চতাৰ সৈতে আন ১৫ মিটাৰ ফ্লাড কুছনিঙৰ সৈতে পৰিকল্পনা কৰা হৈছিল৷ ইয়াৰ পাছত নামনি সোৱণশিৰি নদীবান্ধৰ পৰিকল্পনা কৰা হৈছিল, য’ত ফ্লাড কুছনিঙৰ কোনো ব্যৱস্থাৰ কথা নাছিল৷ কাৰণ উজনি আৰু নামনিত থকা ফ্লাড কুছনিঙে নদীৰ পানী নিয়ন্ত্রণ কৰিবলৈ যথেষ্ট বুলি ধৰি লোৱা হৈছিল৷ আৰু এহ তিনিটা নদীবান্ধে নামনিত বান নিয়ন্ত্রণত সফল ভূমিকা ল’ব পাৰিব বুলি বিশেষজ্ঞসকলে নিশ্চিত আছিল৷ পিছে অতি ৰহস্যজনকভাৱে পৰৱর্তী সময়ত এন এহচ পি চিয়ে পূর্বনির্ধাৰিত সকলো পৰিকল্পনা বাতিল কৰি প্রথমতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ কাম হাতত লয়৷ ইয়াৰ পাছত উজনি আৰু মধ্য সোৱণশিৰি (কমলা) নদীবান্ধ নির্মাণৰ দায়িত্ব ক্রমে কে এছ কে এনার্জী ভেঞ্চার্ছ আৰু জিন্দাল গোটৰ দুহ ব্যক্তিগত খণ্ডৰ প্রতিষ্ঠানলৈ হস্তান্তৰ কৰা হয়৷ এহ দুহ ব্যক্তিগত কোম্পানীয়ে এতিয়ালৈকে বিজ্ঞানসন্মত কোনো প্রকল্প প্রতিবেদন দাখিল কৰিব নোৱাৰিলে৷ ইয়াৰ বিপৰীতে এন এহচ পি চিয়ে বৃহৎ প্রতিবাদ, আন্দোলনক নেওচি নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ কাম আগবঢ়াহ নিয়ে৷ কিন্তু এই প্রকল্পটোত বান নিয়ন্ত্রণৰ বাবে উজনি আৰু মধ্য সোৱণশিৰি প্রকল্পৰ দৰে ধার্য কৰা ফ্লাড কুছনিঙৰ কোনো ব্যৱস্থা নাই৷ এতিয়া ফ্লাড কুছনিং অবিহনে গেৰুকামুখ প্রকল্পটো যে কেৱল বিদ্যুৎ উৎপাদনৰ লক্ষ্যৰেহ নির্মাণ কৰি থকা হৈছে, তাক লৈ ২০১০ চনতেহ কেন্দ্রৰ বিশেষজ্ঞসকলে (এক্সপার্ট এপ্রাহজেল কমিটী) আপত্তি দর্শাইছিল আৰু স্পষ্ট কৰি দিছিল যে উজনি আৰু মধ্য সোৱণশিৰি নদীবান্ধ নথকা বাবে নামনি সোৱণশিৰি নদীবান্ধে বাৰিষা কালত নামনিৰ ১৩০ কিলোমিটাৰলৈকে প্রলয় সৃষ্টি কৰাটো একপ্রকাৰ নিশ্চিত৷ কাৰণ বাৰিষা কালৰ বর্ধিত পানীয়ে হয় বান্ধৰ সীমা অতিক্রম কৰিব অন্যথা এন এইচ পি চিয়ে বান্ধৰ দুৱাৰ প্রয়োজনতকৈ অধিক সময়ৰ বাবে খুলি দিব লাগিব৷ ইয়াৰ অন্যথা অভাৱনীয়ভাৱে প্লাৱিত হ’ব নামনিৰ অঞ্চল৷

মন কৰিবলগীয়া যে সোৱণশিৰি নদী হৈছে উচ্চ জলসম্পদৰ আধাৰ৷ উৎসস্থলৰ পৰা ১৭০ কিলোমিটাৰ তিব্বতেৰে প্রবাহিত হোৱাৰ পাছত অৰুণাচল প্রদেশত ২৫০ কিলোমিটাৰ প্রবাহিত হৈ অসম–ৰুণাচল প্রদেশৰ সীমান্তত গেৰুকামুখত নির্মীয়মাণ নদীবান্ধত অত্যন্ত ‘হাই এলটিচিউড’ৰ পৰা কিমান বৃহৎ পৰিমাণৰ পানী আহি খুন্দা মাৰিব ধাৰণা কৰিব পাৰিলে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প যে কিমান বিপজ্জনক, সেয়া স্পষ্ট হৈ পৰিব৷ এহক্ষেত্রত বাৰিষাৰ দিনত উজনি আৰু মধ্য সোৱণশিৰি নদীবান্ধে নদীৰ জলস্তৰ তথা গতি নিয়ন্ত্রণত যে সহায় কৰিব পাৰিলেহেঁতেন, তাত কোনো সন্দেহ নাহ৷ তদুপৰি শক্তি মন্ত্রালয়ৰ আভ্যন্তৰীণ প্রতিবেদনত বিশেষজ্ঞসকলে আন এক বৰ আশংকা দাঙি ধৰিছে৷ অত্যধিক বৰষুণৰ উপৰি সোৱণশিৰি নদীৰ উজনি ভাগত কেতিয়াবা যদি ডাৱৰ বিস্ফোৰণৰ (ক্লাউড বার্ষ্ট) দৰে ঘটনা সংঘটিত হয়, তেন্তে গেৰুকামুখৰ নির্মীয়মাণ বান্ধে ডাৱৰ বিস্ফোৰণে কঢ়িয়াহ অনা অকল্পনীয় পানীৰ চাপ সহ্য কৰিব পাৰিবনে নাহ, তাক লৈও সংশয় ব্যক্ত কৰিছে৷ তদুপৰি অতিশয় নমনীয় হিমালয়ান ফুটহিলছত ভূস্খলনে হঠাতে নদীৰ বাট অৱৰুদ্ধ কৰিব পাৰে আৰু পাছত হঠাতে ভাঙিও যাব পাৰে৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পহ এহবোৰ অনাকাংক্ষিত ঘটনাৰ চাপ সহ্য কৰিব পাৰিব নে নাই, তাৰ কোনো নিশ্চয়তা এন এইচ পি চিয়ে কাহানিও দিব পৰা নাই৷

আনহাতে, সোৱণশিৰি নদীৰ বান সংক্রান্ত তথ্য আহৰণৰ ক্ষেত্রতো এন এইচ পি চিয়ে মিথ্যাৰ আশ্রয় লোৱাৰ আন এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ এখন নদীবান্ধ নদীখনে সৃষ্টি কৰা বানপানীৰ ইতিহাস বিশ্লেষণ কৰি অনাগত দিনত সম্ভাব্য বানপানীৰ কথা বিবেচনা কৰিহে নির্মাণ কৰিব লাগে৷ সোৱণশিৰি নদীৰ বাবে আটাহতকৈ বৃহৎ বানপানী কেতিয়া হৈছিল সেয়া নিৰূপণ কৰিহে বান্ধৰ উচ্চতা তথা গাঁথনি নির্মাণ কৰাৰ কথা আছিল৷ পিছে এইক্ষেত্রতো এন এহচ পি চিয়ে প্রকৃত তথ্য গাপ দি মিথ্যাৰ আশ্রয় লোৱা পৰিলক্ষিত হৈছে৷ নির্মাণকাৰী সংস্থাটোৱে সোৱণশিৰিৰ সর্বাধিক বানৰ পৰিমাণ প্রতি ছেকেণ্ডত ১৮,৭৮০ কিউবিক মিটাৰ (কিউমেক) বুলি ধার্য কৰি বান্ধ নির্মাণৰ কাম আৰম্ভ কৰিছিল আৰু আজিৰ দিনটোতো সেইমর্মেই চলি আছে৷ পিছে ১৯৭১ চনৰ ১১ জুলাহত লখিমপুৰৰ চাউলধোৱা ঘাটৰ ২১,২৩০ কিউমেক পৰিমাণৰ বানৰ তথ্য এন এহচ পি চিয়ে অতি ৰহস্যজনকভাৱে গাপ দিলে৷ এন এহচ পি চিৰ প্রকল্প প্রতিবেদনত থকা এই বিসংগতিৰ কথা কেন্দ্রৰ বিশেষজ্ঞসকলে নির্মাণকার্য আৰম্ভ হোৱাৰ পূর্বেহ আঙুলিয়াহ দিছিল৷ তদুপৰি ব্যয় সংকোচনেৰে কেৱল মুনাফা লাভৰ বাবেহ এটাৰ পাছত এটাকৈ ত্রুটি সংযোজনেৰে এন এইচ পি চিয়ে কিয় প্রকৃতি তথা মানৱবিৰোধী কার্যত লিপ্ত হৈ আছে, তাৰ কোনো সদুত্তৰ কোনেও দিব নোৱাৰিলে৷

You might also like