নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাজোৰ পথ দুৰ্ঘটনা-ত আহত তৃতীয়গৰাকী ছাত্ৰীৰো প্ৰাণহানি

২২ নৱেম্বৰত হাজোৰ শনিয়াদীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিল। বৰ্তমানলৈ দুৰ্ঘটনাত পতিত তিনিওগৰাকী ছাত্রীয়ে কৰুণভাৱে মৃত্যুক আকোৱালি ললে।

শেহতীয়াকৈ ছাহিন আখতাৰাই মৃত্যুৰ সৈতে যুঁজি আজি GMCHত চিকিৎসাধীন অৱস্থাত ছাত্ৰীগৰাকীৰ মৃত্যু হয়।

উল্লেখ্য যে তীব্ৰবেগী বলেৰ’ বাহনে টিউচনলৈ যোৱা অৱস্থাত তিনিওগৰাকী ছাত্ৰীক মহটিয়াই লৈ গৈছিল। আদনিন নেহাৰ থিতাতে নিহত হোৱাৰ বিপৰীতে চিকিৎসালয়লৈ নিয়াৰ পথত নাজমিন আখতাৰাৰ মৃত্যু হৈছিল ।

ডিজিটেল ডেস্ক, ২৬ নৱেম্বৰ

You might also like