১০ অক্টোবৰত ৮–৯ হাজাৰ শিক্ষকক নিযুক্তি, মুখ্যমন্ত্রীয়ে দিলে সুখবৰ
এক লাখতকৈ অধিক যুৱক–যুৱতীক নিযুক্তি প্রদানেৰে নির্বাচনী প্রতিশ্রুতি সম্পূর্ণ কৰা ৰাজ্য চৰকাৰে অহা ১০ অক্টোবৰত পুনৰ নিযুক্তি দিব ৮–৯ হাজাৰ শিক্ষকক৷ এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷
সংবাদ মাধ্যমৰ আগত তেওঁ কয়– ১০ অক্টোবৰত ৮–৯ হাজাৰ শিক্ষকক নিযুক্তি দিয়া হ’ব৷ শিক্ষকৰ প্রতিবছৰে অৱসৰ হৈ থাকে৷ গতিকে এই পদসমূহ পূৰণৰ বাবে চৰকাৰে নিযুক্তি দিয়াৰ চেষ্টা কৰি আহিছে৷ কিন্তু কেতিয়াবা কেতিয়াবা এই নিযুক্তি প্রক্রিয়াক লৈ ন্যায়ালয়ত কেছ আদিও পঞ্জীয়ন হয়৷ তাৰ মাজতে মই ভাবোঁ যে পৰিৱেশ আগতকৈ যথেষ্ট ভাল হৈছে আৰু ভাল হ’ব লাগিব৷
মুখ্যমন্ত্রীয়ে ইয়াকো স্পষ্ট কৰে যে ৰাজ্যত আদর্শ প্রাথমিক বিদ্যালয় স্থাপন কৰা নহয়, আদর্শ হাইস্কুলহে স্থাপন কৰা হ’ব৷ বর্তমান চৰকাৰে প্রাথমিক বিদ্যালয়ক আদর্শ বিদ্যালয়ৰূপে স্থাপন কৰাৰ কথা ভবা নাই৷ একে সময়তে চৰকাৰে হাইস্কুলসমূহক হায়াৰ ছেকেণ্ডাৰীলৈ উন্নীত কৰা হ’ব৷
নিয়মীয়া বার্তা, বালিপৰা, ৪ ছেপ্টেম্বৰ