শীর্ষ ষ্টেট ইউনিভার্ছিটীৰ ৯ম স্থানত গুৱাহাটী বিশ্ববিদ্য়ালয়, অভিযান্ত্রিক শাখাত ৮ম গুৱাহাটী IIT
ৰাজ্যৰ শৈক্ষিক ক্ষেত্রখনলৈ পুনৰ সুখবৰ কঢ়িয়াই আনিছে উত্তৰ–পূর্বাঞ্চলৰ আগশাৰীৰ শিক্ষানুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ে৷ দেশৰ শ্রেষ্ঠ ৰাজ্যিক বিশ্ববিদ্যালয়সমূহ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়ে নৱম স্থান দখল কৰিবলৈ সক্ষম হৈছে৷
নতুন দিল্লীত কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে চলিত বর্ষৰ বাবে মুকলি কৰা নেচনেল ইনষ্টিটিউচনেল ৰেংকিং ফ্রেমৱর্ক (এনআইআৰএফ)ৰ তালিকাত গুৱাহাটী বিশ্ববিদ্যালয়ে এই সফলতা অর্জন কৰিবলৈ সক্ষম হৈছে৷
দেশৰ শীর্ষ ১০খন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়ে নৱম স্থান লাভ কৰিছে৷ এই তালিকাত শীর্ষস্থানত আছে কলকাতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়৷
আনহাতে চেন্নাইৰ আন্না বিশ্ববিদ্যালয়ে দ্বিতীয়, চণ্ডীগড়ৰ পাঞ্জাব বিশ্ববিদ্যালয়ে তৃতীয়, বিশাখাপট্টনমৰ অন্ধ্র বিশ্ববিদ্যালয়ে চতুর্থ, তিৰুৱন্তপুৰমৰ কেৰালা বিশ্ববিদ্যালয়ে পঞ্চম, কোচিনৰ কোচিন বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিশ্ববিদ্যালয়ে ষষ্ঠ, হায়দৰাবাদৰ ওচমানিয়া বিশ্ববিদ্যালয়ে সপ্তম, শ্রীনগৰৰ কাশ্মীৰ বিশ্ববিদ্যালয়ে অষ্টম আৰু কইম্বাটুৰৰ ভাৰতীয়াৰ বিশ্ববিদ্যালয়ে দশম স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷
আনহাতে এনআইআৰএফৰ অভিযান্ত্রিক শাখাত শ্রেষ্ঠ ১০খন প্রতিষ্ঠানৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে গুৱাহাটীস্থিত ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান (আইআইটি)–এ৷ এই শাখাত প্রতিষ্ঠানখনে অষ্টম স্থান লাভ কৰিছে৷ আনহাতে অভিযান্ত্রিক শাখাত মাদ্রাজ আইআইটিয়ে প্রথম, দিল্লী আইআইটিয়ে দ্বিতীয়, বম্বে আইআইটিয়ে তৃতীয়, কানপুৰ আইআইটিয়ে চতুর্থ, খড়গপুৰ আইআইটিয়ে পঞ্চম, ৰুৰকীৰ আইআইটিয়ে ষষ্ঠ, হায়দৰাবাদৰ আইআইটিয়ে সপ্তম, তিৰুচিৰপল্লী এনআইটিয়ে নৱম আৰু বাৰাণসীৰ আইআইটিয়ে দশম স্থান লাভ কৰিছে৷
উল্লেখ্য যে একেৰাহে সপ্তম বছৰৰ বাবে সামগ্রিকভাৱে সকলো শাখাত প্রথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে আইআইটি মাদ্রাজে৷ একেখন প্রতিষ্ঠানে অভিযান্ত্রিক শাখাত একেৰাহে ১০ বছৰৰ বাবে এইবাৰো শীর্ষস্থান দখল কৰিছে৷ সেইদৰে একেৰাহে দশম বর্ষৰ বাবে বেংগালুৰুস্থিত ভাৰতীয় বিজ্ঞান প্রতিষ্ঠানে শীর্ষ বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি লাভ কৰিছে৷ আইআইএম আহমেদাবাদেও মেনেজমেণ্ট শাখাত একেৰাহে ষষ্ঠ বছৰৰ বাবে শীর্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে৷
২০১৮ বর্ষৰ পৰা চলিত বর্ষলৈকে একেৰাহে অষ্টম বর্ষৰ বাবে চিকিৎসা বিজ্ঞান শাখাত শীর্ষস্থান লাভ কৰিছে নতুন দিল্লীস্থিত এইমছে৷ দেশৰ শ্রেষ্ঠ ১০খন কলেজৰ ভিতৰত সর্বশ্রেষ্ঠ কলেজ হিচাপে স্বীকৃতি লাভ কৰিছে হিন্দু কলেজে৷ আইন শাখাত বেংগালুৰুস্থিত নেচনেল ল’ স্কুল অৱ ইণ্ডিয়া ইউনিভার্ছিটীয়ে একেৰাহে অষ্টম বর্ষৰ বাবে শীর্ষস্থান দখল কৰিছে৷
কৃষি আৰু সংলগ্ণ খণ্ডত নতুন দিল্লীস্থিত ভাৰতীয় কৃষি গৱেষণা প্রতিষ্ঠানে একেৰাহে শীর্ষস্থান আৰু মুক্ত বিশ্ববিদ্যালয় শাখাত নতুন দিল্লীস্থিত ইন্দিৰা গান্ধী ৰাষ্ট্রীয় মুক্ত বিশ্ববিদ্যালয়ে শীর্ষস্থান লাভ কৰিছে৷ উদ্ভাৱনী শাখাত ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান, মাদ্রাজে শ্রেষ্ঠত্ব অর্জন কৰিছে৷
এই উপলক্ষে নতুন দিল্লীত আয়োজিত এক অনুষ্ঠানত ভাষণ প্রদান কৰি কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে কয় যে এনআইআৰএফ ২০২৫–এ আমাৰ প্রতিষ্ঠানসমূহৰ শক্তি আৰু শিক্ষার্থীসকলৰ প্রতি দিয়া প্রতিশ্রুতি প্রদর্শন কৰিছে৷
Niyomiya Barta Desk, 5 September