নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধানমন্ত্রীৰ চীন ভ্রমণ

দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ চীন ভ্রমণ বিশ্বজুৰি চর্চাৰ বিষয় হৈ পৰিছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ ড’নাল্ড ট্রাম্পে বিশ্বৰ আন দেশৰ লগতে ভাৰতৰ ওপৰতো অতিৰিক্ত শুল্ক আৰোপ কৰাক লৈ ভূ–ৰাজনৈতিক পৰিস্থিতি উত্তপ্ত হৈ থকাৰ সময়তে প্রধানমন্ত্রী মোদীৰ ভ্রমণ অতিকে গুৰুত্বপূর্ণ৷ বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ প্রধানমন্ত্রী মোদীৰ ভ্রমণে ভাৰতৰ বহুতো ক্ষেত্রত কূটনৈতিক লাভালাভৰ দিশে আগবঢ়াই নিছে৷ চীনৰ চিয়ানঝিনত আয়োজিত চাংহাই কতাপাবেছন অর্গেনাইজেচন, চমুকৈ এছ চি অ’ সন্মিলনত অংশ লৈ মোদীয়ে সন্ত্রাসবাদ আৰু চুবুৰীয়া চিৰবৈৰী ৰাষ্ট্র পাকিস্তানক লৈ কঠোৰ বার্তা দিয়ে৷ প্রধানমন্ত্রীগৰাকীয়ে এছ চি অ’ সদস্য দেশসমূহক সন্ত্রাসবাদৰ বিৰুদ্ধে দুমুখীয়া নীতি লোৱা দেশৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ ব্যৱস্থা গ্রহণৰ আহ্বান জনায়৷ সন্ত্রাসবাদক লৈ ভাৰতৰ শূন্য সহনশীল নীতি, সন্ত্রাসবাদৰ বিৰুদ্ধে কঠোৰ স্থিতিৰ প্রসংগৰে সন্ত্রাসবাদৰ পৃষ্ঠপোষক পাকিস্তানক আক্রমণৰ লক্ষ্য কৰি লয়৷ জম্মু আৰু কাশ্মীৰৰ পেহেলগামত সন্ত্রাসবাদী আক্রমণত সীমান্তৰ সিপাৰৰ সন্ত্রাসবাদ জড়িতৰ তথ্য দাঙি ধৰি প্রধানমন্ত্রীগৰাকীয়ে নাম নোলোৱাকৈ পাকিস্তানক জগৰীয়া কৰে৷ পাকিস্তানৰ প্রধানমন্ত্রী শ্বেহৱাজ শ্বৰীফৰ সন্মুখতে প্রধানমন্ত্রী মোদীয়ে সন্ত্রাসবাদ আৰু সন্ত্রাসবাদৰ পৃষ্ঠপোষক ৰাষ্ট্রক কঠোৰ বার্তা দিয়ে৷ প্রধানমন্ত্রীৰ কঠোৰ বার্তাত এছচিঅ’ সন্মিলনে সহমত প্রকাশ কৰি টিয়ানঝিন ঘোষণা পত্রত পেহেলগাম সন্ত্রসাবাদী আক্রমণক কঠোৰ ভাষাৰে গৰিহণা দিয়ে৷ তদুপৰি সন্ত্রাসবাদী আক্রমণত জড়িতক ন্যায়ৰ কাঠগড়াত অনাৰ বাবেও ব্যৱস্থা লোৱাৰ ক্ষেত্রত সহমত প্রকাশ কৰে৷ টিয়ানঝিনত এয়া ভাৰতৰ বৃহৎ কূটনৈতিক জয়৷ পাকিস্তানৰ সন্মুখতে তদুপৰি পাকিস্তানৰ ঘনিষ্ঠ বন্ধু চীনৰ মাটিত পেহেলগাম সন্ত্রাসবাদী আক্রমণক গৰিহণা নতুন দিল্লীৰ বাবে এক ইতিবাচক দিশ৷
বিবদমান সীমাক লৈ বিশেষকৈ গালোৱান সংঘর্ষৰ পিছত সৃষ্ট উত্তেজনাময় পৰিস্থিতিয়ে ভাৰত আৰু চীনৰ মাজত অব্যাহত ৰখা ভূ–ৰাজনৈতিক বিপর্যয়ৰ সময়তে প্রধানমন্ত্রী মোদীৰ চীন ভ্রমণ অতিকৈ তাৎপর্যপূর্ণ৷ এছ চি অ’ সন্মিলনত অংশ ল’বলৈ চীন ভ্রমণ কৰা প্রধানমন্ত্রী মোদীৰ ভ্রমণে দুয়ো দেশৰ সম্পর্ক উন্নীতকৰণত বাট মুকলি কৰি দিয়ে৷ মার্কিন ৰাষ্ট্রপতি ট্রাম্পৰ শুল্ক বোমাই ভাৰতক চীনৰ ওচৰ চপাত সহায় কৰি দিয়ে৷ ৰাছিয়াৰ পৰা তেল ক্রয়ক লৈ ট্রাম্পে ভাৰতৰ ওপৰত অতিৰিক্ত ৫০ শতাংশ শুল্ক আৰোপত চীনে প্রত্যক্ষভাৱে বিৰোধিতা কৰে৷ যিয়ে প্রতিদ্বন্দ্বী ৰাষ্ট্র চীনৰ সৈতে সম্পর্ক উন্নীতকৰণত সহায়ক হৈ পৰে৷ সীমা সমস্যাৰ পৰা চীনৰ বাণিজ্যিক দিশক লৈ আলোচনা বেইজিং আৰু দিল্লীৰ মাজত চলি আহিছে যদিও প্রধানমন্ত্রী মোদীৰ ভ্রমণে এইক্ষেত্রত নতুন গতি দিয়ে৷ এছচিঅ’ সন্মিলনৰ সময়তে প্রধানমন্ত্রী মোদী আৰু চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙৰ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত দুয়ো দেশৰ বিবদমান বিষয়ক লৈ আলোচনা হয় আৰু সু-মীমাংসাৰ ক্ষেত্রত সহমতত উপনীত হয়৷ চীনৰ ৰাষ্ট্রপতি আৰু ভাৰতৰ প্রধানমন্ত্রীৰ বৈঠক দুয়োখন দেশৰ সম্পর্ক উন্নীতকৰণৰ এক সবল খোজ৷ ড্রেগন আৰু হাতী একেলগে কাম কৰি যোৱাৰ সহমতত উপনীত হয়৷ মোদীৰ ভ্রমণে কৈলাস–মানস সৰোবৰ যাত্রা পুনৰ মুকলি, বেইজিং–দিল্লীৰ প্রত্যক্ষ বিমান সেৱা আদি বাণিজ্যিক দিশৰ আনুষ্ঠানিকতা সম্পন্ন হয়৷ কিন্তু বিবদমান সীমাক লৈ স্পষ্ট মীমাংসাৰ কোনো ইংগিত দেখা নগ’ল৷ তেনেদৰে উত্তৰ–পূর্বাঞ্চলক সংকটত পেলাব পৰা চীনৰ বৃহৎ নদীবান্ধ সন্দর্ভতো চর্চাৰ তথ্য পোহৰলৈ নাহিল৷ চুবুৰীয়া প্রতিদ্বন্দ্বী ৰাষ্ট্রখনৰ লগত দ্বিপাক্ষিক সম্পর্ক উন্নীতকৰণত মোদীৰ ভ্রমণ চর্চিত হৈ থাকিব৷ আনপিনে, ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনৰ সৈতে মোদীৰ দ্বিপাক্ষিক বৈঠক৷ মার্কিন যুক্তৰাষ্ট্রৰ আধিপত্যবাদৰ মাজতে চীন, ভাৰত আৰু ৰাছিয়াৰ মিলন৷ বিশ্বৰ তিনি বৃহৎ শক্তিৰ মহামিলনে মার্কিন যুক্তৰাষ্ট্রক উদ্বিগ্ণ কৰি তোলাটো মোদীৰ চীন ভ্রমণৰ চর্চিত বিষয়৷ ৰাছিয়াৰ সৈতে ঐতিহাসিক সম্পর্ক অধিক মজবুত কৰাটো ভাৰতৰ বাবে ইতিবাচক, তেনেদৰে চীনৰ সৈতে সম্পর্ক মধুৰ কৰাটোও ইতিবাচক৷ কিন্তু ইতিহাসৰ দৃষ্টিৰে চালে বেইজিঙৰে সম্পর্ক নতুন দিল্লীৰ বাবে যিমান ইতিবাচক, সেয়া বিচার্য হ’ব৷ মার্কিন যুক্তৰাষ্ট্রক প্রত্যাহ্বান জনাবলৈ চীনে ভাৰতৰ সৈতে সম্পর্ক গঢ়ি তোলা, ভাৰতেও আগবাঢ়ি যোৱা কূটনীতি কিমানদূৰ আগবাঢ়ি যাব সেয়া বিবেচনাধীন৷ কিয়নো চৈৰবৈৰী ৰাষ্ট্র পাকিস্তানৰ ঘনিষ্ঠ বন্ধু চীন ভাৰতৰ বাবে কিমান বিশ্বাসযোগ্য হৈ থাকিব, সেয়াও লক্ষণীয় হ’ব৷

You might also like