নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উমলি থাকোঁতে জীৱন্তে অগ্ণিদগ্ধ হৈ দুই শিশুৰ কৰুণ মৃত্যু

গোসাঁইগাঁৱৰ কচুগাঁৱত মর্মান্তিক ঘটনা

নিয়মীয়া বাৰ্তা ৬ জানুৱাৰীঃ উমলি থকা অৱস্থাতে দুর্ঘটনাবশতঃ জীৱন্তে অগ্ণিদগ্ধ হৈ কৰুণ মৃত্যুক সাবটি ল’বলগীয়া হ’ল দুটি ফুলকুমলীয়া শিশুৱে৷ এই হূদয়বিদাৰক ঘটনা আজি দিনৰ প্রায় ১১ বজাত সংঘটিত হয় গোসাঁইগাঁৱৰ কচুগাঁও থানাৰ অন্তর্গত নয়ানগৰ গাঁৱত৷ অগ্ণিকাণ্ডত প্রাণ হেৰুওৱা শিশু দুটি হ’ল অমিন্দ্রা কিস্কুৰ কন্যা আর্চিনা (৪) আৰু সোম হেমব্রমৰ পুত্র মণিৰাম (৫)৷ দুয়োটি শিশুৱে লুকাভাকু খেলি থাকোঁতে শুকান মৰাপাটৰ এটা দ’মৰ কাষত লুকাই আছিল বুলি একাংশ লোকে অনুমান কৰে৷ সেই সময়তে মৰাপাটৰ দ’মটোত জুই লাগে আৰু মুহূর্ততে দাওদাওকৈ জ্বলি উঠে শুকান মৰাপাট৷ জুইৰ লেলিহান শিখাই দুর্ভগীয়া শিশু দুটিক আগুৰি ধৰাত আর্চিনা আৰু মণিৰাম জীৱন্তে অগ্ণিদগ্ধ হয়৷ সেই সময়ত পৰিয়ালৰ লোক ঘৰত নথকাত শিশু দুটিক ৰক্ষা কৰাটো সম্ভৱ নহ’ল৷ স্থানীয় লোকে অগ্ণিনির্বাপক বাহিনীত খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ লগতে অগ্ণিনির্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নির্বাপণ কৰাৰ লগতে শিশু দুটিৰ অগ্ণিদগ্ধ মৃতদেহ উদ্ধাৰ কৰে৷ এই মর্মান্তিক ঘটনাই অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে৷ দুয়োটা মৃতদেহ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰে৷
মুখ্যমন্ত্রীৰ শোক প্রকাশ
কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ কচুগাঁও থানাৰ অন্তর্গত নয়ানগৰ গাঁৱত দুটিকৈ শিশু অগ্ণিদগ্ধ হৈ কৰুণভাৱে মৃত্যুবৰণ কৰিবলগীয়া হোৱা ঘটনাত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে গভীৰ শোক প্রকাশ কৰিছে৷ এই ঘটনা অত্যন্ত মর্মান্তিক বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে মৃত শিশু দুটিৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷

You might also like