ডিজিটেল ডেস্ক, ২৪ নৱেম্বৰ : মহানগৰীৰ বিভিন্ন প্ৰান্তত চুৰি কাণ্ড সংঘটিত কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি অহা পাঁচ দুৰ্ধৰ্ষ চোৰ জালত পৰিছে আৰক্ষীৰ। বশিষ্ঠ আৰক্ষীৰ জালত পৰা ৫ গভাইত চোৰ হ’ল হাউলীৰ জাকিৰ আলী, জুৰিয়াৰ আশ্ৰাফুল ইছলাম, মুকালমুৱাৰ চাহজাহান আলী, ইউচুফ আলী আৰু পাটৰকুছিৰ চন্দন বড়ো। আৰক্ষীয়ে এই পাঁচ দুৰ্ধৰ্ষ চোৰৰ পৰা ৩টা চুৰি মোবাইল ফোন, এখন চুৰি চাইকেল, এটা চুৰি বেটাৰীৰ লগতে চুৰি কাৰ্যত ব্যৱহৃত বিভিন্ন সামগ্রী জব্দ কৰিছে।