নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিত ৰকিবুলৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিত ৰাইজ অসন্তুষ্ট

🟢ৰকিবুলৰ দুৰ্গ চামগুৰিত অৰ্ধশতাধিকৰ অগপত যোগদান

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল ৷ তাৰ ব্যতিক্ৰম নহয় আঞ্চলিক দল অগপ দলো ৷ যোৱানিশা চামগুৰি সমষ্টিৰ লাওখোৱা মৌজাৰ অন্তৰ্গত শিঙিমাৰী পঞ্চায়তৰ পৰা প্ৰায় অৰ্ধশতাধিক কংগ্ৰেছী নেতা-কৰ্মীয়ে ৰকিবুল হুছেইনৰ ভেটিত কঁপনি তুলি কংগ্ৰেছ দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে অগপত যোগদান কৰে৷ অগপত যোগদান কৰাসকলক অগপ নেতা আবু বক্কৰ ছিদ্দিকে দলীয় গামোচাৰে আদৰি লয় ৷ অগপত যোগদান কৰিয়েই ড০ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, কেশৱ মহন্ত জিন্দাবাদ আৰু অতুল বৰা জিন্দাবাদ ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে ৷ উল্লেখ্য যে চামগুৰি সমষ্টিৰ লাওখোৱা মৌজাটো ৰকিবুল হুছেইনৰ কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত আছিল৷ আৰু এই লাওখোৱা মৌজাতে আৰম্ভ হৈছে কংগ্ৰেছৰ খহনীয়া৷ চামগুৰিত যোৱা ২৫টা বছৰ ধৰি ৰকিবুল হুছেইনে ৰাজত্ব কৰি আছে ৷ ৰকিবুল হুছেইনৰ ৰাজত্ব কালত কাম-কাজৰ প্ৰতি অসন্তুষ্টি হৈ কংগ্ৰেছ দল ত্যাগ কৰা বুলি জানিব পৰা গৈছে৷ চামগুৰিত কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিয়ে সকলোকে আমুৱাই পেলাইছে৷ প্ৰথমে ৰকিবুল হুছেইনৰ পিতৃ প্ৰয়াত নুৰুল হুছেইন পিছত ৰকিবুল হুছেইন এতিয়া আকৌ ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনক কংগ্ৰেছৰ সক্ৰিয় ৰাজনীতিত নমাই দিছে৷ চামগুৰিত কংগ্ৰেছৰ এই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বাবেই ৰাইজ অসন্তোষ হৈ পৰিছে বুলি জানিব পৰা গৈছে ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like