নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাওকাটাৰ বেটাগাঁৱত বন্যহস্তীৰ উপদ্ৰৱ

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰ : তামুলপুৰ জিলাৰ নাওকাটাৰ বিভিন্ন গাঁৱত বৃহৎ হাতীৰ জাকে বিগত কেইবাদিনো ধৰি নিদ্ৰা হৰণ কৰিছে অঞ্চলটোৰ কেইবাখনো গাঁ‌ৱৰ ৰাইজৰ। ভাৰত ভূটান সীমান্তৰ বনাঞ্চলৰ পৰা জনাঞ্চললৈ অহা বন্যহস্তীৰ জাকে যোৱা নিশা উপদ্ৰৱ চলাই বৃহৎ ক্ষতিসাধন কৰে। উল্লেখ যে যোৱা নিশা বন্যহস্তীৰ জাকে উপদ্ৰৱ চলাই ২ নং বেটাগাওঁৰ সুকুমাৰ দাস আৰ সুশীল দাসৰ বাসগৃহ তচনচ কৰাৰ লগতে বিস্তৃত কৃষিভূমি ক্ষতিসাধন কৰে। অঞ্চলটোৰ বৰনদীৰ হাবিত বাহৰ পাতি থকা হাতীৰ জাকটোৱে নিশা হ’লে গাওঁত প্ৰৱেশ কৰি তাণ্ডৱ চলাই আহিছে। গাঁ‌ওসমূহত বন্য হস্তীৰজাকে উপদ্ৰৱ চলায় ঘৰ দুৱাৰ তহিলং কৰাৰ লগতে বিস্তৃত কৃষিভূমি ক্ষতিসাধন কৰিছে যদিও কোনো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাই বন বিভাগে। এতিয়া বন্যহস্তীৰ উপদ্ৰৱৰ বাবে বিনিদ্ৰ ৰজনী কটাইছে ৰাইজে । হাতীৰ জাক খেদাত ব্যস্ত হোৱা গঞা ৰাইজৰ অভিযোগ ডেৰ শতাধিক হাতীৰ এটা জাকে বিগত কেইবাদিনো ধৰি নিদ্ৰা হৰণ কৰিছে কেইবাখনো গাঁ‌ৱৰ ৰাইজক৷ বন বিভাগেও হাতী খেদি পঠিওৱাত ব্যৰ্থ হোৱাৰ বাবে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে ৰাইজে।

প্ৰেৰক পৱন নাথ

You might also like