নিয়মীয়া বাৰ্তা, ৫ নৱেম্বৰঃ বঙাইগাঁও শোধনাগাৰৰ উদ্যোগত যোৱা ৩১ অক্টোবৰত আৰম্ভ হোৱা সতৰ্কতা সজাগতা সপ্তাহ উপলক্ষে বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে। কাৰ্যসূচীৰ লগত সংগতি ৰাখি যোৱা বৃহস্পতিবাৰে নিকটৱৰ্তী বৰপথাৰ গাঁৱৰ বাসিন্দাসকলৰ বাবে গাঁও সভা আৰু স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত উপ-মহাপ্ৰৱন্ধক ( ভিজিলেন্স) এছ চি মানচে, উপ-মহাপ্ৰৱন্ধক ( নিৰাপত্তা) মুছাকা বড়ো, জ্যেষ্ঠ প্ৰৱন্ধক ( ভিজিলেন্স) আৰ কে গুপ্তা, সহকাৰী প্ৰৱন্ধক( নিৰাপত্তা) দিলিপ কুমাৰ দাস, জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ চিন্ময় দত্ত, ঢালিগাঁও গাঁও পঞ্চায়তৰ সভাপতি মাকন ঘোষকে ধৰি শোধনাগাৰ, জিলা পৰিষদ তথা এন এইচ এমৰ ভালেমান বিষয়া উপস্থিত থাকে। উপ মহাপ্ৰবন্ধক মানচেই নিজৰ ভাষণত সতৰ্কতা সজাগতা সপ্তাহৰ এই বছৰৰ বাণী ‘উন্নত ৰাষ্ট্ৰৰ বাবে দুৰ্নীতি মুক্ত ভাৰত’ সম্পৰ্কে গাঁও সভাত ব্যাখ্যা কৰে। দাঁতি-কাষৰীয়া জনসাধাৰণৰ মাজত একতা, সততা আৰু স্বচ্ছতা সম্পৰ্কে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে শোধনাগাৰ কৰ্তৃপক্ষই গাঁও সভা অনুষ্ঠানত শপত বাক্য পাঠ কৰোৱাৰ উপৰি বাটৰ নাট প্ৰদৰ্শন কৰে।।
প্ৰেৰক বিপুল কুমাৰ দাস