নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনা উচ্চতৰ মাধ্যমিকৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কল্পনা গগৈক বিদায় সম্বৰ্ধনা

ঢকুৱাখনা সম-জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ তথা ৰাজ্যিক কৃতী শিক্ষকৰ বঁটাপ্ৰাপ্ত কল্পনা গগৈক বিদ্যালয়ৰ পৰা আনুষ্ঠানিকভাৱে বিদায়ী সম্বৰ্ধনা জনোৱা হয়।

এই উপলক্ষে আজি বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত কৰে বিদ্যালয় কৰ্তৃপক্ষই। বিদ্যালয়খনৰ শৈক্ষিক তত্বাবধায়ক ইভাৰানী চমুৱাই সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষক-কৰ্মচাৰী সম্পাদক বিপুল শৰ্মাই।

বিষয় শিক্ষক শ্যাম কুমাৰ ঢাকালে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা সম্বৰ্ধনা সভাখনৰ প্ৰাকমুহূৰ্তত অৱসৰী শিক্ষকগৰাকীক বিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ পৰা সভাগৃহলৈ শিক্ষক-কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰীসকলে আদৰি আনে।

অৱসৰী অধ্যক্ষগৰাকীক ফুলাম গামোচা, ধৰ্মীয় কিতাপ, শৰাই, চেলেং চাদৰ, সম্বৰ্ধনা পত্ৰ, ছাতি আদিৰে বিপুল সম্বৰ্ধনা জনোৱাৰ লগতে বিদ্যালয়খনৰ ছাত্ৰ- ছাত্ৰীয়ে কলম-কিতাপ আদিৰে বিদায় সম্ভাষণ জনায়।

উল্লেখ্য যে ১৯৮৮ চনতে ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰি ৩৮টা বছৰে বিদ্যালয়খনৰ জৰিয়তে মানৱ সম্পদ সৃষ্টিত অকৃপণ অৰিহণা যোগাই অহা কল্পনা গগৈয়ে চৰকাৰী নীতি অনুসাৰে যোৱা ফেব্ৰুৱৰী মাহত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে।

নিষ্ঠাবান আৰু কৰ্তব্যনিষ্ঠাক আগস্থান দিয়া ৰাজ্যিক কৃতী শিক্ষকৰ বঁটাৰে সন্মানিত শিক্ষয়িত্ৰীগৰাকীয়ে ২০১৭ চনৰ ২০২৬ চনলৈ বিদ্যালয়খনৰ অধ্যক্ষ হিচাপে ছাত্ৰ, সহকৰ্মী, অভিভাৱক আৰু স্থানীয় ৰাইজৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰি বিদ্যালয়ৰ উন্নয়নৰ বাবে অহোপুৰুষাৰ্থ কৰি যোৱা শিক্ষয়িত্ৰীগৰাকীৰ ভূমিকাক সভাত সকলোৱে একেমুখে শলাগ লোৱাৰ লগতে তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘজীৱন কামনা কৰি বক্তব্য প্ৰদান কৰে।

সম্বৰ্ধনা গ্রহণ কৰি অৱসৰী কৃতী শিক্ষয়িত্ৰী তথা অধ্যক্ষ কল্পনা গগৈয়ে কয় যে বিদ্যালয়খন মোৰ আপোন ঘৰখনৰ দৰে । শিক্ষকসকলে বিদ্যালয়খনক সদায় নিজৰ ঘৰখনৰ দৰে আপোন বুলি জ্ঞান কৰিব লাগে। একেদৰে ছাত্র-ছাত্রীসকলকো নিজৰ সন্তানৰ দৰে ভাবিব লাগে।

তেওঁ ৩৮ বছৰীয়া কৰ্ম জীৱনৰ স্মৃতি ৰোমন্থন কৰি আজি বিদায় পৰত আৱেগিক হৈ পৰে।গাম্ভীৰ্যপূৰ্ণ সম্বৰ্ধনা অনুষ্ঠানটিত বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট শিক্ষাবিদ ডিম্বেশ্বৰ গগৈ, বিদ্যাখনৰ প্ৰাক্তন অধ্যক্ষ চেনিৰাম বৰুৱা,প্ৰেম গগৈ, পদ্মা বৰা,শিক্ষাবিদ কুমুদ শৰ্মা,কমল বৰগোহাঁই,প্ৰফুল্ল চুতীয়াকে ধৰি বিদ্যালয়খনৰ গৰিষ্ঠ সংখ্যক শিক্ষক – কৰ্মচাৰী,ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।

নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ১৩ মে’

You might also like