ৰিণিকি ভূঞা শর্মাক সম্বর্ধনা লন টেনিছ সন্থাৰ
নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ গুৱাহাটী লন টেনিছ সন্থা, চমুকৈ জি এল টি এৰ সভাপতি কল্যাণ কুমাৰ দাস আৰু সাধাৰণ সম্পাদক ভাস্কৰ শর্মাৰ নেতৃত্বত যোৱা এটি দলে আজি ৰাষ্ট্রীয় পর্যায়ৰ প্রাক্তন টেনিছ খেলুৱৈ তথা বিশিষ্ট সমাজসেৱিকা আৰু প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক তথা অধ্যক্ষা ৰিণিকি ভূঞা শর্মাক তেওঁৰ বাসগৃহত সম্বর্ধনা জনায়৷ জি এল টি এৰ সামগ্রিক উন্নয়নত আৰম্ভণিৰে পৰা অনবদ্য সহায় আৰু সমর্থন আগবঢ়াই অহাৰ স্বীকৃতিস্বৰূপে ৰিণিকি ভূঞা শর্মালৈ এই সন্মান আগবঢ়োৱা হয়৷ জি এল টি এৰ কর্মকর্তাসকলে ৰিণিকি ভূঞা শর্মাক বিভিন্ন উপহাৰৰ লগতে শৰাই, চেলেং চাদৰ আৰু ফুলৰ তোড়াৰে সম্বর্ধনা জনায়৷ সম্বর্ধনা গ্রহণ কৰি আনন্দ প্রকাশ কৰা ৰিণিকি ভূঞা শর্মাই জি এল টি এলৈ অদূৰ ভৱিষ্যতে যথাসম্ভৱ সকলো ধৰণৰ সহায়–সহযোগিতা আগবঢ়োৱাৰ পোষকতা কৰে৷