নিয়মীয়া বাৰ্তা, ৪ অক্টোবৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ কালোঘাটপাৰৰ ওচৰত অৱস্থিত ২নং UCO বেংকত কালি এক চুৰি কাণ্ড সংঘটিত হোৱা বুলি বেংকৰ মেনেজাৰজনে মানকাচৰ আৰক্ষী থানাত খবৰ দিয়ে। শাখাটোৰ তলা কাটি চোৰে বেংকৰ ভিতৰত প্ৰৱেশ কৰি চুৰি সংঘটিত কৰে বুলি আৰক্ষীক জনোৱাত আৰক্ষীয়ে ততাতৈয়াকৈ বেংকৰ শাখাটোত উপস্থিত হয়।
শাখাটোৰ মেনেজাৰে জনোৱা মতে, আবেলি আঢ়ৈ বজাত আহাৰ গ্ৰহণৰ বাবে বেংকৰ কৰ্মচাৰীসকলে শাখাটোত তলা বন্ধ কৰি বাহিৰলৈ গৈছিল, আহাৰ খাই আহি দেখে যে শ্বাটাৰখনৰ তলাটো ভঙা। এই ঘটনাত ১২ লাখ টকা চুৰি হোৱা বুলি জানিবলৈ দিয়ে। বেংকৰ চিচি কেমেৰা ৰহস্যজনকভাৱে বন্ধ থকাত আৰক্ষীৰ মাজত সন্দেহ ঘনীভূত হয়।
মানকাচৰ আৰক্ষী আৰু পৰৱৰ্তী সময়ত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ SP-এ বেংকটোত উপস্থিত হৈ তদন্ত কৰাত বেংকৰ ভিতৰৰ পৰাই চুৰি হোৱা ৯.৫০ লাখ টকা উদ্ধাৰ কৰে বুলি SP-এ সদৰী কৰে। ঘটনা সন্দৰ্ভত এজন বেংক কৰ্মচাৰীক নিশা আটক কৰি মানকাচৰ আৰক্ষী থানালৈ লৈ গৈছে। এই চুৰি কাণ্ডত UCO বেংকৰ শাখাটোৰ মেনেজাৰ-কৰ্মচাৰী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশই।
প্ৰেৰক ফাৰহাদ আহমেদ