নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিকিৎসকৰ দলক কাচি লৈ খেদিলে ভেকচিন নোলোৱা লোকে

সৰুক্ষেত্রীত হৰ ঘৰ দস্তক অভিযানত অথন্তৰ

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ সর্থেবাৰীত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ নেতৃত্বত ঘৰে ঘৰে চিকিৎসক–স্বাস্থ্যক দল৷ পাঁচ ডিচেম্বৰত শেষ কৰাৰ লক্ষ্য ক’ভিড ভেকচিনৰ প্রথম পালি৷ এশ শতাংশ টিকাকৰণৰ লক্ষ্যৰে এতিয়া নামি পৰিছে চিকিৎসক–চিকিৎসা কর্মী৷ পিছে সৰুক্ষেত্রীত ভেকচিন দিবলৈ যোৱা চিকিৎসক, যুটীয়া সঞ্চালক আৰু স্বাস্থ্যকর্মীৰ দলৰ লটিঘটি হ’ল৷ প্রাণ লৈ পলাবলগীয়া হ’ল স্বাস্থ্য বিষয়া, চিকিৎসকৰ দল৷ সর্থেবাৰীৰ কামাপাৰাত সংঘটিত হ’ল এহ ঘটনা৷

উল্লেখ্য যে আজি সৰুক্ষেত্রীত ক’ভিড ভেকচিন নোলোৱা লোকৰ ঘৰে ঘৰে উপস্থিত হৈছিল স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক, সৰুক্ষেত্রী ত্রিশখন বিছনাযুক্ত গ্রাম্য চিকিৎসালয়ৰ ভাৰপ্রাপ্ত চিকিৎসা বিষয়া ডাঃ প্রণৱজ্যোতি দাসসহ স্বাস্থ্যকর্মীৰ দল৷ পিছে ভেকচিন দিবলৈ গৈ প্রাণ লৈ পলাবলগীয়া হ’ল যুটীয়া সঞ্চালকৰ লগতে চিকিৎসক তথা স্বাস্থ্যকর্মীৰ দল৷ সর্থেবাৰীৰ কামাৰপাৰাত সংঘটিত হ’ল এহ ঘটনা৷ কামাৰপাৰাৰ ৰাজেন শীলৰ পৰিয়ালে এতিয়াও লোৱা নাহ ক’ভিড ভেকচিন৷ আজি ৰাজেন শীলৰ বাসগৃহত উপস্থিত হৈছিল বৰপেটা জিলাৰ যুটীয়া সঞ্চালক, সৰুক্ষেত্রী ত্রিশখন বিছনাযুক্ত গ্রাম্য চিকিৎসালয়ৰ ভাৰপ্রাপ্ত চিকিৎসা বিষয়া ডাঃ প্রণৱজ্যোতি দাসসহ স্বাস্থ্যকর্মীৰ দল৷ কিন্তু চিকিৎসকৰ দল দেখি ক্রোধান্বিত হৈ পৰিল ৰাজেন শীল৷ যুটীয়া সঞ্চালকৰ লগতে স্বাস্থ্য বিভাগৰ কর্মচাৰীৰ লগত প্রথমতে তর্ক–বিতর্কত লিপ্ত হয় ৰাজেন শীল৷

স্বাস্থ্য বিভাগৰ বিষয়া–কর্মচাৰী তথা চিকিৎসকৰ দলে তেওঁক বুজনি দিবলৈ চেষ্টা কৰে৷ কিন্তু বেছিকৈ বুজাহ থকাত অগ্ণিশর্মা হৈ পৰা ৰাজেন শীলে এটা সময়ত ধান কটা কাচি লৈ কাটিবলৈ খেদি আহে যুটীয়া সঞ্চালকৰ লগতে চিকিৎসা কর্মীৰ দলক৷ অৱশেষত প্রাণ লৈ পলাল চিকিৎসকৰ দল৷ একেদৰে নামশলাতো ক’ভিড ভেকচিন দিবলৈ যোৱা চিকিৎসকৰ দলক অশ্লীল গালি–গালাজ কৰি খেদি পঠিয়ায় ক’ভিড ভেকচিন নোলোৱা লোকে৷ পাছত অতিৰিক্ত উপায়ুক্ত লাচিত দাস ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় বুলি জানিব পৰা গৈছে৷

You might also like