নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিয়মীয়া বাৰ্তাৰ জ্যেষ্ঠ সাংবাদিক ৰঞ্জিত দত্তলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাংবাদিকতা বঁটা

বিশেষ বাৰ্তা, ৫ ফেব্ৰুৱাৰী : নিয়মীয়া বাৰ্তা কাকত আৰু নিউজ লাইভৰ স’তে জন্মলগ্নৰে পৰা জড়িত তিনিচুকীয়া জিলাৰ ব্যুৰ’ তথা জ্যেষ্ঠ সাংবাদিক ৰঞ্জিত দত্তলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাংবাদিকতা বঁটা ঘোষণা কৰিছে৷ ২ ফেব্ৰুৱাৰীত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰা স্বাক্ষৰিত জ্যেষ্ঠ সাংবাদিক ৰঞ্জিত দত্তলৈ প্ৰেৰণ কৰা এখন পত্ৰৰ জৰিয়তে অৱগত কৰে যে ২৬ জানুৱাৰীত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২সংখ্যক বৰ্ষৰ পঞ্চমখন মূল কায্যনিৰ্বাহক সভাই এইবেলিৰ পৰা প্ৰৱৰ্তন কৰা “সাংবাদিকতা বঁটা”টি ২০২৩ বৰ্ষত ৰঞ্জিত দত্তলৈ আগবঢ়োৱাৰ সিদ্ধান্ত লোৱা হয় ৷ বঁটাৰ লগতে প্ৰশস্তি পত্ৰ, অংগবস্ত্ৰ, গ্ৰন্থৰ টোপোলা আৰু মাননি আগবঢ়োৱা হ’ব ৷ জোনাইত অনুষ্ঠিত হ’ব লগা আগন্তুক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২সংখ্যক বাৰ্ষিক অধিৱেশনৰ ১২ ফেব্ৰুৱাৰীৰ মুকলি সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতেৰে ৰঞ্জিত দত্তক সাংবাদিকতা বঁটাটি প্ৰদান কৰা হ’ব৷ গতিকে উক্ত পত্ৰৰ জৰিয়তেই ১২ ফেব্ৰুৱাৰী দেওবাৰে দিনৰ ১১.৩০ বজাত উপস্থিত হৈ বঁটাটি গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায় দত্তক৷ ৰাইজৰ স্বাৰ্থত প্ৰতিটো সময়তে নিজৰ দায়িত্ব নিষ্ঠা আৰু সততাৰে সাংবাদিকতাৰ জৰিয়তে পালন কৰাৰ লগতে সামাজিক আৰু বহু ব্যক্তিগতভাৱে সমাজৰ হকে অৱদান আগবঢ়াই অহা জ্যেষ্ঠ সাংবাদিক ৰঞ্জিত দত্তলৈ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ তৰফৰ পৰা সাংবাদিকতা বঁটা ঘোষণা কৰা বুলি জানিব পাই তিনিচুকীয়াৰ সাংবাদিক সমাজৰ লগতে শুভাকাংক্ষীসকলে অভিনন্দন জ্ঞাপন কৰাৰ লগতে উৎসাহ প্ৰদান কৰিছে ৷

প্ৰেৰক বিবেক বড়া

You might also like