ৰাইজৰ দললৈ শ্বেৰমান আলী আহমেদ, চেঙা সমষ্টিত নিৰ্বাচনী যুদ্ধৰ ইংগিত
কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদে শীঘ্ৰেই অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলত যোগদান কৰিব বুলি নিশ্চিত হৈছে। কেৱল যোগদানেই নহয়, আগন্তুক নিৰ্বাচনত ৰাইজৰ দলৰ হৈ বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰো সম্ভাৱনা আছে।
এই সন্দৰ্ভত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে স্পষ্ট কৰি কয় যে কাইলৈ তথা ১১ জানুৱাৰীত শ্বেৰমান আলী আহমেদে আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰিব পাৰে। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত তেমুৰাদংৰাত অনুষ্ঠিত এখন ৰাজহুৱা সভাত অংশগ্ৰহণৰ অন্তত সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে অখিল গগৈয়ে।
শ্বেৰমান আলী আহমেদৰ প্ৰশংসাত পঞ্চমুখ হৈ অখিল গগৈয়ে কয় যে শ্বেৰমান আলী সংখ্যালঘু সম্প্ৰদায়ৰ বিধায়কসকলৰ মাজত সৰ্বাধিক কৰ্মদক্ষ আৰু জনদৰদী নেতা। তেওঁ কয়, শ্বেৰমান আলীয়ে সদায় জনগণৰ সমস্যাক অগ্ৰাধিকাৰ দি সাহসেৰে কথা কৈ আহিছে, যাৰ বাবে তেওঁ জনগণৰ মাজত যথেষ্ট জনপ্ৰিয়।
ৰাজনৈতিক মহলত এই ঘটনাই যথেষ্ট চৰ্চা সৃষ্টি কৰিছে। কংগ্ৰেছ দলৰ পৰা নিলম্বিত হোৱাৰ পিছত শ্বেৰমান আলী আহমেদৰ ৰাইজৰ দলত যোগদানক আগন্তুক নিৰ্বাচনৰ পূৰ্বে এক গুৰুত্বপূর্ণ ৰাজনৈতিক বিকাশ হিচাপে গণ্য কৰা হৈছে। বিশেষকৈ চেঙা সমষ্টিত এই যোগদানে ৰাজনৈতিক সমীকৰণত নতুন মোৰ আনিব বুলি ধাৰণা কৰা হৈছে।
মুঠতে, শ্বেৰমান আলী আহমেদৰ ৰাইজৰ দলত যোগদান আৰু সম্ভাব্য প্ৰাৰ্থিত্বই অসমৰ ৰাজনীতিত নতুন আলোড়ন সৃষ্টি কৰিব বুলি নিশ্চিত।
ডিজিটেল ডেস্ক, ১০ জানুৱাৰী