তোমাৰ বেটিঙে শান্তি দিছিল ক্রিকেট অনুৰাগীক, অৱসৰী পূজাৰালৈ প্রধানমন্ত্রী মোদীৰ মুকলি চিঠি
নিউজ ডেস্ক, ১ ছেপ্টেম্বৰ : যোৱা দেওবাৰে সকলো ধৰণৰ ক্রিকেটক বিদায় জনাইছিল শ্বেটেশ্বৰ পূজাৰাই৷ ইয়াৰ কেইদিনমানৰ পিছতেই সদ্যপ্রাক্তন ক্রিকেটাৰগৰাকীলৈ মুকলি চিঠি লিখিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ অসাধাৰণ কেৰিয়াৰৰ বাবে পূজাৰাক শুভেচ্ছা জনাইছে প্রধানমন্ত্রীগৰাকীয়ে৷ তেওঁৰ ধাৰণা– টি–২০ ক্রিকেটৰ ৰমৰমীয়া যুগতো টেষ্ট ক্রিকেটৰ সৌন্দর্য মনত পেলাই দিছিল পূজাৰাই৷
উল্লেখ্য যে ৰাহুল দ্রাবিড়ৰ পিছত ধ্রুপদী টেষ্ট বেটিঙৰ ধাৰা বোৱাই নিয়া ক্রিকেটাৰগৰাকীয়েই হ’ল পূজাৰা৷ তেওঁৰ অসীম ধৈর্য, চাপৰ মুখত অটুট থকা যুঁজাৰু মানসিকতা প্রায় এক দশক ভাৰতীয় ক্রিকেটৰ সম্পদ হিচাপে পৰিগণিত হৈছিল৷ দেশ–বিদেশ সকলোতে সমানে সফলতা লাভ কৰিছিল তেওঁ৷ পূজাৰাৰ বর্ণময়ী কেৰিয়াৰক সন্মান জনাই চিঠি লিখিছে প্রধানমন্ত্রী মোদীয়ে ৷
আৱেগঘন এই চিঠিত মোদীৰ বার্তা– তোমাৰ কেৰিয়াৰত বহুসংখ্যক মেচত ভাৰত বিজয়ী হৈছে আৰু তুমি ৰান কৰিবলৈ সক্ষম হৈছা৷ কিন্তু তোমাৰ বেটিঙত ক্রিকেটপ্রেমীয়ে যি শান্তি বিচাৰি পাইছিল, যিদৰে টীম ইণ্ডিয়া নিশ্চিত হ’ব পাৰিছিল, তাক কোনো সংখ্যাৰে জুখিব পৰা নাযায়৷ জাতীয় দলৰ লগতে ঘৰুৱা ক্রিকেটতো তুমি অনুৰূপ প্রদর্শন দাঙি ধৰিবলৈ সক্ষম হৈছা৷ আশা কৰিছোঁ– পৰৱর্তী সময়তো ক্রিকেটৰ সৈতে তুমি জড়িত হৈ থাকিবা আৰু যুৱপ্রজন্মক অনুপ্রেৰণা যোগাই যাবা৷ ইনষ্টাগ্রামত মোদীৰ চিঠিৰ ছবি পোষ্ট কৰি প্রধানমন্ত্রীক ধন্যবাদ জনাইছে পূজাৰাই৷