নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাত্ৰীক বিয়াৰ প্ৰলোভনেৰে অপহৰণ, অভিযুক্ত ছানিদুলক জে’ললৈ প্ৰেৰণ

ছমৰীয়া সমষ্টিৰ অন্তৰ্গত জোৰশিমুলীৰ চাম্পুপাৰাৰ পৰা কিশোৰী অপহৰণকাৰী যুৱক এজনক আৰক্ষীয়ে আজি জে’ল-হাজোতলৈ প্ৰেৰণ কৰিছে৷ জানিব পৰা মতে চাম্পুপাৰা গাঁৱৰ ছানিদুল ইছলাম (২২) নামৰ যুৱকজনে ২ ছেপ্টেম্বৰত চাম্পুপাৰা ইছলামিক শিশু নিকেতনৰ নৱম শ্ৰেণীত অধ্যয়ণৰত ছাত্ৰী তথা কলহীকাষ গাঁৱৰ ১৬ বছৰীয়া কিশোৰী গৰাকীক বিয়াৰ প্ৰলোভন দি চাম্পুপাৰাৰ পৰা অপহৰণ কৰিছিল৷

উক্ত ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ মাতৃৱে জোৰশিমুলী আৰক্ষী চকীত দাখিল কৰা এজাহাৰৰ ভিত্তিত জোৰশিমুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসে অভিযান চলাই কালি কিশোৰীগৰাকীক উদ্ধাৰ কৰাৰ লগতে অভিযুক্ত যুৱক ছানিদুল ইছলামক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

ইপিনে জোৰশিমুলী আৰক্ষীয়ে উদ্ধাৰ কৰা কিশোৰীগৰাকীক কামৰূপ জিলা কিশোৰ ন্যায়িক ব’ৰ্ড তথা শিশু সুৰক্ষা সমিতিৰ অধীনত ৰাখি আজি কিশোৰী গৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্য পৰীক্ষা কৰায়৷

আনহাতে ধৃত যুৱকজনৰ বিৰুদ্ধে ভাৰতীয় আইন সংহিতা গোচৰ নং ২৬০/২৫ আৰু ইউ/এছ-৮৭/৩ (৫) বি এন এছ ধাৰাত ছয়গাঁও থানত গোচৰ পঞ্জীয়ন কৰি অভিযুক্ত যুৱক ছানিদুল ইছলামক আজি আদালতত হাজিৰ কৰাত আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷

নিয়মীয়া বাৰ্তা, গৰৈমাৰী, ৪ ছেপ্টেম্বৰ

You might also like