নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীৰ জালিখাটাত এছিয়াৰ বৃহৎ বটবৃক্ষৰ ২১২ বছৰীয়া জন্মদিন উদযাপন

নিয়মীয়া বাৰ্তা, ৫ জুনঃ বজালী জিলাৰ অন্তৰ্গত দক্ষিণ বজালীৰ জালিখাটাস্থিত ঐতিহ্যমণ্ডিত কলিবাৰী থানত আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি এছিয়া মহাদেশৰ ভিতৰতে অন্যতম বৃহৎ তথা প্ৰাচীন বট বৃক্ষজোপাৰ ২১২সংখ্যক জন্মদিন দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা প্ৰাত:প্ৰসংগৰে আৰম্ভ কৰা অতি প্ৰাচীন তথা সুবৃহৎ বৃক্ষজোপাৰ জন্মদিনৰ কাৰ্য্যসূচীত বৃক্ষৰোপণ, নাম প্ৰসংগ, পৰিৱেশ দিৱসৰ সজাগতাকে ধৰি সন্ধিয়ালৈ বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হয়৷ কলিবাৰী থানৰ সম্পাদক কিশোৰ পাঠকে আঁতধৰা অনুষ্ঠানত বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট অধিবক্তা গিৰিধৰ চৌধুৰীয়ে ২১২ বছৰীয়া বট বৃক্ষজোপাৰ জন্ম দিনৰ কেক কাটি উদ্যোক্তাসকলে আজি বিশ্ব পৰিৱেশ দিৱসৰ ক্ষণত বিগত বৰ্ষসমূহৰ দৰে এইবেলিও গছৰ জন্মদিনৰ যি অনুস্থান পাতিলে তাৰ বাবে কলিবাৰী থান পৰিচালনা সমিতিৰ সমুহ বিষয়ববীয়া তথা কার্যকর্তাক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে বর্তমান সময়ত জীৱকুল সুস্থভাবে জীয়াই থাকিব লাগিলে অকল বৃক্ষৰোপণেই নহয় বৃক্ষ সংৰক্ষণ সজাগতাৰহে বিশেষ প্রয়োজন হৈছে বুলি চৌধুৰীয়ে মন্তব্য কৰে৷ তেওঁ লগতে এই বৃহদাকাৰ বট বৃক্ষজোপাক আজিৰ পৰা তিনি বছৰ পূৰ্বে প্রাকৃতিক ভাবে চিকিৎসা কৰি গছজোপাৰ ডাল-পাত সুন্দৰ আৰু সু-স্বাস্থ্যবান কৰি তোলা প্ৰক্ৰিয়াক ভূয়সী প্ৰসংগ কৰাৰ লগতে অনুষ্ঠানটোত উপস্থিত সকলোকে নিজৰ সন্তানৰ লেখিয়াকৈ গছ গছনিৰ যত্ন লোৱাৰ সময় আহি পৰা বুলিও কয়। উক্ত অনুষ্ঠানত কলিবাৰী থানৰ কাৰ্যকৰী সভাপতি ভাস্কৰ কলিতা, সদস্য গোলক কলিতা, চক্র ঠাকুৰীয়া, চন্দ্ৰ কলিতাকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like