নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনি অভিযুক্তক জেললৈ প্ৰেৰণ চাংসাৰি আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ১২ নৱেম্বৰ: ধন দাবীৰ অভিযোগত চাংসাৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা তিনি যুৱকৰ এজনক ইতিপূৰ্বে জেললৈ নিক্ষেপ কৰাৰ পিছত আজি আন দুজন অভিযুক্তকো জেললৈ প্ৰেৰণ কৰা হয়। কামৰূপ জিলাৰ চাংসাৰি থানাত ৰুজু হোৱা ৩৭০/২০২৩ নম্বৰৰ গোচৰৰ ভিত্তিত ধৃত চাৰুক আহমেদ আৰু ৰিজুল চৌধুৰী নামৰ ধোপাতাৰী শিলভড়ালৰ যুৱক দুজক আজি আদালত হাজিৰ কৰোৱা হৈছিল আৰু আদালতে দুয়োজনকে কাৰাগাৰলৈ প্ৰেৰণ কৰে। উল্লেখ্য যে বিগত কেইদিনমান ধৰি চাংসাৰি থানাৰ প্ৰায় নিকটতে লাগি থকা ধোপাতাৰীৰ তিনি চাৰি ব্যক্তিলৈ কোনো দুৰ্বৃত্তই মোবাইল যোগে ধন দাবী কৰি আহিছিল। ধন আদায় নিদিলে ইয়াৰ পৰিণাম ভোগ কৰিব লাগিব বুলি ভাবুকি প্ৰদান কৰা হৈছিল। হঠাত্‍ এনে ভাবুকিত ভীতিগ্ৰস্ত হৈ পৰা মোহন চন্দ্ৰ ডেকা নামৰ চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা ব্যক্তিগৰাকীয়ে ৫০ হাজাৰ টকাও আদায় দিছিল। ইয়াৰ পিছতো চক্ৰটোৱে কৰা তিনিলাখ টকাটোৰ বাকী অংশ আদায় দিবলৈ কোৱাত পুণৰ শংকিত হৈ পৰে তেওঁ। এইবাৰ তেও শৰণাপন্ন হয় চাংসাৰি আৰক্ষীৰ। একেদৰে ৰাতুল নামৰ আন এগৰাকী ব্যক্তিৰ পৰাও আৰক্ষী থানালৈ আহে একে অভিযোগ। লগে লগে চক্ৰটোৰ অনুসন্ধানত নামি পৰে চাংসাৰি আৰক্ষী। বিষয়টো গুৰুত্ব সহকাৰে লয় কামৰূপৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়ৰ লগতে ক্ৰাইম ব্ৰাঞ্চেও। উচ্চ পদস্থ আৰক্ষী বিষয়া কেইগৰাকীকৰ তৎপৰতাতে থানাখনৰ অ’চি ভৰত দলৈ আৰু এছ আই অভিনৱ শইকীয়াই অভিযান চলাই দলগাঁৱৰ পৰা এজনক আটক কৰে। তেওক মোবাইল নম্বৰৰ ভিত্তিত কৰায়ত্ত কৰা হয়। ইয়াৰ পিচতে তদন্তত প্ৰকৃত সত্যটো ওলাই পৰে আৰু ঘটনাৰ লগত জড়িত মূল অভিযুক্ত শিলভড়ালৰ চাৰুক আৰু ৰিজুলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ধৃত চাৰুক আৰু ৰিজুলে দলগাঁৱৰ লোকজনৰ মোবাইলটো ৰাজপথৰ পৰা জবৰদস্তি কাঢ়ি লৈছিল। এদিন মোবাইলটো চুইছ অফ ৰাখি পিছত সেই মোবাইলটো ব্যৱহাৰ কৰি দুই দুস্কৃতিকাৰীয়ে ধন দাবী কাৰ্যত জড়িত হৈ পৰিছিল। অৱশেষত জেলৰ ভাত খাবলগীয়া হ’ল দুই লম্পট। ইপিনে দলগাঁৱৰ লোকজনে মোবাইলটো কাঢ়ি নিয়াৰ পিছতো আৰক্ষীক অৱগত নকৰাৰ অপৰাধত তেও জেলৰ ভাত খাবলগীয়া হয়।

প্ৰেৰক অনুভৱ কুমাৰ

You might also like