ডিজিটেল ডেস্ক, ২৫ নৱেম্বৰ : পুৱাই এক শোকাৱহ ঘটনাই কঁপালে ৰাজ্য। তিনিচুকীয়া মাকুমৰ মাজৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ শুকান পুখুৰীত নৈশ বাছ আৰু এম্বুলেন্সৰ মাজত ভয়ংকৰ সংঘৰ্ষত ৩জনে প্ৰাণ হেৰুৱাবলগীয়া হয়। ঘটনাত আহত হৈছে কেইবাগৰাকীও লোক।
তিনিচুকীয়া অভিমুখী পাৱৈ চাহ বাগিচাৰ AS-01RC-5473 নম্বৰৰ এম্বুলেঞ্চ আৰু গুৱাহাটীৰ পৰা নামচাই অভিমুখে গৈ থকা AS-01 KC-7799 নম্বৰৰ দীপ নামৰ নৈশ বাছখনৰ মাজত এই ভয়াৱহ সংঘৰ্ষ হয়। দুৰ্ঘটনাৰ ফলত এম্বুলেঞ্চখনত থকা তিনিজন লোক থিতাতে নিহত হোৱাৰ লগতে কেইবাজনো আহত হয় । ঘটনাস্থলীত তিনিচুকীয়া আৰু মাকুম থানাৰ আৰক্ষী উপস্থিত হৈ মৃত আৰু আহত লোককেইজনক তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। পথ দুৰ্ঘটনাটোৰ ফলত সম্পূৰ্ণ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ বহু সময় ধৰি বন্ধ হৈ পৰে ।