নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খিলঞ্জীয়াৰ ৰক্ষাকৱচ

চাৰি দশক পূর্বে স্বাক্ষৰিত অসম চুক্তিৰ ছয় নম্বৰ দফাৰ আধাৰত অসমীয়াৰ সাংবিধানিক সুৰক্ষা প্রদানৰ আনুষ্ঠানিক পদক্ষেপ গ্রহণ কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ৷ অসমৰ পৰা অবৈধ বিদেশীক বহিষ্কৰণৰ দাবীত ১৯৭৯ৰ পৰা আৰম্ভ হোৱা অসম আন্দোলনৰ পৰিসমাপ্তিত ১৯৮৫ত স্বাক্ষৰিত অসম চুক্তিৰ ছয় নম্বৰ দফা অনুসৰি অসমীয়া লোকসকলক সাংবিধানিক ৰক্ষাকৱচ প্রদানৰ সিদ্ধান্ত লোৱা হৈছিল৷ কিন্তু বিগত ৪০ বছৰে অসম চুক্তিৰ ছয় নম্বৰ দফা কার্যকৰীকৰণ নোহোৱাৰ ফলত অসমীয়া তথা খিলঞ্জীয়া লোকসকলে ভয়ংকৰ সমস্যাৰ সন্মুখীন হৈছে৷ অসম চুক্তি অনুসৰি ৰাজ্যখনৰ অবৈধ বিদেশী লোকসকলক খেদি পঠিওৱাৰ সিদ্ধান্ত লোৱা হৈছিল আৰু এইক্ষেত্রত ক্ষিপ্র বিচাৰ প্রক্রিয়া আৰম্ভ কৰাৰ বাবে ৰাজ্যখনৰ জিলা আৰু সদৰ মহকুমাসমূহত স্থাপন কৰা হৈছিল বিদেশী ন্যায়াধিকৰণ৷ বিগত সময়ছোৱাত বিদেশী ন্যায়াধিকৰণত এক লাখ ৩২ হাজাৰৰো অধিক লোকক অবৈধ বিদেশীৰূপে ঘোষণা হৈছে যদিও ইয়াৰে মাথোঁ ৩২ হাজাৰ লোককহে বহিষ্কাৰ কৰা হৈছে৷ ইফালে, চুবুৰীয়া বাংলাদেশৰ পৰা নিতৌ চলি আছে অনুপ্রৱেশ৷ চাৰি দশক পূর্বে দেশৰ ভিতৰতে অবৈধ বিদেশীক অসমৰ পৰা খেদি পঠিওৱাৰ বাবে অসমবাসীয়ে ছবছৰীয়া অসম আন্দোলনৰ জৰিয়তে দৃষ্টান্ত দেখুৱাইছিল৷ ৮৬০গৰাকী শ্বহীদ, সহস্রাধিক লোক ঘুণীয়া হোৱা সত্ত্বেও অসমবাসীয়ে নিজস্ব অধিকাৰ প্রতিষ্ঠা কৰাৰ যুঁজখনত আপোচ কৰা নাছিল৷ ছাত্র আন্দোলনৰ এনে অভিলেখে সমগ্র দেশকে স্তম্ভিত কৰিছিল৷ কিন্তু অসমবাসীৰ অশেষ ত্যাগৰ পিছত চাৰি দশকে খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষাকৱচৰ বিষয়টোৱে গেঁথেলা মাৰি আছিল৷ কেন্দ্রীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু অসম চুক্তি স্বাক্ষৰকাৰী আছুৰ উমৈহতীয়া পদক্ষেপ অনুসৰি অসম চুক্তিৰ ৬ নম্বৰ দফা কার্যকৰীকৰণৰ বাবে পদক্ষেপ আৰম্ভ হৈছে৷ অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মা আয়োগে দাখিল কৰা প্রতিবেদনৰ আধাৰত অসমৰ খিলঞ্জীয়া লোকসকলক সাংবিধানক সুৰক্ষা প্রদানৰ বিষয়টোৱে প্রাধান্য লাভ কৰা দেখা গৈছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত ২২ নৱেম্বৰত দিছপুৰত অনুষ্ঠিত হয় এখন গুৰুত্বপূর্ণ বৈঠক৷ উক্ত বৈঠকত ৰাজ্যিক কেবিনেটে গ্রহণ কৰা সমিতিৰ বৈঠকত শর্মা আয়োগৰ প্রতিবেদনৰ কার্যকৰী ৰূপায়ণক লৈ বিশেষভাৱে আলোচনা হয়৷ অবৈধ বিদেশীৰ আগ্রাসনে খিলঞ্জীয়া লোকসকলৰ জীৱন আৰু সম্পত্তিৰ প্রতি তীব্ৰ ভাবুকি নমাই অনাৰ সময়তে বিপ্লৱ শর্মা আয়োগৰ প্রতিবেদনখন কার্যকৰী হ’লে এই পদক্ষেপত ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকল কিছু পৰিমাণে হ’লেও সুৰক্ষিত হোৱাৰ পথ প্রশস্ত হ’ব৷
ন্যায়াধীশ বিপ্লৱ শর্মা আয়োগে অসম চুক্তিৰ ছয় নম্বৰ দফা ৰূপায়ণৰ বাবে ৬৭টা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিছে৷ ইয়াৰ ভিতৰত খিলঞ্জীয়াৰ ভূমি অধিকাৰৰ ওপৰতে কেইবাটাও গুৰুত্বপূর্ণ পৰামর্শ দিছে৷ ট্রাইবেল বেল্ট আৰু ব্লকৰ উপৰি কেৱল অসমীয়া মানুহে ভূমি ক্রয়–বিক্রয় কৰিব পৰাকৈ চৰকাৰে ৰাজহ চক্র চিনাক্ত কৰিবলৈ পৰামর্শ দিছিল৷ ৰাজ্য চৰকাৰে তাৎক্ষণিকভাৱে কৃষিভূমি হ্রাস পোৱাটো বন্ধ কৰিবলৈ আৰু কৃষিভূমিৰ শ্রেণী পৰিৱর্তন ৰোধ কৰিবলৈ পৰামর্শ প্রদান কৰিছিল৷ চাহ বাগানৰ ভূমি হস্তান্তৰৰ ক্ষেত্রতো কঠোৰ আইনী ব্যৱস্থা গ্রহণ কৰাৰ লগতে প্রত্যেকখন জিলাত ভূমি ন্যায়াধিকৰণ গঠন কৰাৰ পৰামর্শ দিছিল আয়োগে৷ চৰ অঞ্চলৰ বাবে ভূমিৰ জৰীপৰ বাবে বিশেষ কার্যসূচী গ্রহণ কৰাৰ লগতে নতুন চৰ অঞ্চলত চৰকাৰী ভূমি হিচাপে ব্যৱহাৰ কৰাৰ পৰামর্শ দিছিল৷ তদুপৰি ব্রহ্ম কমিটীৰ পৰামর্শ অনুসৰি ট্রাইবেল বেল্ট আৰু ব্লকৰ ভূমি আছাম ষ্টেট কেপিটেল ৰিজনেল ডেভেলপমেণ্ট অথৰিটী এক্ট, ২০১৭ৰ পৰা অব্যাহতি দিয়াৰ পৰামর্শ আগবঢ়াইছিল ন্যায়িক আয়োগে৷ দিছপুৰত অনুষ্ঠিত বৈঠকৰ শেষত অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্রী অতুল বৰাই সদৰী কৰে যে বিপ্লৱ শর্মা আয়োগে উত্থাপন কৰা ৬৭টা বিষয়ৰ ভিতৰত ১৫টা বিষয় কেন্দ্রীয় চৰকাৰৰ অধীনস্থ আৰু ৪০টা বিষয় ৰাজ্য চৰকাৰৰ অধীন৷ ১২টা বিষয় কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ যুটীয়া প্রচেষ্টাত সমাধান কৰিব পৰাবিধৰ, সেয়ে অসম চুক্তিৰ ছয় নম্বৰ দফা কার্যকৰীকৰণৰ ক্ষেত্রত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ স’তে আছুৰ নেতৃত্বৰ ত্রিপাক্ষিক বৈঠকৰ প্রয়োজন আছে৷ অহা ৩১ জানুৱাৰীৰ ভিতৰত এখন ত্রিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিবলৈ আছুৰ নেতৃত্বই উত্থাপন কৰা দাবীৰ প্রতি মুখ্যমন্ত্রী ড০ শর্মাই সঁহাৰি দিছে৷ কেন্দ্রীয় চৰকাৰৰ অধীনস্থ বিষয়ৰ ভিতৰত বিধানসভা আৰু লোকসভাৰ আসন সংৰক্ষণ, নিগম, নিকায়ৰ আসন সংৰক্ষণ, চৰকাৰী চাকৰিসমূহত খিলঞ্জীয়াৰ বাবে সংৰক্ষণ আদি বিষয় কার্যকৰী কৰিবলৈ হ’লে সংবিধান সংশোধন কৰিব লাগিব৷ এইক্ষেত্রত কেন্দ্রীয় চৰকাৰে প্রয়োজনীয় পদক্ষেপ গ্রহণ অবিহনে অসম চুক্তিৰ ছয় নম্বৰ দফা অনুসৰি খিলঞ্জীয়া লোকসকলে সাংবিধানিক ৰক্ষাকৱচ লাভ নকৰে৷ একেদৰে অসমত এখন উচ্চ সদন গঠন, ইনাৰ লাইন পার্মিট আদি বিষয়ো কেন্দ্রীয় চৰকাৰৰ অধীনস্থ৷ এনেবোৰ গুৰুত্বপূর্ণ বিষয় কার্যকৰী কৰিবলৈ হ’লেও কেন্দ্রীয় চৰকাৰে অনাগত দিনত গ্রহণ কৰিব লাগিব দেশৰ সংবিধান সংশোধনৰ ব্যৱস্থা৷ বাংলাদেশৰ অবৈধ লোকসকলৰ আগ্রাসন আৰু খিলঞ্জীয়া লোকসকলে সন্মুখীন হোৱা জীৱন–মৰণৰ সমস্যা মাথোঁ অসমবাসীৰ সমস্যা হৈ থকা নাই৷ ই দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ প্রতিও গভীৰ ভাবুকি হৈছে৷ এনে অৱস্থাত দেশৰ সার্বভৌমত্ব আৰু ঐক্য-সংহতি সুৰক্ষাৰ বাবেই কেন্দ্রীয় চৰকাৰে অসমৰ খিলঞ্জীয়া লোকসকলক সাংবিধানিক সুৰক্ষা প্রদানৰ বিষয়টোক অগ্রাধিকাৰ ভিত্তিত শীঘ্রে গুৰুত্ব দিয়া উচিত৷

You might also like