ৰঙিয়াত ৪০ লক্ষাধিক টকা মূল্যৰ আফিংসহ তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ ৰঙিয়াত কামৰূপ জিলাৰ আৰক্ষী অধিক্ষক হিতেশ ৰায়ৰ সংবাদ মেল। সংবাদ মেলখনত আৰক্ষী অধীক্ষকগৰাকীয়ে ৰঙিয়াত ৪০ লক্ষাধিক টকা মূল্যৰ আফিংসহ তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত জানিবলৈ দিয়ে । কামৰূপ আৰক্ষীয়ে মঙলবাৰে নিশা খেদি খেদি বঙাইগাঁৱত এখন নাইট চুপাৰ বাছৰ পৰা গ্ৰেপ্তাৰ কৰে দুই আফিং সৰবৰাহকাৰীক । গ্ৰেপ্তাৰ হোৱা দুই সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত মূল আফিং সৰবৰাহকাৰীক ৰঙিয়াৰ উদিয়ানাৰ প্ৰদীপ চৌধুৰীক গ্ৰেপ্তাৰ কৰে । অভিযানত উদ্ধাৰ হৈছে ৬ কেজি ৫৪০ গ্ৰাম আফিং । লগতে উদ্ধাৰ হৈছে নগদ ২ লাখ ১৯ হাজাৰ টকা সহ কেইবাটাও মোবাইল ফোন । আন দুগৰাকী ড্ৰাগছ সৰবৰাহকাৰী হৈছে পাঞ্জাৱৰ জলন্ধৰৰ দলবিন্দৰ সিং আৰু ৰঙিয়াৰ পিতাম্বৰ হাটবজালীৰ ইজ্ৰাইল আলী । উদ্ধাৰ হোৱা আফিংখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৪০ লাখ টকা ।
প্ৰেৰক ফাৰুক হুছেইন