মেষ- খৰচ–পাতি ৰোধ কৰাৰ যত্ন কৰক৷ প্রাপ্য ধন হ’লেও সময়ত হাতলৈ নহাত আহুকালত পৰিব৷ বিদ্যাত বেয়া নহয়৷ প্রেমত বাধা আছে৷ ৰাজনীতিত বিশেষ সতর্ক হওক৷ শুভ ৰং বগা, শুভ সংখ্যা ২৷
বৃষ- মনটো দুর্বল থাকিলেও দুই–এটা দিশৰ পৰা অনুকূল ফল লাভ কৰিব৷ প্রেম–প্রীতিত মধ্যম৷ বিদ্যাত বেয়া নহয়৷ দাম্পত্যত দৃঢ়তা থাকিব৷ কর্মস্থানত বাধা কম৷ স্বাস্থ্যও মধ্যম৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৪৷
মিথুন- মনৰ অৱস্থা মধ্যম৷ আশা কৰা কোনো যোগাযোগৰ উন্নতি নেদেখিব পাৰে৷ শৰীৰক অৱজ্ঞা কৰাটো উচিত নহ’ব৷ বিদ্যাত যত্ন থকাটো উন্নত৷ আর্থিক ক্ষেত্রত মজলীয়া৷ কর্মত শুভ৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৫৷
কর্কট- অনাহক কথাকো কোনো মুহূর্তত হক কথা বুলি ভাবি অস্থিৰ হ’ব৷ সতীর্থৰ ধৰণ–কৰণ কথা–বতৰাৰ প্রতি সজাগ থকাটো ভাল৷ ব্যক্তিত্ব আৰু ধৈর্য ৰক্ষা কৰি চলক৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৮৷
সিংহ- মাজে মাজে অত্যন্ত নিৰাশাত ভোগাসকলে কোনোৱে আশাৰ পোহৰ দেখিব পাৰে৷ শৰীৰো খুব বেয়া নাযাব৷ যোৱা দুই–তিনি দিনৰ তুলনাত আপোনাৰ চেষ্টা সংযোগত উন্নতি হ’ব৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৭৷
কন্যা- কর্মক্ষমসকলে অসুবিধাৰ মাজেৰেও অগ্রগতি লাভ কৰিব পাৰিব৷ বিশাখাৰ জাতকৰ বাহিৰে বাকী দুই নক্ষত্রৰ বাবে ভ্রমণ নতুন যোগাযোগৰ বাবে উপযুক্ত নহ’ব৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৩৷
তুলা- আহুকাল কিছু নিষ্প্রভ হ’লেও দুই–এটা সংঘাত এৰাব পৰা টান৷ আৱেগ–প্রৱণতাক সমূলি বিশ্বাসত নল’ব৷ আর্থিক চিন্তাৰ মাজতে কিছু অনুকূল যোগাযোগ থাকিব৷ শুভ ৰং পাতল নীলা৷ শুভ সংখ্যা ২৷
বৃশ্চিক- আজি আপোনাৰ চেষ্টা বা যত্ন কিছু কামত আহিব৷ অপেক্ষাৰত কোনো সু–সংবাদ লাভ৷ ধন খৰচ হ’লেও মূলতঃ কিছু কামত আহিব৷ ধর্মীয় চিন্তাবিদৰ পৰা অনুপ্রাণিত হ’ব৷ দাম্পত্যত শুভ৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৩৷
ধনু- প্রায়বোৰ কথাতে মন নিদিয়াই ভাল৷ মূল কথাৰ প্রতি সজাগ থকা ভাল৷ শৰীৰ বা পৰিৱেশ মনঃপুত নহ’ব৷ অৱশেষত কোনো নতুন আশা দেখি উৎসাহিত সামান্য হ’লেও হ’ব৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৪৷
মকৰ- অস্থিৰ চিন্তাৰ মাজত হঠাৎ পৰিব পাৰে৷ তেনে সন্তানৰ বাবে প্রস্তুত থাকিলে কোনো মনোকষ্টৰ পৰা উদ্ধাৰ পাব৷ বিদ্যার্থীৰ বাবে সাধাৰণ চিন্তা৷ দাম্পত্যত অসুস্থতা দেখা যায়৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৮৷
কুম্ভ- কর্মক্ষেত্রত জটিলতা কিছু হ্রাস অনুভৱ৷ আপোনাৰ দূৰদর্শী চিন্তাৰ বাবে সম্ভাব্য কোনো আহুকাল নাপাব৷ বন্ধুবর্গৰ ভালেই৷ দাম্পত্যত থকা উৎকণ্ঠা নিয়ন্ত্রিত হ’ব৷ মনলৈ দৃঢ়তা আনক৷ পঢ়াত মধ্যম৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ২৷
মীন- শৰীৰ বা মনৰ সংঘাত দেখা যায়৷ কিছুমান পূর্বৰ কথাৰ বাবে অংক মিলাব পৰাটো কষ্ট হ’ব৷ দাম্পত্যত মধম৷ হাতলৈ অহা ধনৰ সদব্যৱহাৰ কৰো বুলিও অলপ বাধাগ্রস্ত হ’ব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৩৷