বিশেষ বাৰ্তা, ৩ নৱেম্বৰ : দেশত নিবনুৱাৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷ চলিত বিত্তীয় বর্ষত দেশৰ অর্থনীতি বৃদ্ধি পালেও নিবনুৱাৰ হাৰ বৃদ্ধিয়ে আন এখন ছবি উদঙাই দিছে৷ বিগত দুবছৰৰ ভিতৰত অক্টোবৰ মাহত নিবনুৱাৰ হাৰ সর্বাধিক হৈছে৷ ছেপ্ঢেম্বৰ মাহৰ তুলনাত প্রায় তিনি শতাংশ বৃদ্ধি হৈ অক্টোবৰ মাহত নিবনুৱাৰ হাৰ ১০.০৯ শতাংশ হৈছে৷ চেণ্টাৰ ফৰ মণিটৰিং ইণ্ডিয়ান ইক’নমি চমুকৈ চিএমআইইৰ প্রতিবেদনত দেশৰ নিবনুৱাৰ হাৰ বৃদ্ধি পোৱা বুলি প্রকাশ পাইছে৷ উল্লেখ্য যে ছেপ্ঢেম্বৰ মাহত দেশৰ নিবনুৱাৰ হাৰ আছিল ৭.০৯ শতাংশ৷ অক্টোবৰ মাহত বৃদ্ধি হৈ এই হাৰ হৈছে ১০.০৯ শতাংশ৷ ইয়াৰে গ্রামাঞ্চলত নিবনুৱাৰ হাৰ ১০.৮২ শতাংশ আৰু চহৰাঞ্চলত হাৰ ৮.৪৪ শতাংশ৷ ছেপ্ঢেম্বৰ মাহত গ্রামাঞ্চলত নিবনুৱাৰ হাৰ আছিল ৬.২ শতাংশ৷ অর্থাৎ অক্টোবৰ মাহত প্রায় ৪ শতাংশ বৃদ্ধিৰে ১০.৮২ শতাংশ হৈছে৷ আনহাতে, চহৰাঞ্চলত নিবনুৱাৰ হাৰ বৃদ্ধি প্রায় স্বাভাৱিক বুলিয়েই ক’ব পাৰি৷ চৰকাৰীভাৱে মাহিলি ভিত্তিত শ্রম বজাৰৰ তথ্যৰ আধাৰত এই প্রতিবেদন যুগুতোৱা হৈছে৷ লক্ষণীয় যে দেশৰ ৰাজ্যসমূহতো নিবনুৱাৰ হাৰ বর্ধিত হৈছে৷ প্রতিখন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলতেই নিবনুৱাৰ হাৰ বৃদ্ধি পাইছে৷ অৱশ্যে কিছুসংখ্যক ৰাজ্যৰ নিবনুৱাৰ হাৰ বৃদ্ধি অতি উদ্বেগজনক যদিও আন কিছুমান ৰাজ্যত সামান্য পৰিমাণে নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে৷ চিএমআইইৰ মুখ্য কার্যবাহী মহেশ ব্যাসে প্রকাশ কৰা মতে ভাৰতৰ অর্থনীতি বৃদ্ধি পাই আছে যদিও তুলনামূলকভাৱে দেশখনত কর্মশক্তি হ্রাস পাই আছে৷ অক্টোবৰ মাহত দেশজুৰি প্রায় ১ কোটি ভাৰতীয়ই কর্মসংস্থাপনৰ বাবে হাবাথুৰি খাবলগীয়া হৈছে৷ চিএমআইইৰ প্রতিবেদনৰ উপৰি কেন্দ্রীয় চৰকাৰৰ দ্বাৰা চলোৱা সমীক্ষাত ১৫ বছৰৰ পৰা ৩৪ বছৰলৈকে ৩৬ শতাংশ ভাৰতীয় নিবনুৱা হৈ আছে৷ ইয়ে দেশৰ বাবে এক প্রত্যাহ্বান হৈ থিয় দিছে৷ তাৎপর্যপূর্ণ যে ২০১৬ চনৰ সমীক্ষাৰ পিছত চলিত বর্ষত চলোৱা এই সমীক্ষাই দেশখনৰ নিবনুৱাৰ সংখ্যা বৃদ্ধি উদ্বেগজনক৷ কিয়নো, ২০১৬ চনৰ তুলনাত দেশত ১৮ শতাংশ সংস্থাপনহীনতাৰ সংখ্যা বর্ধিত হৈছে৷ স্নাতক আৰু ইয়াতকৈ ঊর্ধ্ব শিক্ষিত ৪০ শতাংশ লোক সংস্থাপনহীনতাত ভোগাৰ বিপৰীতে অশিক্ষিত লোকৰ ভিতৰত ২৭ শতাংশই সংস্থাপনৰ বাবে হাহাকাৰ কৰি আছে৷ উচ্চ শিক্ষাৰ প্রতিষ্ঠানসমূহৰ পৰা বছৰি লক্ষাধিক ডিগ্রীধাৰী ওলাই অহাৰ পিছত সেই শিক্ষিত যুৱচামৰ বাবে সম্প্রতি সংস্থাপনৰ অভাৱ ঘটিছে৷ ইয়াৰ বিপৰীতে তথ্য প্রযুক্তি খণ্ডত প্রতিদিনেই কোম্পানীসমূহে সংস্থাপন কর্তনৰ প্রক্রিয়া অব্যাহত ৰাখিছে৷ এনে সিদ্ধান্তই দেশৰ নিবনুৱাৰ হাৰ বৃদ্ধি কৰাত অৰিহণা যোগাইছে৷