নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাবৰ-আকবৰৰ খেলা খতম কৰিবলৈ বিজেপিক ভোট দিয়ক : ড০ হিমন্ত বিশ্ব শর্মা

বিশেষ বাৰ্তা, ১৪ নৱেম্বৰঃ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা কেৱল ৰাজ্যখনতেই জনপ্রিয়তা সীমাবদ্ধ হৈ থকা নাই, দেশৰ আন আন ৰাজ্যলৈয়ো সমানেই বিয়পিছে জনপ্রিয়তা৷ মুখ্যমন্ত্রী ড০ শর্মাৰ উদাত্ত ভাষণ, কথা আৰু কামৰ মাজত কোনো পার্থক্য নথকাৰ বাবেই সম্প্রতি সর্বত্রে জনপ্রিয় হৈ পৰিছে৷ যোৱা দিনসমূহত অসমৰ বাহিৰৰ বিভিন্ন প্রদেশত বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে নির্বাচনী প্রচাৰ চলাই জনতাৰ হূদয়ত এক বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ শেহতীয়াকৈ মুখ্যমন্ত্রী ড০ শর্মাই ছত্তিশগড় বিধানসভা নির্বাচনতো ৰাজ্যখনত অব্যাহত ৰাখিছে নির্বাচনী প্রচাৰ কার্য৷ বাক্পটুতা আৰু উদাত্ত ভাষণেৰে ইতিমধ্যে ড০ শর্মাই ছত্তিশগড়বাসীৰো অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ বহিঃপ্রকাশ দেখা গ’ল আজি৷ ৰাজ্যখনত অহা ১৭ নৱেম্বৰত হ’বলগীয়া দ্বিতীয় পর্যায়ৰ বিধানসভা নির্বাচনৰ প্রচাৰ কার্য চলোৱাৰ সময়ত ছত্তিশগড়ৰ জনতাই তেওঁক উষ্ম আদৰণি জনায়৷ ড০ শর্মাৰ উপস্থিতিত উৎসাহিত হৈ পৰা হাজাৰ হাজাৰ জনতাই ‘দেখো দেখো কৌন আয়া, শ্বেৰ আয়া শ্বেৰ আয়া’ ধ্বনিৰে আদৰণি জনাই সম্ভাষণ জ্ঞাপন কৰে৷ নির্বাচনী সভাসমূহত ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ছত্তিশগড়ত এইবাৰ বিজেপিৰ চৰকাৰ হ’বই৷ বিজেপিয়ে নতুন ছত্তিশগড় নির্মাণ কৰিব৷ বাবৰ–আকবৰ–ঔৰংগ্ খেলা খতম কৰিবলৈ ছত্তিশগড়ৰ জনসাধাৰণক বিজেপিক ভোট দিয়াৰ আহ্বান জনায়৷ কংগ্রেছৰ ভুৱা প্রতিশ্রুতিৰ বিপৰীতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ছত্তিশগড়বাসীক দিয়া প্রতিশ্রুতিৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে গেৰাণ্টী দিছে যেতিয়া চিন্তা নাই৷ আমেৰিকা, ৰাছিয়া সকলোৱে মোদীৰ গেৰাণ্টীৰ বিষয়ে জানে৷ এই প্রসংগতে তেওঁ ৰাছিয়া–ইউক্রেইনৰ যুদ্ধৰ বিষয়ে উল্লেখ কৰি কয় যে সেই যুদ্ধৰ সময়ত ইউক্রেইনত ভাৰতৰ বহু ছাত্র–ছাত্রীয়ে মেডিকেল শিক্ষা অধ্যয়ন কৰি আছিল৷ ভাৰতৰ শিক্ষার্থীসকলক ওভতাই অনাৰ বাবে মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্রপতি পুটিনক ফোন কৰি যুদ্ধ কিছু সময় বন্ধ ৰখাৰ আহ্বান জনায়৷ সেইদৰে ইউক্রেইনৰ ৰাষ্ট্রপতি জেলেনস্কীকো মোদীয়ে ভাৰতৰ ছাত্র–ছাত্রীসকলক ওভতাই অনাৰ বাবে কিছু সময় যুদ্ধ বন্ধ ৰখাৰ আহ্বান জনায়৷ মোদীৰ সেই আহ্বানৰ প্রতি সঁহাৰি জনাই দুয়োখন দেশে যুদ্ধ স্থগিত ৰাখে আৰু ভাৰতৰ ছাত্র–ছাত্রীসকলক সুকলমে মোদীয়ে ওভতাই আনে৷ ইমানেই নহয়, আমেৰিকাৰ চিনেটত মোদীক বিপুলভাৱে আদৰণি জনায়৷ জি–২০ৰ অধ্যক্ষতাত এইবাৰ ভাৰতত বৈঠক অনুষ্ঠিত হয়৷ মোদীয়ে চন্দ্রলৈ চন্দ্রযানো প্রেৰণ কৰিলে৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কংগ্রেছ আৰু ছত্তিশগড়ৰ মুখ্যমন্ত্রী ভূপেশ ৱাঘেলক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে যোৱাবাৰ বিধানসভা নির্বাচনৰ সময়ত ৱাঘেল আৰু কংগ্রেছে প্রতিশ্রুতি দিছিল তেওঁলোক ক্ষমতালৈ আহিছে প্রতিগৰাকী মহিলাক মাহে ৫০০ টকাকৈ দিব, ৪ বছৰ বিনামূলীয়াকৈ ৰন্ধন গেছ দিব, নিবনুৱাক নিবনুৱা ভাট্টা দিব, চৰকাৰী চাকৰিত সংস্থাপন দিব৷ কিন্তু কোনো এটা প্রতিশ্রুতিয়েই কংগ্রেছ আৰু ৱাঘেল চৰকাৰে পূৰণ নকৰিলে৷ ইয়াৰ পৰিৱর্তে মহাদেৱৰ নামত এপ খুলি লুণ্ঠনৰাজ চলালে৷ ছট্টিশগড়ত সুৰা বন্ধ কৰিম বুলি প্রতিশ্রুতি দি সুৰাৰ হোম ডেলিভাৰীৰ ব্যৱস্থাহে কৰিলে৷ এতিয়া ৱাঘেল আৰু কংগ্রেছে পুনৰ ছত্তিশগড়বাসীৰ ওচৰত ভোট বিচাৰি আহিছে৷ কিন্তু ছত্তিশগড়ৰ জনতাই এইবাৰ কংগ্রেছক ভোট নিদিয়ে৷ কিন্তু বিজেপিয়ে ক্ষমতালৈ আহিলে প্রতিগৰাকী বিবাহিতা মহিলাক ১২ হাজাৰ টকাকৈ প্রদান কৰিব, ১ লাখ নিবনুৱাক চাকৰি দিব, প্রতিটো গৰীব পৰিয়ালক বাসস্থানৰ ব্যৱস্থা কৰিব, প্রতি কুইণ্টল ধান ৩,১০০ টকাত ক্রয় কৰিব, ছত্তিশগড়ৰ পৰা নক্সালক উৎখাত কৰিব৷ ৰাজ্যখনৰ পৰা বাবৰ–আকবৰ–ঔৰংগ্ খেলা খতম কৰিবলৈ জনসাধাৰণক বিজেপিক ভোট দিবলৈ মুখ্যমন্ত্রী ড০ শর্মাই আহ্বান জনায়৷ বিজেপিয়ে চৰকাৰ গঠনৰ পাছত মহাদেৱৰ নামত যিসকলে এপ খুলি লুণ্ঠন চলালে তেওঁলোকক এৰি নিদিয়ে বুলি ঘোষণা কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে দিল্লীৰ সুৰা কেলেংকাৰীৰ সৈতে জড়িতসকলক যিদৰে এৰি দিয়া নাই, ছত্তিশগড়ত মহাদেৱৰ নামত লুণ্ঠন চলোৱাসকলকো এৰি দিয়া নহয়৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে দেশত যেতিয়া সনাতন জাগিব সকলো আঁতৰি যাব৷ এয়াই ভাৰতৰ শিক্ষা, সংস্কৃতি৷ ৰাম মন্দিৰ নির্মাণ হওঁতে কোনো হুলস্থূল হোৱা নাই৷ কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ প্রত্যাহাৰৰ পাছতো কোনো হুলস্থূল হোৱা নাই৷ ভাৰতীয় সনাতন সংস্কৃতিক আমি পৰম বৈভৱলৈ লৈ যাব লাগিব৷ আমি মহাদেৱক পূজা কৰো, মহাদেৱৰ নামত লুণ্ঠন নচলাওঁ৷

#বাৰ্তা ডেস্ক

You might also like