নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম বিধানসভা নির্বাচনত অৱতীর্ণ ৭২২ প্রার্থীৰ ৩৯% কোটিপতি

অসম বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা ৭২২গৰাকী প্রার্থীৰ প্রতি দহগৰাকীৰ ভিতৰত ৪গৰাকীয়েই কোটিপতি প্রার্থী৷ এছ’চিয়েচন ফৰ ডেম’ক্রেটিক ৰিফর্মছ, চমুকৈ এডিআৰে প্রকাশ কৰা তথ্য অনুসৰি নির্বাচনী যুদ্ধত অৱতীর্ণ ৭২২গৰাকী প্রার্থীৰ ভিতৰত শতকৰা ৩৯…

নতুন শিক্ষাবর্ষত পৰীক্ষাসহ মুঠ শ্রেণী দিনৰ সংখ্যা ২৫৪ দিন

আজিৰ পৰা আৰম্ভ হ’ব অসমৰ বিদ্যালয়সমূহৰ পাঠদান কার্যসূচী৷ ইতিমধ্যে আগন্তুক শিক্ষাবর্ষ ২০২৬–২৭ বর্ষৰ বাবে শৈক্ষিক দিনপঞ্জী প্রকাশ কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে৷ সেই অনুসৰি নতুন শিক্ষাবর্ষত পৰীক্ষাসহ মুঠ শ্রেণী দিনৰ সংখ্যা ২৫৪ দিন…

বৈভৱৰ বাবে ১ কোটি নহয়, ১০ কোটি টকা সাজু কৰি ৰখা হৈছিল

বৈভৱ সূর্যবংশী এতিয়া তাৰকাৰ শাৰীত৷ ভাৰতীয় দলত কেতিয়া অভিষেক ঘটাব সেই সন্দর্ভত জল্পনা–কল্পনা আৰম্ভ হৈছে৷ যোৱা আইপিএলৰ পৰা তাণ্ডৱ সৃষ্টি কৰা বৈভৱে এইবাৰো আইপিএলৰ প্রথমখন মেচতে বিস্ফোৰক ৰূপ লৈছে৷ ১৫ বছৰীয়া বেটাৰগৰাকীয়ে চেন্নাই ছুপাৰ কিংছৰ…

সম্পাদকীয় : ভোটদান আৰু প্রার্থী নির্বাচন

প্রতি পাঁচ বছৰৰ মূৰে মূৰে উদযাপিত হয় গণতন্ত্রৰ উৎসৱ নির্বাচন৷ প্রচাৰ–পত্রৰে চতুর্দিশ উপচি পৰে, ৰাস্তাত সমদল ওলায়, মাইকত ভাষণ আৰু প্রচাৰ, সাধাৰণ নাগৰিকৰ দুৱাৰে দুৱাৰে নেতাসকল ঘূৰি ফুৰে৷ ভোটাৰ তালিকাত নাম থকা প্রতিজন নাগৰিক হঠাতেই সকলো দলৰ…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১ এপ্রিল, চ’ত মাহৰ ১৭ তাৰিখ বুধবাৰ : তিথি–শুক্লা ত্রয়োদশী, নক্ষত্র : অশ্বিনী, যাত্রা : নাই মেষ : আজি যাত্রা কৰোঁতে সাৱধান হ’ব৷ সন্তানৰ স্বাস্থ্যক লৈ চিন্তিত৷ পঢ়া–শুনাত বেমেজালিৰ সৃষ্টি হ’ব৷ ব্যৱসায়ত শুভ৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৫৷…

কাইলৈ ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰিয়ংকা গান্ধী

বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত আগমণ ঘটিছে হাইপ্ৰফাইল নেতা। নিৰ্বাচনীৰ গৰম বতাহে উত্তপ্ত কৰি তুলিছে ৰাজ্যৰ ৰাজনীতি। ইয়াৰ মাজতে আজি ডিব্ৰুগড়ত উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী মোদীয়ে…

জুবিনক লৈ ৰাজনীতি নকৰিব- আহ্বান গৰিমা গাৰ্গৰ

জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিবলৈ সকলো ৰাজনৈতিক দল আৰু সংগঠনক আৱেগঘন আবেদন জনালে তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। গৰিমা শইকীয়া গাৰ্গে কয় যে জুবিন গাৰ্গ এজন সম্পূৰ্ণ অৰাজনৈতিক ব্যক্তি আৰু তেওঁক তেওঁৰ নিজৰ সত্তা আৰু পৰিচয়ৰ সৈতে…

দেৰগাঁৱত বিজেপিৰ নিৰ্বাচনী সভা, ৰাজনাথ সিঙে চলালে প্ৰচাৰ

দেশৰ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি দেৰগাঁৱৰ শীতল পথাৰত দেৰগাঁৱৰ দলীয় প্ৰাৰ্থী ড০ মৃদুল কুমাৰ দত্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। দেৰগাঁও নগৰৰ সমীপৱৰ্তী শীতল পথাৰৰ বাগিচা খেলপথাৰত অনুষ্ঠিত নিৰ্বাচনী সভাখনত ৰাইজক সম্বোধন কৰি তেওঁ…

অগপত যোগদান গোলাঘাট জিলা পৰিষদৰ প্ৰাক্তন উপাধ্যক্ষাৰ

নিৰ্বাচনী গৰমৰ মাজতে বোকাখাতত বিৰোধী শিবিৰত এক বৃহৎ খহনীয়াৰ সৃষ্টি কৰি আজি কেইবাগৰাকীও প্ৰভাৱশালী নেতাই আনুষ্ঠানিকভাৱে অসম গণ পৰিষদ (অগপ) দলত যোগদান কৰে। গোলাঘাট জিলা পৰিষদৰ প্ৰাক্তন উপাধ্যক্ষা তথা কংগ্ৰেছ নেত্ৰী ৰশ্মি কাকতিৰ নেতৃত্বত…

১২ চকীয়া ট্ৰাকে মহটিয়ালে ৬০ ঊৰ্ধ্ব মহিলাক, থিতাতে প্ৰাণহানি

বৰপেটাৰোডত ১২ চকীয়া ট্ৰাকৰ তলত পৰি এগৰাকী ৬০ উৰ্দ্ধৰ মহিলাই থিতাতে জীৱন হেৰুৱাবলগীয়া হোৱা মৰ্মান্তিক ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। চহৰখনৰ ষ্টেছন ৰোডত আজি দুপৰীয়া মৃত্যু হোৱা মহিলাগৰাকীৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। জানিব পৰা মতে…