নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩১ মে’ : আজিৰ দিনটোৰ ৰাশিফল

আজি ৩১ মে’, জেঠ মাহৰ ১৬ তাৰিখ দেওবাৰ : তিথি–পূর্ণিমা, নক্ষত্র : মঘা, যাত্রা : নাই মেষ : উপার্জন আৰু সঞ্চয় বৃদ্ধিৰ যোগ৷ হেৰুওৱা সম্পদ পুনৰ প্রাপ্তি৷ অবাধ্য সন্তান–সন্ততিৰ ওপৰত কঠোৰ হ’ব পাৰে৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ২৷ বৃষ : বৈষয়িক…

জখলাবন্ধাত নিৰ্মীয়মাণ বজাৰগৃহ ভাঙিলে দুষ্কৃতিকাৰীয়ে

বিশেষ বাৰ্তা, নগাঁও, ৩০ মে' : নগাঁও জিলাৰ কলিয়াবৰৰ জখলাবন্ধাত যোৱানিশা দুষ্কৃতিকাৰীয়ে নিৰ্মীয়মাণ বজাৰ গৃহ ভঙাক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পঞ্চদশ বিত্তীয় আয়োগৰ পুঁজিৰে জখলাবন্ধা গাঁও পঞ্চায়তে জখলাবন্ধাত নিৰ্মাণ কৰিছিল দুটা…

বৰপেটাৰ গৰেমাৰী পথাৰত নকল সোণৰ নাও জব্দ, ৩জনক গ্ৰেপ্তাৰ

বৰপেটা সদৰ থানাৰ অন্তৰ্গত গৰেমাৰী পথাৰত শুকুৰবাৰে সন্ধিয়া আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ নকল সোণ জব্দ কৰাৰ লগতে ইয়াৰ লগত জড়িত তিনিজন লোকক গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক তিনিজন গৰেমাৰী পথাৰৰ মতালেব শিকদাৰৰ পুত্ৰ আনিবুল…

ফিফা বিশ্বকাপলৈ দল ঘোষণা বিশ্ব চেম্পিয়ন আর্জেণ্টিনাৰ

ডিজিটেল ডেস্ক, ৩০ মে’ : আমেৰিকা, কানাডা আৰু মেক্সিকোত অহা ১১ জুনৰ পৰা আৰম্ভ হ’বলগীয়া ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ বাবে দল ঘোষণা কৰিলে বিশ্ব চেম্পিয়ন আর্জেণ্টিনাই৷ আর্জেণ্টিনাৰ মুখ্য প্রশিক্ষক লিঅ’নেল স্কাল’নিয়ে লিঅ’নেল মেছিৰ নেতৃত্বত…

নগৰবেৰাত শ শ বিঘা চৰকাৰী ভূমিত অবাধ বেদখল, ব্যৱস্থা গ্ৰহণৰ দাবী

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ৩০ মে' : চৰকাৰৰ বেদখল উচ্ছেদক লৈ তৎপৰতাৰ সমান্তৰালকৈ যেন ফেঁপেৰি পাতিছে একাংশ বেদখলকাৰীয়ে৷ শেহতীয়াকৈ খোদ কামৰূপ জিলাৰ নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত মন্দিৰা মালিবাৰী সত্ৰ এলেকাত শ শ বিঘা চৰকাৰী ভূমিত একাংশ সন্দেহযুক্ত…

বিশিষ্ট সমাজসেৱী, ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক আছিকুৰ ৰহমানৰ পিতৃ আৰু নাই

নিয়মীয়া বাৰ্তা, ধুবুৰী, ৩০ মে' : ধুবুৰীৰ গৌৰীপুৰৰ বিশিষ্ট সমাজসেৱী তথা ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক আছিকুৰ ৰহমানৰ পিতৃ আবু ছালেহ আৰু নাই। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল প্ৰায় ৮০ বছৰ। ধুবুৰী জিলাৰ গৌৰীপুৰৰ ১নং ৱাৰ্ড ভেৰভেৰী গাঁও নিৱাসী আবু…

নগাঁও আৰক্ষীৰ তৎপৰতাত ডকাইতিৰ পৰিকল্পনা ব্যৰ্থ, ধৃত পাঁচ ডকাইত

ডিজিটেল ডেস্ক, নগাঁও, ৩০ মে' : নগাঁও চহৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চল এতিয়া ডকাইতৰ লক্ষ্য হৈ পৰিছে। ২৪ এপ্ৰিলৰ পুৱতি নিশা নগাঁও চহৰৰ সমীপৰ মৰিকলঙত এক লোমহৰ্ষক ঘটনা সংঘটিত হৈছিল। এই ঘটনাৰ পিছত যোৱানিশা এটা ডকাইতৰ দলে নগাঁৱত ডকাইতি কৰাৰ…

পৰ্বতঝোৰাত শোকাৱহ পথ দুৰ্ঘটনাত দুই বাইক আৰোহী থিতাতে নিহত

ডিজিটেল ডেস্ক, পৰ্বতঝোৰা, ৩০ মে' : পৰ্বতঝোৰা মহকুমাৰ কাজিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ৰামসৰোবৰ অঞ্চলত যোৱানিশা ১০:৩০ বজাত দুখন বাইকৰ মাজত সংঘটিত ভয়াৱহ মুখামুখি সংঘৰ্ষত দুজনকৈ যুৱকৰ মৃত্যু হোৱাৰ লগতে এগৰাকী মহিলা আৰু এটি শিশু কন্যা গুৰুতৰভাৱে…

ঢকুৱাখনাত পামত একেলগে ১৭টাকৈ গাহৰিৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ৩০ মে' : ঢকুৱাখনাত আফ্ৰিকান ছোৱাইন ফ্লুৰ আতংক। অস্বাভাৱিকভাৱে মৃত্যু হৈছে গাহৰিৰ। ঢকুৱাখনাৰ অয়েঙীয়া গাঁৱৰ নিৰুজ টাৱ নামৰ যুৱকজনৰ পামত বিগত দুটা দিনত ১৭টাকৈ গাহৰিৰ মৃত্যুৰ ঘটনাই চিন্তিত কৰিছে পশুপালকগৰাকীক।…

বাইহাটা চাৰিআলিত খুৰাকৰ নাক কামুৰি ছিঙিলে ভতিজাকে…

ডিজিটেল ডেস্ক, ৩০ মে' : খুৰাকৰ নাক কামুৰি ছিঙিলে ভতিজাকে। কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ পিয়লিখাটাত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে, সুৰেন ডেকা নামৰ এজন লোকৰ বিৰুদ্ধে পুখুৰীত বিহ প্ৰয়োগ কৰি মাছ নিধন কৰাৰ অভিযোগ আনে তেওঁৰ দুই…