AMCH-ত ভয়ংকৰ ঘটনা, প্রসূতি বিভাগৰ আইচিইউৰ পৰা নৱজাতক সলনি
অসম চিকিৎসা মহাবিদ্যালয় (AMCH)ত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা৷ চিকিৎসা মহাবিদ্যালয়খনৰ প্রসূতি বিভাগৰ আই চি ইডৰ পৰা নৱজাতক সলনি কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ জানিব পৰা অনুসৰি ভুক্তভোগী পিতৃ–মাতৃয়ে মেডিকেলৰ বৰবাৰী আৰক্ষী চকীত তৰিছে এক গোচৰ৷
গুৱাহাটী মেডিকেলৰ পাছত এইবাৰ অসম মেডিকেল কলেজত সংঘটিত এই ভয়ংকৰ ঘটনাই সকলোৰে চকু কপালত তুলিছে৷ প্রাপ্ত অভিযোগ অনুসৰি ডিব্রুগড় জিলাৰ টিংখাং শালমাৰীৰ এহাল দম্পতীৰ নৱজাত সন্তানক সলনি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷
অভিযোগ অনুসৰি যোৱা ২৯ আগষ্টত নৱজিত গগৈয়ে সন্তানসম্ভৱা পত্নী জোনটি মেচ গগৈক অসম মেডিকেল কলেজৰ প্রসূতি বিভাগত ভর্তি কৰিছিল আৰু পৰৱর্তী সময়ত ৩০ আগষ্টৰ পুৱা এটি পুত্র সন্তান প্রসৱ কৰিছিল৷
ইফালে নৱজাতকটি জন্মৰ পাছতে এক সংক্রমিত ৰোগত আক্রান্ত হোৱাত চিকিৎসকে বিভাগৰে আই চি ইডলৈ প্রেৰণ কৰিছিল৷ নৱজাতকক সময়ে সময়ে আই চি ইডলৈ গৈ পিতৃ–মাতৃয়ে দেখা কৰি আহিছিল৷ কিন্তু ৪ ছেপ্টেম্বৰৰ সন্ধিয়া শিশুটি পিতৃ–মাতৃয়ে প্রত্যক্ষ কৰি হতবাক হয়৷
নিৰ্দিষ্ট আসনত ৰখা শিশুটি তেওঁলোকৰ নহয়৷ নৱজাতকক সলনি কৰি আইচিইডৰ অন্য শিশুৰ বিছনাত ৰখাৰ অভিযোগ কৰে দম্পতীটোৱে৷ ঘটনা সন্দর্ভত দম্পতীটোৱে ডিব্রুগড়ৰ মেডিকেল কলেজৰ কর্তৃপক্ষক অৱগত কৰে৷
আনহাতে, ওলোটাই মেডিকেলৰ প্রসূতি বিভাগৰ চিকিৎসক–নার্ছে পিতৃ–মাতৃক ভয়–ভাবুকি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ সমগ্র ঘটনা সন্দর্ভত ইতিমধ্যে ভুক্তভোগী পিতৃ–মাতৃয়ে স্থানীয় বৰবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে৷ আৰক্ষীৰ প্রকৃত তদন্তৰ পাছতহে প্রকৃত সত্যৰ উদ্ঘাটন হ’ব বুলি সকলোৱে আশা প্রকাশ কৰিছে৷
বিশেষ বার্তা, ডিব্রুগড়, ৬ ছেপ্টেম্বৰ