নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মধ্যবিত্তৰ মজা

জুন–জুলাইৰ পৰা ছেপ্টেম্বৰৰ প্রায় মাজভাগলৈ এটা বাতৰিয়ে সঘনাই সংবাদ মাধ্যম গৰম কৰি ৰাখিছে৷ অত্যাৱশ্যকীয় সামগ্রীৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ বাতৰিয়ে এই সময়ছোৱাত সংবাদ শিৰোনাম দখল কৰাৰ পৰিৱর্তে মধ্যবিত্তক মাধমাৰ শোধাই থাকে৷ চাউল, দাইল, চেনিৰ পৰা শাক–পাচলি, মাছ–মাংসলৈ প্রায় সৰহভাগ অত্যাৱশ্যকীয় খাদ্য–সামগ্রীৰে আকাশলংঘী মূল্যবৃদ্ধি হয়৷ যোৱা কেইটামান বছৰত ভূতৰ ওপৰত দানহ পৰাদি আন বহু প্রয়োজনীয় সামগ্রীৰো অস্বাভাৱিক মূল্যবৃদ্ধি হৈছে৷ বিশেষকৈ জীৱনদায়িনী দৰবৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনগণক জুৰুলা কৰিছে৷ আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ শুল্ক বোমাই ভাৰতৰ অর্থনীতিত গভীৰ প্রভাৱ পেলোৱাৰ দৰে এই অত্যাৱশ্যকীয় সামগ্রীসমূহৰ মূল্যবৃদ্ধিয়েও দেশ তথা ৰাজ্যৰ মধ্যবিত্ত শ্রেণীটোৰ জেপত প্রভাৱ পেলাইছে৷ মূল্যবৃদ্ধিৰ এই কেঁকোৰা চেপাই হাবুডুবু খুৱাই থকাৰ সময়তে মধ্যবিত্তলৈ আহিছে সকাহৰ সুখবৰ৷ এই খবৰ আনিছে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে৷ যোৱা বুধবাৰে কেন্দ্রীয় বিত্তমন্ত্রীগৰাকীয়ে পণ্য আৰু সেৱা কৰ (জিএছটি, গুডছ এণ্ড ছার্ভিচেছ টেক্স)ৰ নতুন পৰিকাঠামো ঘোষণা কৰিছে৷ সেই অনুসৰি পূর্বৰ চাৰিটা শ্লেব তিনিটালৈ হ্রাস কৰা হৈছে৷ ৫, ১২, ১৮ আৰু ২৮ শতাংশ শ্লেব নতুনকৈ ৮, ১৮ত সীমাবদ্ধ কৰা হৈছে আৰু ৪০ শতাংশৰ এক বিশেষ শ্লেব উদ্ভাৱন কৰা হৈছে৷ পূর্বৰ বহুস্তৰীয় সিদ্ধান্ত বাতিল কৰি কেন্দ্রীয় চৰকাৰে দীর্ঘ ৮ বছৰৰ পাছত জিএছটি হ্রাস কৰি দেশৰ মধ্যবিত্তক সকাহ দিলে৷ স্বাভাৱিকতে এই সিদ্ধান্তই মধ্যবিত্ত শ্রেণীটোৰ লগতে ক্ষুদ্র ব্যৱসায়ীসকলকো বহুখিনি সকাহ দিব৷ বিত্তমন্ত্রী সীতাৰমণৰ এই জিএছটি পৰিকাঠামো ঘোষণাৰ পিছতে উচ্ছ্বসিত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রকাশ কৰিছে যে জিএছটি কাউঞ্চিলৰ এই সিদ্ধান্তই দেশৰ জনগণৰ ক্রয় ক্ষমতা বহুলাংশে বৃদ্ধি কৰিব৷ তেওঁ এয়া উৎসৱৰ উপহাৰ বুলি প্রকাশ কৰি কৈছে যে নৱৰাত্রিৰ দিনাই অর্থাৎ ২২ ছেপ্টেম্বৰৰ পৰা এই জিএছটি কার্যকৰী হ’ব৷ 
প্রধানমন্ত্রীৰ এই ঘোষণাৰ অর্থই হ’ল এইবাৰৰ পূজা দেশবাসীৰ বাবে বেছ উপভোগ্য হ’ব৷ জীৱনদায়িনী ঔষধৰ পৰা স্বাস্থ্য বীমালৈ, গাখীৰ, মাখন, এ চি, টিভি, টেক্সটাইল, জোতা, চাবোন, টুথপেষ্টলৈ বহু সামগ্রীৰে জিএছটি হ্রাস পাব৷ কৃষকক সকাহ দি জৈৱ কীটনাশক, জলসিঞ্চনৰ সঁজুলি, উদ্যান শস্য, ট্রেক্টৰৰ টায়াৰ–যন্ত্রাংশও সুলভ হ’ব৷ দাম কমিব তিনিচকীয়া বাহন আৰু মটৰচাইকেলৰো৷ সাধাৰণ জনগণক বিশেষকৈ ব্যক্তিগত স্বাস্থ্য বীমা আৰু জীৱন বীমাৰ জিএছটি পূর্বৰ ১৮ শতাংশৰ পৰা ০ শতাংশলৈ হ্রাস কৰাৰ সিদ্ধান্তই অভূতপূর্ব সকাহ দিব৷ লক্ষণীয়ভাৱে জিএছটি হ্রাসৰ ঘোষণাৰ পিছতে ভাৰতৰ শ্বেয়াৰ বজাৰত সাময়িকভাৱে হ’লেও এক লক্ষণীয় উত্থান পৰিলক্ষিত হৈছিল৷ এঘণ্টাৰ ভিতৰতে ছেনছেক্স ৭০০ পইণ্টৰ পৰা ৮১ হাজাৰ পইণ্টলৈ বৃদ্ধি হৈছিল৷ সমান্তৰালকৈ ষ্টক এক্সছেঞ্জৰ নিফটিৰ সূচাংকও ১৫৬ পইণ্টৰ পৰা ২৪,৮৭০ পইণ্ট পাইছিলগৈ৷ ট্রাম্পৰ শুল্ক বোমাৰ আঘাতত মাত্র দুটা দিনতেই ১০ লাখ কোটি টকা মূলধন হেৰুওৱা বিনিয়োগকাৰীসকলৰ বাবে এই শ্বেয়াৰ বজাৰৰ উত্থান এক আশাৰ বতৰা আছিল৷ কেন্দ্রীয় চৰকাৰে নতুন জিএছটি ঘোষণা কৰি দেশবাসীক সকাহ দিয়াৰ বিপৰীতে কিন্তু ৪০ শতাংশৰ বিশেষ শ্লেব ঘোষণা কৰাৰ ফলত প্রায় ৪৮ হাজাৰ কোটি টকাৰ ৰাজহ হেৰুওৱাৰ ৰিক্স লৈছে৷ বিলাসী বাহন, বৃহৎ যাতায়াত আৰু সামগ্রী পৰিবাহী বাহন, কোকাকোলা, পেপছি আদি জনপ্রিয় পানীয়, ধঁপাতজাতীয় সামগ্রী, চিগাৰেট, মুখৰোচক পাণমচলা, গুটখা, জর্দা, বিড়ি আদিৰ জিএছটি ৪০ শতাংশ ধার্য কৰাৰ ফলতে কেন্দ্রীয় চৰকাৰে উল্লেখিত এই বিশাল পৰিমাণৰ ৰাজহ হেৰুৱাবলগীয়া হ’ব৷ অৱশ্যেই এই বুজন অংকৰ ৰাজহ হেৰুৱায়ো মোদী চৰকাৰে নতুন জিএছটিৰ পৰিকাঠামো ঘোষণা কৰি সাধাৰণ জনগণক সকাহ দিয়াৰ সাহসিক সিদ্ধান্তই কেৱল দেশবাসীকে উপকৃত কৰাই নহয়, কেন্দ্রীয় চৰকাৰখনৰো ভাবমূর্তি নিশ্চিতভাৱে উজ্জ্বল কৰিব৷
You might also like