নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাতীগাঁৱত অপহূত ২ যুৱক নগাঁৱত উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ মহানগৰীৰ হাতীগাঁৱৰ পৰা অলপতে অপহূত দুজন যুৱকক কালি নগাঁৱত উদ্ধাৰ কৰা হয়৷ হাতীগাঁও আৰক্ষীৰ সহযোগত নগাঁও আৰক্ষীয়ে যুৱক দুজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে যোৱা ১১ জানুৱাৰীত কম মূল্যত সোণ বিক্রী কৰাৰ প্রলোভনেৰে হাতীগাঁৱত ভাৰাতীয়া হিচাপে বসবাস কৰা বৰপেটাৰ দুই যুৱক ক্রমে মেয়াজ আলী (২০) আৰু ৰকিবুল উল্লাহ (২১) নামৰ যুৱক দুজনক নগাঁও কচুৱা আজাৰতলীৰ গুলজাৰ আলী নামৰ এজন যুৱকে মাতি পঠিয়ায়৷ যুৱকদ্বয়ক মাতি নি কচুৱাৰ এক দুর্গম এলেকাত লুকুৱাই ৰাখি পৰিয়ালক ১৫ লাখ টকা মুক্তিপণ বিচাৰে৷

পৰিয়ালৰ লোকে ইতিমধ্যে বেংক একাউণ্টযোগে এক লাখ টকা মুক্তিপণ আদায় দিয়াৰ লগতে হাতীগাঁও থানাত এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৩৪/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি কালি যুৱক দুজনক স্থানীয় আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰে৷ অৱশ্যে অপহৰণকাৰী গুলজাৰ আলীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই৷

You might also like