নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাট্যকাৰ ঋতুপর্ণ দাসৰ নাটক ‘ইত্যাদি’ৰ শুভ মহুৰত সম্পন্ন

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ নিজৰ কাম–কাজৰ দ্বাৰা নতুনত্ব বহন কৰা গুৱাহাটী প্রেছ ক্লাবৰ নৱ–গঠিত সমিতিখনে এইবাৰ খোজ দিব অসমৰ অ–পেছাদাৰী নাট্যক্ষেত্রখনত৷ গুৱাহাটীত কর্মৰত সংবাদকর্মীসকলৰ দ্বাৰা শীঘ্রেই মঞ্চস্থ হ’ব এখন পূর্ণাংগ নাটক৷ সাংবাদিকসকলে সংবাদ সেৱা আগবঢ়াই থাকোঁতে কেনেধৰণৰ কিছুমান অতি সংবেদনশীল বিষয়ৰ মুখামুখি হ’ব লগা হয়, তাকেই নাটকখনৰ মাজেৰে অভিনয় কৰা হ’ব৷ বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ ‘খোজৰ শব্দ’ আৰু সত্তৰৰ দশকৰ প্রগতিশীল শিবিৰৰ কবি–গল্পকাৰ তথা প্রয়াত সাংবাদিক পুতুল হাজৰিকাৰ ‘বুকুত কাঁইটৰ খোঁচ’ নামৰ গল্প দুটিৰ দ্বাৰা অনুপ্রাণিত হৈ এই নতুন নাটখন ৰচনা কৰিছে সাম্প্রতিক সময়ৰ এগৰাকী সচেতন নাট্যকাৰ ঋতুপর্ণ দাসে৷ তেওঁ নাটখন পৰিচালনাও কৰিব৷ নাটকৰ নাম ‘ইত্যাদি’৷ আজি প্রেছ ক্লাবত ‘ইত্যাদি’ৰ শুভ মহুৰত সম্পন্ন হয়৷ অসমৰ চিনেমা আৰু নাট্যক্ষেত্রৰ বলিষ্ঠ আৰু জনপ্রিয় অভিনেতা তপন দাস আৰু নতুন দিল্লীস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অৱ মাছ কমিউনিকেচনছৰ অধ্যাপক শাশ্বতী গোস্বামীয়ে মহুৰত কার্য সম্পাদন কৰে৷ তপন দাসে নাটখনৰ এটি সংলাপ কৈ নাটখনে দর্শকৰ মন–মগজুক জোকাৰি যাব বুলি আশা প্রকাশ কৰে৷ শাশ্বতী গোস্বামীয়ে কয়– ‘ঋতুপর্ণ’ৰ নাটকে সদায়ে এক নতুনত্ব বহন কৰে৷ তেওঁৰ পৰিচালনা ৰীতিও সুকীয়া৷ নিজস্ব বৈশিষ্ট্যপূর্ণ৷ এইবাৰো তেওঁৰ পৰা এখন ভাল নাটক ৰাইজে পাব৷ সাংবাদিকসকলে নিজৰ ৰুচি পূৰণৰ বাবে নাটকক বাছি লোৱাটোও আন এক গুৰুত্বপূর্ণ কথা৷’ আজিৰ অনুষ্ঠানত ‘আমাৰ অসম’ কাকতৰ ডেপুটী এডিটৰ গৌতম শর্মাই অংশগ্রহণ কৰি কয়– ‘সাংবাদিকসকলে ইয়াৰ পূর্বে ২০১২ চনত ঋতুপর্ণ দাসৰে নাটক ‘অলপ নুবুজা ডাৱৰ’ মঞ্চস্থ কৰিছিল৷ নাটকখন ভাল হৈছিল৷ এইবাৰ তেওঁলোক দ্বিতীয়বাৰৰ বাবে সাজু হৈছে৷ উল্লেখ্য যে কাইলৈৰ পৰা আখৰা আৰম্ভ হ’ব লগা নাটখন অহা ফেব্রুৱাৰী মাহৰ দ্বিতীয়ার্ধৰ আৰম্ভণিতে মঞ্চস্থ কৰাৰ পৰিকল্পনা গ্রহণ কৰা হৈছে৷ গুৱাহাটী প্রেছ ক্লাবৰ সহকাৰী সম্পাদক মনীষা কলিতাই আঁত ধৰা অনুষ্ঠানটিত নাটকখনৰ সামগ্রিক পৰিকল্পনাৰ বিষয়ে সদৰী কৰে সাংস্কৃতিক সম্পাদক পল্লৱী বৰাই৷ অনুষ্ঠানটিত আদৰণী ভাষণ আগবঢ়ায় প্রেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথে৷ নাটকখনৰ দুটি দৃশ্যৰ কিয়দংশৰ শ্রব্য–ভিনয় কৰে শান্তনু মহন্ত, জগদীশ ডেকা আৰু মনীষা কলিতা আৰু মিতালী কোঁৱৰে৷ আজিৰ মহুৰত অনুষ্ঠানত প্রেছ ক্লাব সমিতিৰ সদস্যসকলৰ উপৰি জ্যেষ্ঠ সাংবাদিক প্রণয় বৰদলৈ, মৃণাল তালুকদাৰ, প্রাণজিৎ শইকীয়া, বিশ্বজিৎ দাস, অনুপম নাথ, দিগন্ত দাস, দুর্বা ঘোষ, শোণিত কুমাৰ ভূঞা, সাংস্কৃতিক কর্মী সোণেশ্বৰ নৰহৰ লগতে বহু সাংবাদিক তথা সংবাদকর্মী উপস্থিত থাকে৷

You might also like