নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা ভাইৰাছৰ ভয়াৱহতা

ব্যৱসায়িক কামত চীন ভ্রমণলৈ যোৱা লুকা বার্ছি ২৯ ফেব্রুৱাৰীত গৃহ চহৰ মিলানলৈ উভতি আহিছিল ৷ ইতিমধ্যে ইটালীত ক’ৰোনা ভাইৰাছৰ সংক্রমণে জটিল ৰূপ ধাৰণ কৰিছিল ৷ লুকা বার্ছিৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছিল মিলানৰ বিমানবন্দৰত ৷ ক’ৰোনা ভাইৰাছৰ কোনো লক্ষণ নাছিল তেওঁৰ শৰীৰত ৷ পৰীক্ষাৰ প্রতিবেদনো নিগেটিভ ৷ কিন্তু দুদিনৰ পাছত জ্বৰ আৰু প্রচণ্ড মূৰৰ বিষত আক্রান্ত লুকা বার্ছি সন্ত্রস্ত হৈ পৰে ৷ ইতিপূর্বে চিকিৎসকে তেওঁক পৰামর্শ দিছিল যাতে যিকোনো সামান্য লক্ষণ ধৰা পৰিলেই তেওঁ চিকিৎসালয়ৰ সৈতে যোগাযোগ কৰে ৷ সেই দিনাই লুকা বার্ছিক চিকিৎসকে কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰে ৷ লৈ যোৱা হয় হাস্পতালৰ আছুতীয়া কোঠালৈ ৷ এইবাৰ তেওঁৰ পৰীক্ষাত ক’ভিড–১৯ ভাইৰাছ ধৰা পৰে ৷ লুকা বার্ছিৰ এই ঘটনা এটা উদাহৰণহে মাথোঁ ৷ চীনৰ য়ুহান চহৰত ডিচেম্বৰত ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ তথ্য আনুষ্ঠানিকভাৱে প্রকাশ পোৱাৰ পাছত এইপর্যন্ত ৮০খনৰো অধিক দেশলৈ এই মাৰাত্মক ভাইৰাছ সংক্রমিত হৈছে৷ প্রতিৰোধমূলক ব্যৱস্থা গ্রহণৰ পাছত ক’ভিড–১৯ৰ সংক্রমণ ৰোধ কৰাটো সম্ভৱ হোৱা নাই৷ ভাৰতত আৰম্ভণিৰে পৰা তীক্ষ্ণ প্রতিৰোধমূলক ব্যৱস্থা গ্রহণ কৰা হৈছিল আৰু বিদেশৰ পৰা, বিশেষকৈ চীনৰ পৰা অহা প্রতিজন লোকক পৰীক্ষা কৰি নিৰীক্ষণত ৰখা হৈছিল৷ কেৰালাৰ এজন লোকৰ শৰীৰত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছতে চিকিৎসকে তৎপৰতাৰে প্রয়োজনীয় ব্যৱস্থা লৈছিল আৰু এমাহৰ ভিতৰত তেওঁ সম্পূর্ণৰূপে সুস্থ হৈছিল৷ ৩জন আন ব্যক্তিৰ শৰীৰতো ধৰা পৰিছিল এই ভাইৰাছ৷ কিন্তু ক’ভিড–১৯ তেতিয়াও ব্যাপক ৰূপত ভাৰতত বিয়পা নাছিল৷ বিমানবন্দৰত চীনৰ পৰা অহা লোকৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়াৰ সময়ত আন দেশ ভ্রমণ কৰি অহা লোকক পৰীক্ষা কৰাত যে কম গুৰুত্ব দিয়া হৈছিল, সেয়া ইতিমধ্যে প্রমাণ হৈছে৷ ইটালীৰ পৰা অহা লোকক পৰীক্ষাৰ কাম কৰা হৈছিল ২৬ ফেব্রুৱাৰীৰ পৰা ৷ কিন্তু ইটালীৰ যিজন লোকৰ শৰীৰত ক’ৰোনা ভাইৰাছ ধৰা পৰিল আৰু পাছত আন ব্যক্তিলৈও সংক্রমিত হ’ল, সেইজন লোক ভাৰতলৈ আহিছিল ২৫ ফেব্রুৱাৰীত ৷ গতিকে সংক্রমণৰ পাছতো বিনাবাধাই তেওঁ বিমানবন্দৰৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছিল ৷ যিবোৰ দেশলৈ ত্বড়িৎ গতিত এই মহামাৰী বিয়পি পৰিছে, ইয়াৰ প্রতিখন দেশতে এনে ধৰণৰ সামান্য ভুলৰ বাবে ডাঙৰ বিপদ নামি আহিছে সাধাৰণ লোকলৈ ৷ এই কথা উল্লেখ কৰাটো নিষ্প্রয়োজন যে মানুহৰ পৰা মানুহলৈ সংক্রমিত এনে ৰোগৰ ক্ষেত্রত সৰু সৰু কিছুমান ভুলেই পৰিস্থিতি জটিল কৰি তুলিব পাৰে৷ ক’ৰোনা ভাইৰাছৰ পৰা ভাৰত যিমান সুৰক্ষিত বুলি এক ধাৰণাৰ সৃষ্টি হৈছিল, সেয়া ইতিমধ্যে ভুল প্রমাণিত হৈছে৷ এই ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা মাত্র তিনিটা দিনৰ ভিতৰতে ৩০জনলৈ বৃদ্ধি পোৱাটোৱেই নিশ্চিতভাৱে এক বিপদ সংকেত প্রেৰণ কৰিছে৷ চৰকাৰ–প্রশাসন–চিকিৎসাকৰ্মী সকলোৰে বাবে এই মুহূর্তত আহি পৰিছে এক ডাঙৰ প্রত্যাহ্বান৷ কেন্দ্রীয় স্বাস্থ্যমন্ত্রী হর্ষ বর্ধনেও স্বীকাৰ কৰিছে যে এই সময়খিনি ভাৰতৰ বাবে হ’ব অত্যন্ত প্রত্যাহ্বানপূর্ণ৷ তেওঁ লোকসভাত জনায় যে ভাৰতত ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধি পোৱাৰ মূল কাৰণ হ’ল ইটালীৰ পর্যটক৷ হর্ষ বর্ধনে কয় যে এইপর্যন্ত ভাৰতত ২৮,৫২৯জন লোকক নিৰীক্ষণত ৰখা হৈছে ৷

ক’ৰোনা ভাইৰাছৰ সংক্রমণ দ্রুতগতিত বৃদ্ধি পালেও এই ভাইৰাছৰ দ্বাৰা আক্রান্তৰ মৃত্যুৰ হাৰ তুলনামূলকভাৱে কম ৷ চীনত ৮০ হাজাৰ আক্রান্তৰ ভিতৰত ৩ হাজাৰৰ সামান্য বেছি আক্রান্ত মৃত্যুমুখত পৰিছে ৷ ২০০২–০৩ চনত চীনত আৰম্ভ হোৱা ছিভিয়েৰ একিউট ৰেছপিৰেটৰী ছিণ্ড্রমত (ছার্ছ) সমগ্র বিশ্বতে ৮০০জন লোকৰ মৃত্যু হৈছিল ৷ মৃত্যুৰ হাৰ আছিল ৯ শতাংশ ৷ কিন্তু ক’ৰোনা ভাইৰাছত আক্রান্তৰ মৃত্যুৰ হাৰ ২.৫ শতাংশৰ ভিতৰত আছে৷ চিকিৎসকসকলৰ মতে ক’ৰোনা ভাইৰাছ হ’ল অত্যন্ত সংক্রামক৷ ছার্ছৰ সমান মাৰাত্মক নহ’লেও ক’ৰোনা ভাইৰাছ অত্যন্ত সংক্রামক হোৱাৰ বাবে বিশেষ সতর্কতাৰ প্রয়োজন হৈছে৷ সেয়ে ভাৰতত সতর্কতামূলক ব্যৱস্থাৰ সজাগতাৰ সৃষ্টি কৰাটো অত্যন্ত প্রয়োজনীয়৷ সাধাৰণ নাগৰিকেও এই জটিল সন্ধিক্ষণত দায়বদ্ধতাৰ পৰিচয় দিয়াটো সময়ৰ আহ্বান হৈ পৰিছে ৷

You might also like