নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী ষ্টেচনত ১৫ কার্টন কোৰিয়ান চিগাৰেটসহ ধৃত এক

নিয়মীয়া বাৰ্তা ১২ এপ্ৰিলঃ  গুৱাহাটী ষ্টেচনত দেওবাৰে সন্ধিয়া অভিযান চলাই আৰপিএফৰ জোৱানে ১৫ কার্টন বিদেশী চিগাৰেট জব্দ কৰাৰ লগতে এজন ব্যৱসায়ীক গ্রেপ্তাৰ কৰে৷ ধৃত ব্যৱসায়ীজনে পল্টন বজাৰ থানাৰ অন্তর্গত ছাত্রীবাৰীৰ খার্গা চৌধুৰী পথৰ কৃষ্ণ চাহু (৩০) বুলি জানিব পৰা গৈছে৷

ৰে’ল আৰক্ষীৰ এটা সূত্রই জানিবলৈ দিয়া মতে, গুৱাহাটী ষ্টেচনৰ ২নং পার্চেল গেটত এখন ঠেলাৰ পৰা নমাই থকাৰ সময়তে আৰপিএফৰ জোৱানে বিয়লি প্রায় ৫.৫০ বজাত চিগাৰেটখিনি জব্দ কৰাৰ লগতে ব্যৱসায়ীজনক গ্রেপ্তাৰ কৰে৷

আৰক্ষীয়ে জব্দ কৰা কার্টনকেইটাত কোৰিয়াত নির্মিত ১.৫০ লাখ চিগাৰেট আছে৷ ঘটনা সন্দর্ভত ৰে’ল আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি ব্যৱসায়ীজনক সোধা–পোছা অব্যাহত ৰাখিছে৷

You might also like