নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮৫ দিনত ১০ কোটি লোকক ভেকচিন প্রদানেৰে অভিলেখ

‘টিকা উৎসৱ’ক দ্বিতীয় বৃহৎ যুদ্ধ আখ্যা প্রধানমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ১২ এপ্ৰিলঃ ভাৰতত ক’ভিড–১৯ মহামাৰীৰ দ্বিতীয় জোৱাৰ চলি থকাৰ সময়তে দেশখনে ক’ভিড প্রতিৰোধী ভেকচিন দ্রুততাৰে জনসাধাৰণক প্রদান কৰি এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে৷ মাত্র ৮৫ দিনৰ ভিতৰতে ভাৰতে ১০ কোটিতকৈ অধিক লোকক ক’ভিড ভেকচিন প্রদান কৰি এক অভিলেখ গঢ়িছে৷ উল্লেখনীয় যে আমেৰিকাই ১০ কোটি লোকক ভেকচিন প্রদান কৰিবলৈ সময় লৈছিল ৮৯ দিন৷ চীনে ১০২ দিনৰ ভিতৰত সমসংখ্যক লোকক ক’ভিড ভেকচিন প্রদান কৰিবলৈ সক্ষম হৈছিল৷ কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ৰ তথ্য অনুসৰি ভাৰত এইক্ষেত্রত শীর্ষত থকা দেশ হিচাপে চিহ্ণিত হৈছে৷ লক্ষণীয়ভাৱে ক’ভিড ভেকচিন অধিক দ্রুততাৰে প্রদান কৰি ভাৰতে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে যদিও দেশখনত মহামাৰীৰ দ্বিতীয় জোৱাৰে দ্রুতগতিত সংহাৰ সৃষ্টি কৰিছে৷ বিগত ২৪ ঘণ্টাৰ ভিতৰত ভাৰতত ক’ভিড মহামাৰীত ডেৰ লক্ষাধিক লোক নতুনকৈ আক্রান্ত হোৱাৰ উপৰি প্রাণ হেৰুৱাইছে ৮৩৯গৰাকীয়ে৷ তথাপি ক’ভিড মহামাৰীৰ মোকাবিলা কৰাৰ ক্ষেত্রত ভাৰতে গ্রহণ কৰা পদক্ষেপক প্রশংসা কৰিছে বিশ্ব স্বাস্থ্য সংস্থা (হু) তথা অন্যান্য আন্তর্জাতিক সংস্থাসমূহে৷ আজি আন্তর্জাতিক সংবাদ মাধ্যমতো এই বিষয়টোৱে বিশেষ চর্চা লাভ কৰিছে৷

সংবাদ সংস্থা বি বি চিয়ে ক’ভিড ভেকচিন প্রদানেৰে ভাৰতে মহামাৰীৰ মোকাবিলা কৰাৰ ক্ষেত্রত সকলো উন্নত দেশক অতিক্রম কৰি বিশেষ তৎপৰতা দেখুৱাবলৈ সক্ষম হোৱা বুলি এক প্রতিবেদনত উল্লেখ কৰিছে৷ লক্ষণীয়ভাৱে মহামাৰীৰ দ্বিতীয় জোৱাৰ চলি থকাৰ সময়তে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ক’ভিড ভেকচিন দেশৰ সকলো নাগৰিককে প্রদান কৰা বিষয়টোত বিশেষ গুৰুত্ব আৰোপ কৰিছে৷ আজিৰে পৰা প্রধানমন্ত্রী মোদীৰ আহ্বানক্রমে দেশজুৰি আৰম্ভ হৈছে ‘টিকা উৎসৱ’৷ এই টিকা উৎসৱক মোদীয়ে ক’ভিড–১৯ মহামাৰীৰ বিৰুদ্ধে ভাৰতৰ এয়া দ্বিতীয় বৃহত্তম যুদ্ধ বুলি অভিহিত কৰিছে৷  টিকা উৎসৱৰ আৰম্ভণিতে প্রধানমন্ত্রী মোদীয়ে ছ’চিয়েল মিডিয়াযোগে এক বার্তা বিনিময় কৰি মহামাৰী প্রতিৰোধৰ ক্ষেত্রত ব্যক্তিগত তথা সামাজিক স্বাস্থ্য বিধানত গুৰুত্ব প্রদান কৰিবলৈ চৰকাৰী বিষয়ববীয়াসকলক আহ্বান জনাইছে৷ এইক্ষেত্রত চাৰিটা বিষয়ত গুৰুত্ব আৰোপ কৰিছে মোদীয়ে৷ যিসকল অশিক্ষিত তথা বৃদ্ধ লোক, তেওঁলোকক ভেকচিন প্রদানৰ ক্ষেত্রত সহায় কৰিবলৈ আহ্বান জনাইছে স্বাস্থ্য বিভাগক৷ লক্ষণীয়ভাৱে ক’ভিড মহামাৰী সন্দর্ভত যিসকল অজ্ঞ, তেওঁলোকক সবিশেষ জনোৱাৰ দায়িত্ব স্বাস্থ্যকর্মীসকলৰ বুলিও মোদীয়ে ঘোষণা কৰিছে৷ ইফালে মাস্ক পৰিধান কৰি নিজৰ তথা আনৰ জীৱন নিৰাপদ কৰাৰ ওপৰত গুৰুত্ব প্রদান কৰিছে প্রধানমন্ত্রীগৰাকীয়্৷ সমাজ তথা জনসাধাৰণে ক’ভিড মহামাৰী প্রতিৰোধ কৰিবলৈ নিজস্বভাৱে ক্ষুদ্র ক্ষুদ্র কনটেইনমেণ্ট জ’ন প্রস্তুত কৰিব লাগিব বুলিও ঘোষণা কৰিছে মোদীয়ে৷

You might also like