নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন বিভাগৰ দলক খেদি পঠিয়ালে উত্তেজিত মহিলাইঃ অতুল বৰা মুর্দাবাদ ধ্বনি

নিয়মীয়া বাৰ্তা ৩১ মাৰ্চঃ মহানগৰীৰ দিছপুৰ সমষ্টিৰ অন্তর্গত বতাহঘুলিৰ গাৰোবস্তিত আজি বন বিভাগে উচ্ছেদ অভিযান চলাবলৈ যোৱাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ গাৰোবস্তিৰ একাংশ উত্তেজিত মহিলাই উচ্ছেদ অভিযান চলাবলৈ যোৱা বন বিভাগৰ দলটোক পহুখেদা দিয়ে৷ প্রাপ্ত খবৰ মতে বতাহঘুলিৰ গাৰোবস্তিত আজি বন বিভাগৰ দলটোৱে লালচন মাৰাক নামৰ এজন লোকৰ বাসগৃহত উচ্ছেদ চলাবলৈ আহে৷ এই লৈ ঘটনাস্থলীত স্থানীয় মহিলা আৰু একাংশ উত্তেজিত লোকে বন বিভাগৰ দলটোক বিভিন্ন প্রশ্ণৰে থকাসৰকা কৰে৷ তদুপৰি বন বিভাগৰ দলটোক উত্তেজিত মহিলা আৰু স্থানীয় লোকে অশ্লীল গালি–গালাজ পৰা পৰিলক্ষিত হয়৷

অৱশেষত বন বিভাগৰ দলটোৱে স্থানীয় মহিলাসকলৰ ৰোষত পৰাৰ ভয়ত ঘটনাস্থলী ত্যাগ কৰিবলৈ বাধ্য হয়৷ ইপিনে, উত্তেজিত লোকে নির্বাচনী আচৰণবিধি চলি থকাৰ সময়তে বন বিভাগৰ দলটোৱে উচ্ছেদ অভিযান চলাবলৈ যোৱা ঘটনাক লৈ খর্গহস্ত হৈ পৰে৷ তদুপৰি উত্তেজিত লোকে অতুল বৰা মুর্দাবাদ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে৷ উল্লেখ্য যে নির্বাচনৰ দিন চমু চাপি অহাৰ সময়তে বিভিন্ন দল আৰু নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা প্রার্থীসকলে মহানগৰীৰ ভূমিহীনক পট্টা প্রদান কৰাৰ লগতে অন্যান্য সমস্যা সমাধানৰ প্রতিশ্রুতি প্রদান কৰি ভোট ভিক্ষা কৰি ফুৰিছে৷ কিন্তু মহানগৰীৰ পাহাৰত বসবাস কৰা লোকসকলে নির্বাচনৰ পাছত ভূমিপট্টা পাবনে নাই এই লৈ বিভিন্ন প্রশ্ণ উত্থাপন হৈছে৷

You might also like