নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিকূল বতৰকো নেওচি সহস্রাধিক লোকৰ প্রতিবাদ

নিয়মীয়া বাৰ্তা ১২ জুলাইঃ চন্দ্রপুৰত ডাম্পিং গ্রাউণ্ড স্থাপনৰ অসম চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতাৰে চন্দ্রপুৰত যোৱা ২৮ জুনৰ পৰা ধাৰাবাহিক প্রতিবাদ অব্যাহত আছে৷ চন্দ্রপুৰ অঞ্চলৰ প্রতিজন ব্যক্তিয়ে এই প্রতিবাদত জঁপিয়াই পৰিছে৷ অদ্যাপি কিন্তু অসম চৰকাৰে কোনো বিহিত ব্যৱস্থা গ্রহণ কৰা নাই,বৰঞ্চ গুৱাহাটী পৌৰ নিগমে নিতৌ গুৱাহাটী মহানগৰীত সংগৃহীত জাবৰ ট্ৰাকে ট্ৰাকে চন্দ্রপুৰ তাপবিদ্যুৎ প্রকল্পস্থলীত দ’মোৱা আৰম্ভ কৰিছে৷ এই কার্যৰ প্রতিবাদ জনাই আজি পুনৰ চন্দ্রপুৰ সূতাকল খেলপথাৰত সর্বাত্মক প্রতিৰোধ কার্যসূচী গ্রহণ কৰে৷ পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ গুৱাহাটী পৌৰ নিগমৰ বিৰুদ্ধে সর্বাত্মক প্রতিৰোধ কার্যসূচী গ্রহণ কৰা হয়৷ কার্যসূচীৰ অনুৰূপে পুৱা ৫ বজাৰ পৰা প্রতিবাদকাৰীসকলে প্রতিৰোধ কার্যসূচীত অংশগ্রহণ কৰে৷ দিনৰ ১১ বজাৰ পৰা প্রতিকূল বতৰকো নেওচি চন্দ্রপুৰ অঞ্চলৰ প্রায় ২২খনকৈ গাঁৱৰ প্রায় সহস্রাধিক লোকে সূতাকল খেলপথাৰত সমৱেত হৈ প্রতিবাদী সভাৰ আয়োজন কৰে৷ প্রতিবাদী সভাত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰি প্রতিবাদকাৰীসকলক্ উদ্দেশ্যি বক্তব্য আগবঢ়ায়৷ প্রতিবাদী সভাত বক্তব্য আগবঢ়াই পৰিৱেশ বিজ্ঞানী ড০ অমৰজ্যোতি কাশ্যপে কয় যে গুৱাহাটী পৌৰ নিগমৰ আৱর্জনা সংগ্রহৰ পৰা ডাম্পিং গ্রাউণ্ডত দ’মোৱালৈ কোনো সুনির্দিষ্ট পৰিকল্পনা নাই৷

সেয়েহে মাত্র কেইটামান বছৰৰ ভিতৰত বৰাগাঁৱৰ ডাম্পিং গ্রাউণ্ডে ব্যাপক প্রদূষণ কৰাৰ লগতে দীপৰ বিলৰ প্রতি ভাবুকিৰ সৃষ্টি কৰিছে৷ সেই কাম আৰু ভুলকৈ পুনৰ অসম চৰকাৰে আগবাঢ়িছে চন্দ্রপুৰত কৰিবলৈ৷ তেওঁলোকে যিধৰণে আৱর্জনাসমূহ নিষ্কাশনৰ ব্যৱস্থা কৰা বুলি মিছা আশ্বাস দি জাবৰ দ’মাবলৈ আগবাঢ়িছে, এনে পৰিপ্রেক্ষিতত চন্দ্রপুৰ তাপবিদ্যুৎ প্রকল্পৰ নামত আবণ্টিত ভূমি মাত্র কেইটামান বছৰৰ ভিতৰতে প্রদূষণযুক্ত স্থানলৈ ৰূপান্তৰ হ’ব আৰু এই অঞ্চলৰ মানুহ, জীৱ–জন্তু, পশু–পক্ষীৰ জীৱনলৈ ভাবুকি নামি আহিব আৰু প্রাকৃতিক পৰিৱেশ ব্যাপকভাৱে বিনষ্ট হ’ব৷ সেয়েহে চন্দ্রপুৰত গুৱাহাটী পৌৰ নিগমৰ আৱর্জনা জমা কৰা কাম বন্ধ কৰিব লাগে আৰু এই সিদ্ধান্ত চৰকাৰে বাতিল কৰিব লাগিব৷

প্রতিবাদী সভাত অংশগ্রহণ কৰি পৰিৱেশ কর্মী মুবিনা আখতাৰে তীব্র ভাষাৰে ৰাজ্য চৰকাৰ তথা পৌৰ নিগম কর্তৃপক্ষক তীব্র ভাষাৰে সমালোচনা কৰে আৰু সম্ভাৱনাপূর্ণ পর্যটন ক্ষেত্র আৰু ইয়াৰ প্রাকৃতিক উপাদানসমূহ ৰক্ষা কৰাৰ বাবে চৰকাৰক ডাম্পিং গ্রাউণ্ডৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায়৷ আজিৰ প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰি বিশিষ্ট শিল্পী লোকনাথ গোস্বামীয়ে কয় যে চন্দ্রপুৰৰ দৰে এখন চিৰসেউজ ঠাইত গুৱাহাটীৰ আৱর্জনা পেলোৱা স্থান নির্ধাৰণ কৰাটো চৰকাৰে চন্দ্রপুৰৰ প্রতি কৰা ঠাট্টা–মস্কৰা৷ চৰকাৰে দৃষ্টিভংগী সলনি কৰি চন্দ্রপুৰৰ মৃত উদ্যোগসমূহ পুনৰুজ্জীৱিত কৰিব লাগে আৰু বিজ্ঞানসন্মত দৃষ্টিভংগীৰে গুৱাহাটীৰ আৱর্জনা আন ঠাইত পেলোৱাৰ ব্যৱস্থা কৰিব লাগে৷ প্রয়োজনত তেওঁ গুৱাহাটীৰ নাগৰিক হ’লেও এইক্ষেত্রত বিকল্প স্থান নির্ধাৰণ কৰাৰ ক্ষেত্রত চৰকাৰক সহযোগ কৰিব৷

You might also like