নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ খোৱা পানীৰ সমস্যা

গুৱাহাটীৰ খোৱা পানীৰ সমস্যা মানে দৰাচলতে সমগ্র অসমৰে প্রায় আটাই নগৰ–চহৰৰে খোৱা পানীৰ সমস্যা৷ গুৱাহাটী অসমৰ ৰাজধানী তথা সমগ্র উত্তৰ–পূর্বাঞ্চলৰ প্রৱেশ দ্বাৰ৷ এতেকে, গুৱাহাটীৰ খোৱা পানীৰ সমস্যা কিম্বা কৃত্রিম বানৰ সমস্যাৰ কথা ক’লে ৰাজ্যখনৰ আন আন ঠাইৰ এই দুটা সমস্যা অথবা নগৰীয়া জীৱনৰ অন্যান্য বিভিন্ন সমস্যাৰ কথা বহলাই বা সুকীয়াকৈ কোৱাৰ একো আৱশ্যক নাই৷ এই কথা সহজেই অনুমেয় যে ক’ৰবাত ইঠাই–সিঠাইত দুই–চাৰিটা দিশত নাওমান হেৰফেৰ হ’লেও, সামগ্রিকভাবে, অসমৰ অন্যান্য নগৰাঞ্চলৰ পৌৰ সমস্যা তথা অভাৱ–ভিযোগবোৰৰ স্বৰূপ গুৱাহাটীৰ সমস্যা আৰু অভাৱ–ভিযোগৰ স্বৰূপতকৈ বহু বেছি ভয়াৱহ৷ গাঁওসমূহৰ বিভিন্ন সমস্যা, বিশেষকৈ খোৱা পানীৰ সমস্যাৰ কথা নোকোৱাহে ভাল৷ সমগ্র ৰাজ্যৰ গাঁৱলীয়া ৰাইজে খোৱা পানীটোপাৰ বাবে যি নৰক যন্ত্রণা ভুগিছে, সেই কাহিনী, কস্মিন কালেও গাঁও দেখি নোপোৱা মানুহেও সংবাদ মাধ্যম যোগে পঢ়িছে, দেখিছে, শুনিছে৷ সভা–সমিতিলৈ বুলি বা অন্যান্য উদ্দেশ্যত ৰাজ্যৰ বিভিন্ন নগৰীয়া, মফছলীয়া আৰু গাঁৱলীয়া ঠাইলৈ যাওঁতে মই, সেই ঠাইসমূহত বিদ্যুৎ যোগানকে ধৰি, ভিন্ ভিন্ দিশৰ জঘন্য বাস্তৱ পৰিস্থিতি স্বচক্ষে প্রত্যক্ষ কৰিছোঁ৷ ৰাজনৈতিক, প্রশাসনীয়, শৈক্ষিক, সাংস্কৃতিক, অর্থনৈতিক আৰু অন্যান্য বহু ক্ষেত্রৰ কেন্দ্রবিন্দু হোৱা হেতুকে গুৱাহাটীয়ে বহু ক্ষেত্রত বিশেষ মনোযোগ বা অগ্রাধিকাৰ পোৱাটো স্বাভাৱিক, আৰু তাত আপত্তি কৰিবলগীয়া নাই৷ কিন্তু নিজে গুৱাহাটীৰ বাসিন্দা হৈও, মই এই কথা বহু ঠাইত কৈছোঁ আৰু লিখিছোঁ যে দল, সংগঠন, সামাজিক অনুষ্ঠান আদিৰ পয়োভৰ থকাৰ সূত্রে আৰু ততালিকে দৃষ্টি আকর্ষণ, প্রতিক্রিয়া প্রকাশ, আৰু, অনেক সময়ত হৈ–চৈ কৰিব পৰাকৈ সংবাদ মাধ্যমৰো সহজলভ্যতা থকা হেতুকে, গুৱাহাটীত বিদ্যুৎ যোগানত ব্যাঘাত বা বিজুতিকে ধৰি যি কোনো সমস্যাই ততালিকে যিমান গুৰুত্ব পায়, অন্যান্য ঠাইত, বিশেষকৈ ভিতৰুৱা অঞ্চলসমূহত, সমস্যাসমূহ বহু গুণে বেছি গুৰুতৰ হ’লেও, সিবোৰে তাৰ দহ ভাগৰ এভাগো গুৰুত্ব নাপায়৷ সকলো কথা ‘ৰাজনৈতিক’ দল, চৰকাৰ, ৰাজ্য প্রশাসন, স্থানীয় পৌৰ কর্তৃপক্ষ আৰু স্থানীয় ৰাইজৰ নিজ নিজ যথাযুক্ত ভূমিকাৰ ওপৰত নির্ভৰশীল৷ ৰাজনীতিৰ অর্থ মাথোন নির্বাচনত জিকাৰ অর্থে মিথ্যাচাৰ, যথেচ্ছাচাৰ আৰু পাৰস্পৰিক লেং মৰা–মৰিৰ খেল নহয়৷

সি যি কি নহওক, এতিয়া গুৱাহাটীৰ কৃত্রিম বান আৰু খোৱা পানীৰ কথা, যি কথাৰ লগত অসমৰ আন যি কোনো নগৰ–চহৰৰ বাসিন্দাসকলে নিজ নিজ স্থানৰ সমস্যাসমূহ সংলগ্ণ কৰি লৈ তুলনামূলক বিচাৰ কৰি চাব পাৰে৷ আটায়ে জানে যে গুৱাহাটীৰ বিভিন্ন পৌৰ সমস্যাসমূহৰ বর্তমান ৰূপ প্রাপ্তিৰ প্রক্রিয়াটোৰ আৰম্ভণি হ’ল ১৯৭২ চনত, নৱ সৃষ্ট মেঘালয়ৰ শিShi)লঙৰপৰা অসমৰ ৰাজধানীখন গুৱাহাটীৰ দিছপুৰলৈ স্থানান্তৰিত কৰাৰ পাছৰেপৰা৷ শিলঙত তথা (নতুন) মেঘালয়ৰ অ’ত, ত’ত, য’ত যিমান অসমীয়া চাকৰিয়াল বাসিন্দা আছিল, সেইসকলৰ প্রায় আটাই, ক্রমবর্ধমানসংখ্য, তাৰ মাটি–বাৰী, ঘৰ–দুৱাৰ সকলো মেঘালয়ৰ খিলঞ্জীয়া লোকৰ উপৰি অন্যান্য বিশেষ বিশেষ ভাষিক গোষ্ঠীৰ চাকৰিয়াল আৰু ব্যৱসায়ী লোকক প্রায় হাস্যকৰভাবে কম দামত বেচি দি হুৰ–হুৰকৈ নামি আহিল গুৱাহাটীলৈ৷ সমান্তৰালভাবে, নতুন আৰু উজ্জ্বল জীৱন–জীৱিকাৰ সন্ধানত, গুৱাহাটীত ‘মাটি এডোখৰ’–ৰ লোভত ৰাজ্যৰ বিভিন্ন ঠাইৰপৰা গুৱাহাটীলৈ ব’বলৈ ধৰিলে ব্যাপক অনিয়ন্ত্রিত জনস্রোত৷ আৰম্ভ হ’ল ব্যক্তিগত পতিত মাটি, চৰকাৰী সংৰক্ষিত মাটি, বনভূমি, জলাশয়, পিটনি, মেটেকানি, হাবি–জংঘল সকলোতে ব্যাপক অবৈধ দখল পাহাৰৰ গছ–গছনি কাটি, জীৱ–জন্তু, আপুৰুগীয়া চৰাই–চিৰিকটি, পতংগ, সৰীসৃপ আদি নির্বংশ কৰি, মাটি খান্দি ক’ৰবাত দ ঠাই পুতি, আন ক’ৰবাত ওখ ঠাই চাপৰ বা সমান কৰি ‘বিকাশমান’ মহানগৰ ধূলিময় আৰু নৰকসদৃশ কৰি, সৰু, ডাঙৰ, মজলীয়া, বিভিন্ন পঁজা ঘৰ, মধ্যবিত্তৰ তিনি–চাৰি কুঠলীয়া বাসগৃহ আৰু ধনী, অতিধনীৰ বিলাসবহুল, প্রাসাদোপম অট্টালিকা, ব্যৱসায়িক প্রতিষ্ঠান আৰু কার্যালয় নির্মাণেৰে ‘আধুনিক মানৱ সভ্যতা’ স্থাপনৰ নিত্যনতুন অভিযান, চঞ্চল নিগনি দৌৰ৷ তাত, পৰিস্থিতি, পৰিৱেশ, জীৱ–কুলৰ ওপৰত সম্ভাৱ্য প্রভাৱ, পৌৰ সমস্যা, বানৰ সম্ভাৱনা, খোৱা পানীৰ যোগান, মুকলি বায়ু সেৱনৰ সুবিধা, ক্রীডাংগন আদিৰ কথা চিন্তা কৰিবলৈ কাৰো সময়, আহৰি আৰু গৰজ নাছিল৷ ভূতৰ ওপৰত দানহৰ দৰে, বিগত কুৰি–পঁচিশ বছৰত অসমীয়াৰ অনেক প্রকাৰৰ সামাজিক আচৰণ, আদান–প্রদান, ব্যৱহাৰিক সংস্কৃতি ‘চেপেটা’ FLAT) কৰি দিয়া ‘ফ্লেট্ সংস্কৃতি’৷ লগে লগে ব’ৰিং কৰি গভীৰ নলী নাদ খান্দি ভূ–তলৰপৰা পানী শোহন সংস্কৃতি৷

গুৱাহাটীলৈ ৰাজধানী তুলি আনিছিল তদানীন্তন মুখ্য মন্ত্রী শৰৎ চন্দ্র সিংহই৷ কামটো সম্পন্ন কৰিছিল তড়িৎ গতিত৷ উদ্যোগটো শলাগিবলগীয়া৷ কিন্তু স্থানান্তৰকৰণৰপ সৃষ্ট সম্ভাৱ্য সমস্যাসমূহ আগতীয়াকৈ বুজা কিম্বা সিবোৰ প্রতিৰোধ কৰাৰ সময় তথা দূৰদর্শিতা আৰু ৰাজনৈতিক মনোবল কাৰো নাছিল৷ তেখেতৰ মন্ত্রী সভাতো তেনে দূৰদর্শী বা নিঃস্বার্থ মন্ত্রী কোনো নাছিল৷ নিজৰ নির্বাচনী ভৱিষ্যতত ছাঁ পেলাব পৰা যি কোনো কাম কৰাটো ‘দূৰদর্শী ৰাজনীতিক’ৰ ‘ৰাজনৈতিক মূর্খামি’৷ অসম গণ পৰিষদ চৰকাৰৰ ‘সুবিধা পালে নেৰিম’ বিধৰ এগৰাকী ৰাজহ মন্ত্রীৰ আমোলতে চৰকাৰৰ অনেক মন্ত্রী, দলৰ নেতা তথা বিভিন্ন ক্ষেত্রৰ অনেক ‘প্রভাৱশালী’ লোকে গুৱাহাটীৰ ঐতিহাসিক খাৰঘুলি পাহাৰত মাটিৰ পট্টন পালে৷ আধাৰশিলা স্থাপিত হ’ল খাৰঘুলি উপনিৱেশৰ৷ পাহাৰ খন্দা, পাহাৰ খহা, নর্দমা পোত খোৱা, ওফন্দা পানী, বাগৰা পানী, কৃত্রিম বান নোহোৱাকৈ থাকিব? হেঙেৰাবাৰী, জাপৰিগোগ সাৰি যাব? বছৰে বছৰে বাঢ়ি বাঢ়ি অধিক জটিল হৈ গৈ থকা এই সমস্যাটো হিতেশ্বৰ শইকীয়া, প্রফুল্ল মহন্ত, অসম আৰু অসমীয়াৰ মূৰত একেৰাহে পোন্ধৰ বছৰ তিনিসিৰীয়া গজাল মৰা তৰুণ গগৈ, গগৈ মন্ত্রীসভাৰ গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, অজন্তা নেওগ, অসমত ভাজপাৰ চৰকাৰ হ’লে ছয় মাহৰ ভিতৰত (এতিয়া চাৰি বছৰ ছমাহ হ’লহি) গুৱাহাটীৰ কৃত্রিম বান সমস্যা সমাধান কৰিব বুলি ওফাইদাং মৰা, এসময়ৰ কেন্দ্রীয় জল সম্পদ ৰাজ্য মন্ত্রী বিজয়া চক্রৱর্তী, কোনেও ‘সমাধান’–ৰ ‘স’–টোৰে ওচৰ চাপিব নোৱাৰিলে৷ ২০১২ চনত ড০ হিমন্ত বিশ্ব শর্মাই বিভাগটোৰপৰা অব্যাহতি বিচৰাত গগৈদেৱে তেখেতক অব্যাহতি দি দায়িত্ব ল’লে নিজে– ‘অন্ হিয্ ব্রড্ শৌল্ডা(ৰ্)য্’৷ তেনেতে, ২০১৩ চনৰ ভৰ বাৰিষা কালত, ৰাজধানীৰ কৃত্রিম বান সমস্যাৰ জঁইন মাৰি ‘ধামাকা’ দেখুৱাই কাললৈ খিয়াতি ৰখাৰ মনেৰে, সমাধান সূত্রৰ সন্ধান বিচাৰি, লগত মুখ্য সচিব জিতেশ খোস্লা, অতিৰিক্ত মুখ্য সচিবদ্বয় ৱিনোদ পিপাৰসেনিয়া আৰু অতুল চতুর্ৱেদী তথা অন্য দুগৰাকী উচ্চ পদস্থ আমোলা নন্দিতা হাজৰিকা আৰু মুক্তাৰাম ডেকা, এই পাঁচগৰাকী ৰাজবিষয়াৰ ‘হাই লে’ভ্ল্ টীম্’ লৈ, আলোচনাৰ উদ্দেশ্যে গগৈয়ে পদার্পণ কৰিলেগৈ এমে’ৰিকাত৷ পিচে, এমে’ৰিকাত প্রায় এসপ্তাহ থাকি পর্বত প্রমাণ ৰাজহুৱা ধনৰ শৰাধ কৰি ‘আলোচনা–বিলোচনা’ কৰি থাকোঁতেই এইফালে ৰাজধানীৰ বানে সংহাৰী ৰূপ (কোনো কোনো বাকচ সাংবাদিকৰ মতে– ‘সংসাৰী ৰূপ’) ধৰাত গগৈয়ে ‘ধামাকা’–ৰ সপোন পৰিহাৰ কৰি বিভাগটোৰ দায়িত্ব এট্লাণ্টিক্ মহাসাগৰৰ ওপৰেদি মুখেৰেই দলিয়াই দিলে অজন্তা নেওগলৈ বুলি৷ এইফালে, দিনদিয়েক পাছতে, গুৱাহাটী মহানগৰ, ৰাজধানী গুচি ‘অজন্তা সাগৰ’ হ’ল৷ তেতিয়াৰেপৰা, আৰু তাৰো আগৰেপৰা এতিয়ালৈকে গোৱালপাৰা, ধুবুৰী, নলবাৰী, বৰপেটা, ৰঙিয়া, মঙলদৈ, ঢ়েকিয়াজুলি, তেজপুৰ, বিশ্বনাথ, গহপুৰ, উত্তৰ লক্ষীমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্রুগড়, মৰাণ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, শিলচৰ, কৰিমগঞ্জ, নগাঁও, হোজাই, মৰিগাঁও, সোণাৰি আৰু অন্যান্য অনেক চহৰৰ বান সমস্যা, জাবৰ–জোঁথৰৰ সমস্যা, নলা–নর্দমাৰ সমস্যা, কম–বেছি পৰিমাণে একেই হয়নে নহয় বাৰু নগৰ উন্নয়ন দপ্তৰৰ স্বতন্ত্র ৰাজ্য মন্ত্রী পীয়ূষ হাজৰিকাদেৱ?

পূর্বে, গুৱাহাটীৰ জনসংখ্যা তাকৰ থাকোঁতে নগৰত নলিচাৰে পানী যোগাইছিল গুৱাহাটী পৌৰ সভাই৷ সময়ত গুৱাহাটী মহানগৰ হ’ল পৌৰ সভাৰ ঠাইত পৌৰ নিগম হ’ল৷ খোৱা পানী যোগানৰ ভাৰ পৰিল নাম সলনি হোৱা, কিন্তু ‘দ্য ম(ৰ্) ৰিমেইনিং দ্য ছেইম্ আফ্ট্ (ৰ্) দ্য চেইঞ্জ’,– ‘বিগ্ ছাউণ্ডিং গৌহাটী মূনিছিপ্ল্ ক(ৰ্)প’ৰেইশ্ন’–ৰ ওপৰত৷ কিন্তু চৌবাচ্চাত শেলুৱৈ, বোকা, বালিৰ পয়োভৰ একেই থাকিল৷ নলিচাৰে গ্রাহকৰ ঘৰলৈ অহা পানী মদৰুৱা, বোকাময় পানীৰ লগত মাজে মাজে কেঁচু আৰু শিশু শামুকৰো আগমন৷ পানীত অত্যধিক ব্লীচিং BLEACHING) পাউডাৰৰ উৎকট গোন্ধ৷ ১৯৭৪ চনত (প্রয়াত) ৰাধাগোবিন্দ বৰুৱা গুৱাহাটীৰ প্রথমজনা মে’য়(ৰ্) (‘মেয়ৰ’ নহয়) হ’ল৷ পাছে লক্ষ্যধৰ চৌধুৰী, বিনয় ভূষণ চৌধুৰী আদি ইত্যাদি৷ কিন্তু মূল সমস্যাবোৰৰ একো সমাধান নহ’ল৷

সমগ্র অসমৰ য’ত য’ত নগৰীয়া পানী যোগানৰ সুব্যৱস্থা নাই, তেনেবোৰ ঠাইত পানী যোগানৰ বাবে স্থাপিত হৈছিল জন স্বাস্থ্য কাৰিকৰী বিভাগ৷ এই বিভাগে অসমৰ ‘জন’–ৰ স্বাস্থ্য কেনেদৰে সুৰক্ষিত কৰি সেই ‘জন’–ৰ কেনে মংগল সাধিব লাগিছে, সেই সত্য, উদ্যোগবিহীন অজান্তি মুলুকৰ অনেক ঠাইত ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ অনেক কাৰখানাই, চকু মুদি থকা কুলি চৰকাৰৰ অন্ধ চকুৰ সমুখতে মুলুকৰ বিভিন্ন জলৰাশিত পেলাই দিয়া, আর্ছে’নিককে ধৰি বিভিন্ন বর্জিত বিষাক্ত পদার্থই পূব কার্বি আংলং, পশ্চিম কার্বি আংলং, নগাঁও, মৰিগাঁও, হোজাই, গোলাঘাট আদি জিলাত আৰু কামৰূপ (মহানগৰ) জিলাৰ পূব ভাগৰ একাংশত সৃষ্টি কৰা ফ্লু’ৰ’ছিছ্ নামৰ মাৰাত্মক ৰোগে কিমান হাজাৰ প্রাপ্ত বয়স্ক লোকৰ কি অৱস্থা কৰিছে আৰু, বিশেষকৈ হাজাৰ হাজাৰ শিশু আৰু কিশোৰ–কিশোৰীক অকালতে সোলা–সুলী, কোঙা–কুঙী, কণা–কাণী, লেঙেৰা–লেঙেৰী আৰু বুঢ়া–বুঢ়ী কৰি জীৱন–যৌৱনৰ সমস্ত আনন্দৰপৰা সিহঁতক নির্মমভাবে লাঞ্ছিত আৰু বঞ্চিত কৰিছে, ‘স্বাধীনতা’ লাভৰ ধাতুসংকৰ জয়ন্তী (প্লেটিনাম্ জুবিলী)লৈ ডেৰবছৰ বাকী থকা অৱস্থাত, পূর্বৰ সমূহ জন স্বাস্থ্য কাৰিকৰী মন্ত্রীৰ লগতে, কেইটামান বিশেষ ‘লাভজনক’ বিভাগ লাভ কৰিব নোৱাৰিলে, গগৈ চৰকাৰ তথা সোণোৱাল চৰকাৰক সমর্থন নিদিবলৈ টালুকি–ভালুকি কৰি থকা বী পী এ’ফ্ দলৰ দীর্ঘদিনীয়া জন অস্বাস্থ্য কাৰিকৰী মন্ত্রী ৰিহণ দৈমাৰীয়ে আৰু আধা কংগ্রে’ছী আধা ভাজপা, ‘বৰাক প্রাণ’ প্রাক্তন মন্ত্রী গৌতম ৰয়ে তথা প্রাক্তন উদ্যোগ (?) মন্ত্রীসকলৰ লগতে, বাছ ভাৰা বৃদ্ধিত উদ্যোগ গ্রহণৰ বাবে ‘বিখ্যাত’, বর্তমানজনা উদ্যোগ (?) অমাত্য, ফাকতি–ফুকুতাত বচনসিদ্ধ, চন্দ্রমোহন পাটোৱাৰীৰপৰা (হয়, সেই সত্য) জানিবলৈ দাবী কৰাৰ অধিকাৰ, মুলুকৰ ৰাইজৰ নিশ্চয় আছে৷ পিচে, ৰাজধানী (প্রাগ্জ্যো–) দিছপুৰৰ অগ্ণিগড় চৌহদৰ ভিতৰৰ দৌতা–ডাঙৰীয়াসকলৰ্ প্রাসাদসমূহত পানী যোগানৰ যিফেৰা কাম উক্ত বিভাগৰ কান্ধত পৰিছিল, সেইফেৰা কিন্তু বিভাগে অতি নিয়াৰিকৈ কৰিছিল৷ কৰিব লাগিবই দিয়কচোন৷ শুই–বহি, গাজাখুৰি গল্প কৈ, শুনি, প্রায় বিনামূলীয়া বিদ্যুৎ উপভোগ কৰি থাকিলেও, তেৰাসৱ হৈছে, ‘ৰাইজৰ সেৱা’–ৰ বাবে ভগৱন্ত বস্তুৰ দ্বাৰা মর্ত্যলৈ প্রেৰিত দেৱদূত

১৯৮২ চনত, নে, ১৯৮৬ চনত, ভালকৈ মনত নাই,– স্থাপন কৰা হৈছিল ‘অসম নগৰ পানী যোগান আৰু পয়ঃপ্রণালী পৰিষদ AUWSSB)’৷ এই পৰিষদৰ আঁচনিত অন্তর্ভুক্ত আছিল গুৱাহাটী, যোৰহাট, শিলচৰ আৰু ধুবুৰীত পানী যোগানৰ কাম৷ নক’লেও চলে, কেউখন চহৰতে, মূল চৌবাচ্চালৈ পানী উঠোৱাৰ উৎসত পানী উভৈনদী৷ বাৰিষা বানে সকলো বুৰাই তাণ্ডৱ চলায়৷ তথাপি বাৰিষাও খোৱা পানীৰ চৰম নাটনি৷ পানী যোগান দুয়ো বেলা নহয় মাথোন আগবেলাহে হয়/হৈছিল৷ সেয়াও মাথোঁ দুঘণ্টা৷ পানী জমা কৰাৰ প্রক্রিয়া, চৌবাচ্চা পৰিষ্কাৰকৰণ ব্যৱস্থা, পানীৰ গুণগত মান আদিৰ কাহিনী ইতিপূর্বে গুৱাহাটী পৌৰ সভা/পৌৰ নিগমৰ পানীৰ গুণগত মানৰ বিষয়ে ব্যক্ত কৰা কাহিনীৰ তথৈৱচ৷ পানী অহাৰ গতিবেগৰ চাপ বা তীব্রতাও প্রায়ে নিম্ন৷ গুৱাহাটীত ব্রহ্মপুত্রৰপৰা, নাৱৰ ওপৰত থকা যন্ত্রৰে পানী তুলি মূল চৌবাচ্চালৈ পঠোৱা ঘাই নলী বা পাইপ, বিয়াগোম ট্রাক্ বা তেনে বৃহৎ যান–বাহনে ভঙাৰ ঘটনা সঘনাই ঘটি আছিল এতিয়াও ঘটি থাকে৷ ফলত তেনে ঠাইত বাহিৰৰ বোকা–পানীয়ে নলীৰ ওপৰত বুৰবুৰণি তুলি থাকে৷ নলীত বোকা, ভেকুলী, কেঁচু, সাপ আদি সোমায়৷ এবাৰ নলীৰ ভগা অংশত হাৱাইন্ চপ্পলৰ টাপলি মাৰি বাইছিক্লৰ চকাৰ টিউবেৰে মেৰামতি কৰাৰ ঘটনাও মোৰ চকুত (আৰু হাতত) পৰিছিল৷ মই তেতিয়া গ্রাহক সুৰক্ষা সংস্থাৰ সভাপতি৷ ঘটনাটো মই সংবাদ মাধ্যম যোগে ৰাজহুৱাও কৰিছিলোঁ৷ অপৰাধী বাহন চালক কিম্বা বাহনৰ মালিক কেতিয়াও ধৰা নপৰে৷ শাস্তি ‘দূৰ অস্তি’৷ বিৰাজ কুমাৰ শর্মা ৰাজ্যৰ পৌৰ প্রশাসন বিভাগ MAD)ৰ মন্ত্রী হৈ থাকোঁতে তেখেতে অনুষ্ঠিত কৰা একাধিক সভালৈ মোক গ্রাহক সুৰক্ষা সংস্থাৰ সভাপতি স্বৰূপে তথা, বিভিন্ন ৰাজহুৱা বিষয়ত মাত মাতি থকা ব্যক্তি হিচাপে নিমন্ত্রণ কৰিছিল৷ তেনে সভাবোৰত বহু পৰামর্শ আগবঢ়োৱা হৈছিল৷ দুই–চাৰিটা গৃহীত আৰু বাস্তৱায়িত হৈছিল৷ বাকীবোৰ,– গালোঁ–বালোঁ, খোলাকটিৰ তাল৷

মাজতে কিছু ঘটনা ঘটিল৷ সম্ভৱতঃ ২০১১–’১২–’১৩ চনৰ কথা৷ ড০ হিমন্ত বিশ্ব শর্মা তেতিয়াও গগৈ মন্ত্রী সভাৰ সদস্য৷ ৰাজধানী গুৱাহাটীৰ ক্রমবর্ধমান এলেকা আৰু জনসংখ্যালৈ লক্ষ্য ৰাখি সমগ্র মহানগৰৰ বাবে এক বৃহৎ মহানগৰীয় পানী যোগান প্রকল্পৰ আঁচনি লোৱা হ’ল৷ বিত্ত যোগান প্রতিষ্ঠান ওলাল, কাৰিকৰী নির্মাণ প্রতিষ্ঠান ওলাল৷ জাইক’ আদি বিত্তীয় প্রতিষ্ঠানৰ নাম মনত পৰে৷ নির্মাণ প্রতিষ্ঠান, অসমত সুনাম নথকা গেমন ইণ্ডিয়া লিমিটে’ড্৷ মহানগৰীত পানী যোগানৰ বাবে প্রতিষ্ঠিত হ’ল ‘গুৱাহাটী মহানগৰীয় খোৱা পানী যোগান আৰু নিষ্কাসন পৰিষদ’ নামে এক কর্তৃপক্ষ৷ চমুকৈ নাম দিয়া হ’ল ‘জল বৌর্ড্’৷ জল বৌর্ড্–এ অসমৰ আন ক’ত কি কাম কৰিছে বা নাই কৰা, মই নাজানো৷ কিন্তু গুৱাহাটীতে কিবা এটা কৰি দেখুওৱাৰ মনেৰে, অসম নগৰ পানী যোগান আৰু পয়ঃপ্রণালী পৰিষদক যোৰহাট, শিলচৰ আৰু, বোধহয়, ধুবুৰীতো ৰাখি, গুৱাহাটীত তাৰ আখল সামৰি মহানগৰত পানী যোগানৰ দায়িত্ব দিয়া হ’ল, একোটো কৰাত অসমর্থ জল বৌর্ডক, কিয়নো, নানান ত্রুটী–বিচ্যুতি সত্ত্বেও, গুৱাহাটীত অসম নঃ পাঃ যোঃ আৰু পঃ প্রঃ পৰিষদ আছিল মোটামুটিভাবে সফল আৰু লাভজনক৷ পৰৰ পিঠাৰে বিহু পতাৰ উৎকৃষ্ট (?) নিদর্শন৷ গুৱাহাটী সংমণ্ডলৰ কর্মীসকলে প্রতিবাদী নাগৰিক সভা পাতিলে৷ আমাকো নিমন্ত্রণ কৰা হৈছিল৷ প্রতিবাদ হ’ল৷ দিনদিয়েক পাছত জল বৌর্ড্–এ আৰু চৰকাৰে চাকৰিয়ালসকলক আশ্বাস দিলে যে তেওঁলোকৰ কাকো ‘চাটাই’ বা বদলি কৰা নহয়৷ চাকৰিয়ালৰ আন্দোলনো তাতে অন্ত পৰিল৷ উদ্দেশ্যও আছিল সেয়ে৷

গুৱাহাটীৰ বাবে বৃহৎ মহানগৰীয় পানী যোগান প্রকল্পটোৰ বাবে বিত্তৰ যোগান তথা প্রকল্প নির্মাণৰ কাৰিকৰী দায়িত্ব অর্পণ আদি সন্দর্ভত অনেক দুর্নীতি আৰু কেলেংকাৰীৰ কথা ওলাইছিল৷Louis Berger নামৰ এটা প্রতিষ্ঠানৰ নাম বৰকৈ ওলাইছিল৷ প্রথম নামটো ‘লুইছ’ নে, ‘লুই’, মই নাজানো প্রতিষ্ঠানৰ নিজা মানুহৰ মুখৰপৰা শুনিব লাগিব৷ যদি ফৰাঁছী মূলৰ, তেন্তে,Louis–ৰS-টো উচ্চাৰিত নহয়৷ সি যি কি নহওক, কেলেংকাৰী অ(ৰ্) নৌ কেলেংকাৰী, ঘোটালা য়া নৌ ঘোটালা, সংবাদ মাধ্যমত বি–ৰ–ৰা–ট তোলপাৰ লাগিছিল৷ কিন্তু এতিয়া সকলো তল পৰিল, ফুচ্–ফাচ্ হ’ল ‘অল কোৱায়ে’ট্ অন্ দেট্ ফ্রাণ্ট্’৷ কামাল হ্যেঁয় ম্যেই ক্যা কৰঁু? প্রকল্প ৰূপায়ণৰ বাবে গুৱাহাটীক ‘মধ্য গুৱাহাটী’, ‘পূব গুৱাহাটী’, ‘দক্ষিণ–পশ্চিম গুৱাহাটী’ আদি গোটাদিয়েক খণ্ড নে মণ্ডল নে অঞ্চলত ভাগ কৰা হৈছিল৷ প্রকল্প ৰূপায়ণ সম্পন্নৰ সীমাৰেখা কি আছিল, কেতিয়া আছিল, আটায়ে পাহৰিলে, ময়ো পাহৰিলোঁ, সংবাদ মাধ্যমেও টা–টা, বাঈ–বাঈ দিলে৷
কিন্তু এটা কথা মোৰ এতিয়াও ভালদৰে মনত আছে৷ ২০১৫ চনৰ ২৮ এপ্রিল তাৰিখে গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকৰণ (জী এ’ম্ ডী এ’)ৰ অধ্যক্ষ ধীৰেন বৰুৱাই এখন সভা পাতি তালৈ প্রাক্তন বিধায়ক অজয় দত্ত আৰু মোকো নিমন্ত্রণ কৰিছিল৷ সভাৰ অন্তত আমাক লৈ যোৱা হৈছিল জালুকবাৰী সমষ্টিৰ অন্তর্গত পাণ্ডু–মালিগাঁও অঞ্চলত গেমন্ ইণ্ডিয়াই নির্মাণ কৰি থকা দক্ষিণ–পশ্চিম গুৱাহাটী পানী যোগান প্রকল্পৰ কাম দেখুৱাবলৈ৷ আমাক বিদায় দিয়াৰ আগে আগে অধ্যক্ষ বৰুৱাই জল বৌর্ড্ আৰু গেমন্ ইণ্ডিয়াৰ কর্মকর্তাৰ উপস্থিতিত আমাক ক’লে যে সেই বছৰৰে (২০১৫) ছে’প্ঢে’ম্বৰ মাহৰপৰা প্রকল্পটোৰ এলেকাৰ প্রতিজন গ্রাহকে প্রকল্পৰ পানী লাভ কৰিব আজি ২০২০ চনৰ আঠাইশ অক্টোবৰ৷ এতিয়া কেনে নাজানো কিন্তু মাহদিয়েক আগলৈকে অঞ্চলটোৰ বুজনসংখ্যক মানুহে পানী পোৱা নাছিল৷ বৰুৱাই আমাক কোৱা কথাষাৰৰ সত্যাসত্যতা বৰুৱা আৰু অজয় দত্তৰপৰা নির্ণেয়৷

ৰাধাগোৱিন্দ বৰুৱা পথৰ আমাৰ অঞ্চলত জল বৌর্ডৰ পানী যোগান এতিয়াও অনিয়মিত, সঘনে ব্যাহত৷ পানীত বালি আৰু বোকা৷ কাপোৰ–কানি আৰু বাচন–বর্তনৰ ৰং সঘনাই হৈ থাকে মদৰুৱা বাল্টিৰ তলিত মাটি আৰু বালিৰ গেদ ৷ অতপৰে যিমানখিনি কথা ক’লোঁ, তাৰ মাজত এগৰাকী ব্যক্তিৰ নাম লোৱা হোৱাই নাই৷ সেইগৰাকী ব্যক্তি হ’ল গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্য্য৷ বলটো এতিয়া তেখেতৰ ক(ৰ্)টত৷

You might also like