নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ১০০ সাংবাদিকক ক’ভিড ভেকচিন

নিয়মীয়া বাৰ্তা ৫ মেঃ আজি গুৱাহাটী প্রেছ ক্লাবত ১৮–৪৪ বছৰৰ সাংবাদিকক প্রতীকীৰূপে দিয়া হ’ব ভেকচিন৷ পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হ’ব এই ভেকচিনেচন কেম্প৷ অসম চৰকাৰৰ নির্দেশ মর্মে ১০০জন সাংবাদিকেহে প্রাৰম্ভিক পর্যায়ত ল’ব পাৰিব ভেকচিন৷ বিভিন্ন খবৰৰ সন্ধানত যিসকলে সমুখৰ পৰা যুঁজ দি আহিছে, অর্থাৎ যিসকলে বিভিন্ন স্থানলৈ গৈ বা–বাতৰি সংগ্রহ কৰিছে, সেইসকল সাংবাদিক, ফটো সাংবাদিক, ভিডিঅ’ জার্নেলিষ্টকহে প্রাধান্য দিয়া হ’ব৷ সেয়েহে গুৱাহাটী প্রেছ ক্লাবৰ তৰফৰ পৰা প্রতিটো সংবাদ প্রতিষ্ঠানলৈ অনুৰোধ যে প্রতিটো সংবাদ মাধ্যমৰ মাত্র দুজন সাংবাদিকক তেওঁলোকে নির্বাচিত কৰি প্রাৰম্ভিক পর্যায়ৰ ভেকচিন লোৱাৰ ব্যৱস্থা কৰি দিয়ে যেন৷ ভেকচিনৰ বাবে নির্বাচিত প্রতিজন সাংবাদিকেco-win, আৰোগ্য সেতু এপ্ত পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম৷ পঞ্জীয়নৰ নম্বৰটো গুৱাহাটী প্রেছ ক্লাবৰ ৬০২৬৬–৭২৮১৭ নম্বৰলৈ প্রেৰণ কৰিবলৈ সভাপতি মনোজ কুমাৰ নাথে আহ্বান জনাইছে৷

You might also like