নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : বিকশিত ভাৰতৰ ৰূপৰেখা

দেশৰ স্বাধীনতাৰ শতবর্ষত বিকশিত ভাৰতৰ ৰূপৰেখা প্রস্তুতেৰে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে ১ ফেব্রুৱাৰীত দাখিল কৰে ২০২৬–২৭ বিত্তীয় বর্ষৰ বাজেট৷ বিশ্বৰ চতুর্থ সর্ববৃহৎ অর্থনীতিৰ স্বীকৃতি লাভ কৰা ভাৰতে বিকশিত ভাৰত গঢ়াৰ সংকল্পৰে ২০৪৭ত বিশ্বগুৰুৰ সপোন দেখিছে৷ তীব্র অস্থিৰতাৰ মাজেৰে অগ্রসৰ হৈছে বিশ্বৰ অর্থনীতি৷ আমেৰিকাৰ মতলবী ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ভাৰতীয় সামগ্রীৰ ওপৰত আৰোপ কৰা ৫০ শতাংশ কৰৰ জৰিয়তে দেশৰ অর্থনীতিত কুঠাৰাঘাত কৰিবলৈ অহৰহ চেষ্টা চলাই আছে৷ নতুনকৈ আৰু অতিৰিক্ত কৰৰ বোজা জাপি দিয়াৰো ভাবুকি দিছে মহাপ্রতাপী দেশখনে৷ কিন্তু এনে প্রত্যাহ্বান নেওচি ভাৰতে অর্থনৈতিক বিকাশৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে৷ অর্থনৈতিক ভেটি টনকিয়াল হৈ উঠাৰ সময়তে ভাৰতবর্ষক বিভিন্ন ধৰণে বাধা দিয়াৰ চক্রান্তও সমান্তৰালভাৱে চলিছে৷ চুবুৰীয়া পাকিস্তান আৰু বাংলাদেশক উচটাই দেশৰ শান্তি আৰু প্রগতিত বাধাপ্রাপ্ত কৰাৰো চক্রান্ত চলোৱা হৈছে৷ কেন্দ্রীয় বিত্তমন্ত্রী সীতাৰমণে দাখিল কৰা বাজেটত ইয়াৰ প্রভাৱ পৰিলক্ষিত হৈছে৷ দীর্ঘম্যাদী বিকাশৰ ধাৰাক দ্রুতগতি প্রদান কৰিবলৈ যিদৰে বাজেটখনত পুঁজিৰ পৰিমাণ বৃদ্ধি কৰা হৈছে, একেদৰে প্রতিৰক্ষা বাজেট ৭.৫ শতাংশ বৃদ্ধি কৰা হৈছে৷ উন্নয়নৰ ধাৰাৰ সমানে দেশৰ ১৪২ কোটি জনতাৰ স্বাস্থ্য আৰু চিকিৎসাৰ ক্ষেত্রত বাজেটখনত অধিক গুৰুত্ব দিয়া হৈছে৷ পূর্বৰ তুলনাত দেশত স্বাস্থ্যখণ্ডৰ বৈপ্লৱিক পৰিৱর্তন হৈছে৷ ইয়াৰ লগে লগে আধুনিক চিকিৎসা পদ্ধতি যথেষ্ট ব্যয়বহুল হৈছে৷ এনে ব্যয়বহুল চিকিৎসা দেশৰ অধিকাংশ লোকে গ্রহণ কৰিব নোৱাৰে, দেশৰ স্বাস্থ্যখণ্ডত এইবাৰ ১,০৬,৩০.৪২ কোটি টকা ধার্য কৰা হৈছে৷ কর্কট ৰোগত ব্যৱহূত ১৭ বিধ ঔষধৰ দাম হ্রাস কৰাৰ বাবে বাজেটত বিশেষ ব্যৱস্থা গ্রহণ কৰা হৈছে৷ একেদৰে আধুনিক চিকিৎসা পদ্ধতিত ব্যৱহূত বিদেশী যন্ত্রপাতি আমদানি কৰাৰ ক্ষেত্রতো বিশেষ ৰেহাইৰ ব্যৱস্থা কৰা হৈছে৷ একেদৰে শিক্ষাখণ্ডত আমূল পৰিৱর্তন ঘটোৱাৰ বাবে ৫০ হাজাৰ গ্রাম্য স্কুলত ইণ্টাৰনেট সংযোগ আৰু অত্যাধুনিক লেব স্থাপনৰ পদক্ষেপ লোৱা হৈছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আশা কৰিছে যে এই বাজেটখনে ভাৰতক তৃতীয় বৃহৎ অর্থনীতিত পৰিণত কৰিব৷ এনে ব্যৱস্থাই গ্রামাঞ্চলৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহক ন–ৰূপ প্রদান কৰিব৷
কেন্দ্রীয় বাজেটখনে বিশেষকৈ অসম আৰু উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহে আশাৰ বতৰা কঢ়িয়াই আনিছে৷ দেশৰ অর্থনীতিলৈ জিডিপিৰ জৰিয়তে আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কেন্দ্রীয় কৰৰ অংশ ৩.২৫ শতাংশলৈ বৃদ্ধি কৰা হৈছে৷ বিকশিত ভাৰতৰ আধাৰত অসমতো মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত বিকশিত অসমৰ অনিৰুদ্ধ যাত্রা চলিছে৷ ফলত, দেশৰ দ্রুত বিকশিত ৰাজ্যৰ তালিকাত অন্তর্ভুক্ত হ’বলৈ সক্ষম হৈছে এসময়ত উগ্রপন্থীৰ হিংসা–হত্যাত জর্জৰিত অসমে৷ মুঠ ঘৰুৱা উৎপাদন অর্থাৎ জিডিপি বৃদ্ধিৰ শেহতীয়া ধাৰাই ৰাজ্যখনৰ উন্নয়ন আৰু বিকাশৰ ছবিখন স্পষ্ট কৰি তুলিছে৷ অসমলৈ কেন্দ্রীয় পুঁজিৰ পৰিমাণো লক্ষণীয়ভাৱে বৃদ্ধি হৈছে৷ অসমে কেন্দ্রীয় কৰৰ অংশ ৰূপে ৩.১২ শতাংশ লাভ কৰি আছে৷ এতিয়া নতুন বিত্তীয় বর্ষত এই পুঁজি ৩.২৫ শতাংশলৈ বৃদ্ধি হোৱাৰ ফলত অর্থনৈতিকভাৱে অসম লাভৱান হ’ব বুলি ব্যক্ত কৰিছে মুখ্যমন্ত্রী ড০ শর্মাই৷ অসম তথা উত্তৰ–পূর্বাঞ্চলৰ উন্নয়ন আৰু কর্মসংস্থাপন সৃষ্টিত এইবাৰ বাজেটত সর্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে৷ প্রধানমন্ত্রী মোদীৰ ‘অষ্টলক্ষ্মী’ৰ ৰাজ্যসমূহলৈ ‘ড’নাৰ’ মন্ত্রালয়ে ৬,৮১২ কোটি টকা ধার্য কৰিছে৷ অসমত ৫০০ জলাশয়ৰ উন্নয়নৰ জৰিয়তে মৎস্য পালন আৰু কর্মসংস্থাপন সৃষ্টিত অধিক গুৰুত্ব দিয়া হৈছে৷ একেদৰে জলাশয়সমূহ মুকলি কৰি বান সমস্যা সমাধানৰ পৰিকল্পনা গ্রহণ কৰা হৈছে৷ আমেৰিকাৰ মদগর্বী ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ ভাবুকিক গুৰুত্বহীন কৰি কেন্দ্রীয় বিত্তমন্ত্রীগৰাকীয়ে এইবাৰ বাজেটত বিদেশী বিনিয়োগ বৃদ্ধিৰ সংস্কাৰমুখী পদক্ষেপ গ্রহণ কৰিছে৷ আমেৰিকাই স্বৈৰাচাৰিতা আৰোপ কৰা শুল্ক বোমাৰ ক্ষতি প্রতিহত কৰিবলৈ দেশৰ শ্বেয়াৰ বজাৰত বিদেশী বিনিয়োগ বৃদ্ধিৰ প্রস্তাৱ লোৱা হৈছে৷ পূর্বতে শ্বেয়াৰ বজাৰত প্রবাসী ভাৰতীয়সকলে ১০ শতাংশ বিনিয়োগ কৰাৰ সুযোগ লাভ কৰিছিল৷ এতিয়া এই পুঁজিৰ পৰিমাণ ২০ শতাংশ কৰা হৈছে৷ দেওবাৰে বিত্তমন্ত্রীগৰাকীয়ে দাখিল কৰা বাজেটক লৈ দেশৰ বিনিয়োগকাৰী আৰু শ্বেয়াৰ বজাৰৰ সৈতে জড়িতসকলৰ মাজত প্রতিক্রিয়াৰ সৃষ্টি হৈছিল যদিও ২ ফেব্রুৱাৰীত বজাৰ মুকলিৰ সময়ত ইয়াৰ প্রভাৱ পৰিলক্ষিত নহ’ল৷ বৰঞ্চ বিএচিৰ সূচাংক ১০০০ পইণ্ট ঊর্ধ্বগামী হয়৷ ১৯৯১ৰ জুলাইত ড০ মনমোহন সিং দেশৰ বিত্তমন্ত্রীৰ আসনত থকাৰ সময়ত মুক্ত অর্থনীতিৰ বাবে বিদেশী সামগ্রীৰ ওপৰত আমূল সংস্কাৰ নীতি গ্রহণ কৰা হৈছিল, সেই সময়তো অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ দেশৰ বিনিয়োগকাৰী, উৎপাদনকাৰীসকলে অর্থনৈতিক অৱস্থা বিধ্বস্ত হ’ব বুলি আশংকা কৰিছিল, কিন্তু পৰৱর্তী সময়ত ড০ মনমোহন সিঙৰ বিত্তীয় সংস্কাৰে দেশৰ অগ্রগতিত বিশেষ প্রভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল৷ মন্ত্রী সীতাৰমণৰ উন্নয়ন আৰু বিদেশী বিনিয়োগৰ সংস্কাৰমুখী পদক্ষেপৰ সৈতে জড়িত হৈ আছে বিকশিত ভাৰতৰ সপোন৷ যদিহে এনে পদক্ষেপে সফলতা লাভ কৰে তেন্তে দেশৰ অর্থনীতিয়ে ভাৰতক বিশ্বগুৰুত পৰিণত কৰিব৷

You might also like