নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামেঙৰ ঘোলা পানী

২০১৭ চনৰ নৱেম্বৰ মাহত অৰুণাচল প্রদেশৰ পাছিঘাটবাসীয়ে চিৰপ্রৱহমান চিয়াং নৈৰ বুকুত এক অদ্ভূত ঘটনা প্রত্যক্ষ কৰিছিল৷ হঠাতে ক’লা হৈ পৰিছিল নৈখনৰ জলপৃষ্ঠ৷ পাছিঘাটবাসীয়ে চিয়াঙৰ বুকুত প্রত্যক্ষ কৰা ক’লা পানীৰ ধলৰ বিষয়টো সেই সময়ত ৰাষ্ট্রীয় সংবাদ মাধ্যমৰো শিৰোনাম দখল কৰিছিল৷ চিয়াঙৰ পানীৰ এনে অস্বাভাৱিক পৰিৱর্তনৰ বাবে পোনপটীয়াকৈ জগৰীয়া কৰা হৈছিল আগ্রাসী চীনক৷ আনকি অৰুণাচল পূব লোকসভা সমষ্টিৰ তেতিয়াৰ কংগ্রেছ সাংসদ নিনং ইৰিঙে দাবী কৰিছিল যে চীনে দহ কিলোমিটাৰ দৈর্ঘ্যৰ সুৰংগ নির্মাণ কৰি চিয়াঙৰ পানী ঝিনজিয়াং প্রদেশৰ টাক্লামাকান মৰুভূমিলৈ বোৱাই নিয়াৰ পৰিণতিতে চিয়াঙৰ জলপৃষ্ঠৰ পৰিৱর্তন ঘটিছে৷ এই বিষয়ত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ হস্তক্ষেপ দাবী কৰি সেই সময়ৰ সাংসদ ইৰিঙে এখন পত্রও প্রেৰণ কৰিছিল৷ সুদীর্ঘ প্রায় ৪ বছৰ পাছত চিয়াঙৰ অনুৰূপ ঘটনা ঘটিছে চুবুৰীয়া ৰাজ্যখনৰ মাজেৰে বৈ অহা আন এখন সৰস্রোতা নৈ কামেঙৰ বুকুত৷ দক্ষিণ তিব্বতত উৎপত্তিস্থল কামেঙৰ জলপৃষ্ঠ অতি শেহতীয়াকৈ ক’লা আৰু বোকাময় হৈ পৰিছে৷ এই লেতেৰা পানীত ওপঙি উঠিছে হাজাৰ হাজাৰ মৃত মাছ৷ ইতিমধ্যে অৰুণাচল প্রদেশ চৰকাৰৰ মীন উন্নয়ন বিভাগে কামেঙৰ পানীত বিষাক্ত দ্রব্য দ্রৱীভূত হোৱাটো নিশ্চিত কৰিছে৷ মাত্রাধিক পৰিমাণৰ বিষাক্ত দ্রব্য দ্রৱীভূত হোৱা বাবেই এনেদৰে মৃত্যু হৈছে হাজাৰ হাজাৰ মাছৰ৷ অৰুণাচল প্রদেশ চৰকাৰৰ মীন উন্নয়ন বিভাগে কামেঙৰ ঘোলা পানীৰ নমুনা পৰীক্ষাগাৰত পৰীক্ষা কৰাৰ অন্তত নিশ্চিত কৰিছে যে নৈখনৰ প্রতিলিটাৰ পানীত ৬,৮০০ মিলিগ্রাম পর্যন্ত ‘ট’টেল ডিজ’লভড ছাবষ্টেন্সেছ’ চমুকৈ টি ডি এছ দ্রৱীভূত হৈ আছে৷ সাধাৰণতে নৈৰ প্রতিলিটাৰ পানীত ৩০০–১,২০০ মিলিগ্রাম টি ডি এছ থাকে৷ এইটো স্বাভাৱিক৷ কিন্তু ৬,৮০০ মিলিগ্রাম পর্যন্ত টি ডি এছৰ উপস্থিতি পোৱাটো অত্যন্ত উদ্বেগজনক বিষয়৷ অকল মাছেই নহয়, নৈখনৰ বুকুত থকা জলচৰ প্রাণীকুলৰ অস্তিত্বৰ বাবেও ই সংকট নমাই আনিছে৷ ইতিমধ্যে অৰুণাচল প্রদেশৰ পূব কামেং জিলা প্রশাসনে নৈখনৰ মাছ ধৰা, বিক্রী কৰা আৰু খোৱাটো নিষিদ্ধ কৰিছে৷ কিন্তু এতিয়া প্রশ্ণ হৈছে হঠাতে কামেং নৈৰ পানী কিয় ক’লা–বোকাময় হৈ বিষাক্ত হৈ পৰিল? চিয়াঙৰ দৰে কামেং নৈৰ ক্ষেত্রত হোৱা এই নাভূত–নাশ্রুত কাণ্ডৰ বাবেও পূব কামেং জিলাৰ একাংশ বাসিন্দাই প্রত্যক্ষভাৱে চীনকেই জগৰীয়া কৰিছে৷ তেওঁলোকৰ অভিযোগ– সীমান্তৱর্তী অঞ্চলত কৰা নির্মাণকার্যৰ কোনো বিষাক্ত দ্রব্য চীনে কামেঙৰ উজনি অংশত পেলোৱাৰ ফলতে হঠাতে নৈখনৰ জলপৃষ্ঠৰ অস্বাভাৱিক পৰিৱর্তন ঘটাৰ লগতে ইয়াৰ পানী বিষাক্ত হৈ পৰিছে৷
অৰুণাচল প্রদেশ সংলগ্ণ প্রকৃত নিয়ন্ত্রণ ৰেখা (এল এ চি)ৰ পৰা চীনৰ দিশে আগ্রাসী ৰাষ্ট্রখনে শেহতীয়াকৈ ব্যাপক হাৰত তৎপৰতা অব্যাহত ৰাখিছে৷ আন্তঃগাঁথনি নির্মাণৰ সমান্তৰালভাৱে সীমান্তৰ সমীপৱর্তী নতুন গাঁওসমূহক সামৰি ঘাটি হিচাপে ব্যৱহাৰ আৰু স্পর্শকাতৰ অঞ্চলত সামৰিক প্রস্তুতিৰে একপ্রকাৰ সমৰসজ্জা চলাইছে চীনৰ সৈন্যবাহিনী পিপলছ লিবাৰেচন আর্মীয়ে৷ অৱশ্যে সম্ভাব্য যিকোনো পৰিস্থিতিত চীনক প্রত্যুত্তৰ দিবলৈ সাজু হৈছে ভাৰতীয় সেনাবাহিনীয়েও৷ ১,৩৪৬ কিলোমিটাৰ দৈর্ঘ্যৰ অৰুণাচল প্রদেশ সংলগ্ণ এল এ চিত উচ্চ প্রযুক্তিৰ পর্যবেক্ষণ, পৰিকাঠামো, অত্যাধুনিক অস্ত্র–শস্ত্র আৰু পূর্বতকৈও অধিক সেনা জোৱান মোতায়েন কৰা হৈছে৷ কিন্তু ইয়াৰ মাজতে বেইজিং প্রশাসনে এল চি এৰ সমীৱর্তী অঞ্চলত সামৰিক কৌশলগতভাৱে আন্তঃগাঁথনি নির্মাণত অগ্রাধিকাৰ দিয়া বিষয়টো চিহ্ণিত হৈছে উদ্বেগজনক ৰূপে৷ অকল সেয়াই নহয়, যোৱা ৯ অক্টোবৰত অৰুণাচল প্রদেশ বিধানসভাৰ বিশেষ অধিৱেশনত উপস্থিত থাকি উপ–ৰাষ্ট্রপতি ভেংকায়া নাইডুৱে ভাষণ প্রদান কৰাক লৈও অসন্তুষ্টি ব্যক্ত কৰিছে চুবুৰীয়া ৰাষ্ট্রখনে৷ বেইজিং প্রশাসনৰ তৰফৰ পৰা কোৱা হৈছে যে চীন চৰকাৰে কেতিয়াও অৰুণাচল প্রদেশত ভাৰতৰ অবৈধ দখলদাৰিত্বক স্বীকৃতি দিয়া নাই৷ সেয়েহে অৰুণাচল প্রদেশত ভাৰতীয় নেতাৰ উপস্থিতি দৃঢ়ভাৱে বিৰোধিতা কৰা হৈছে৷ চীনৰ এনে স্থিতিৰ পাছত কামেং নৈৰ শেহতীয়া পৰিঘটনাত চুবুৰীয়া ৰাষ্ট্রখনৰ হাত থকাৰ অভিযোগ নুই কৰিব নোৱাৰি৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল অৰুণাচল প্রদেশৰ কামেং নৈখনৰ নামেই অসমত হ’ল জীয়াভৰলী৷ এই জীয়াভৰলী নৈখন তেজপুৰত মিলিত হৈছে ব্রহ্মপুত্রৰ সৈতে৷ এনে প্রেক্ষাপটত জীয়াভৰলীৰে ব্রহ্মপুত্রলৈ প্রৱাহিত হ’ব পাৰে কামেঙৰ বিষাক্ত পানীৰ ধল৷ যদি এয়াই হয়গৈ, তেন্তে জীয়াভৰলী–ব্রহ্মপুত্ জলচৰ জীৱকুল আৰু নৈপৰীয়া ৰাইজো সংকটত পৰিব৷ সেয়েহে বিষয়টোক চৰকাৰ তথা সংশ্লিষ্ট কর্তৃপক্ষই গুৰুত্ব সহকাৰে গ্রহণ কৰা উচিত৷

You might also like